অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দীনবন্ধু পুৰস্কাৰ

দিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ নাট্য উপদেষ্টা ব’ৰ্ডে বাংলা নাট্য জগতলৈ আগ বঢে়াৱা সামগ্ৰিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে‍ নাট্য উপদেষ্টা ব’ৰ্ডে এই পুৰস্কাৰ প্ৰদান কৰে।

হালনাগাদ: ২৯ জুন ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

দিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ নাট্য উপদেষ্টা ব’ৰ্ডে বাংলা নাট্য জগতলৈ আগ বঢে়াৱা সামগ্ৰিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে‍ নাট্য উপদেষ্টা ব’ৰ্ডে এই পুৰস্কাৰ প্ৰদান কৰে। ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদানৰ দায়িত্ব পশ্চিমবঙ্গ নাট্য একাডেমীৰ ওপৰত ন্যস্ত কৰা হয়। ১৯ শতিকাৰ বিশিষ্ট নাট্যকাৰ তথা নীলদৰ্পণ নাটকৰ লেখক দীনবন্ধু মিত্ৰৰ নামেৰে এই বঁটা প্ৰদান কৰা হয়।

দীনবন্ধু পুৰস্কাৰ প্ৰাপকসকল

সালপ্ৰাপক
১৯৮৩মন্মথ ৰায়, পৰবৰ্তীকালে পশ্চিমবঙ্গ নাট্য একাডেমীৰ প্ৰথম সভাপতি
১৯৮৪সৰযূবালা দেবী
১৯৮৫দিগিন্দ্ৰচন্দ্ৰ বন্দ্যোপাধ্যায়
১৯৮৭তৃপ্তি মিত্ৰ
১৯৮৮বীৰু মুখোপাধ্যায় (মৰণোত্তৰ)
১৯৮৯উৎপল দত্ত (অভিনেতা)
১৯৯০দেবনাৰায়ণ গুপ্ত, পশ্চিমবঙ্গ নাট্য একাডেমীৰ দ্বিতীয় সভাপতি
১৯৯২তাপস সেন
১৯৯৩জ্ঞানেশ মুখোপাধ্যায়, পৰবৰ্তীকালে পশ্চিমবঙ্গ নাট্য একাডেমীৰ তৃতীয় সভাপতি
১৯৯৪কুমাৰ ৰায়, পশ্চিমবঙ্গ নাট্য একাডেমীৰ চতুৰ্থ সভাপতি
১৯৯৫শোভা সেন
১৯৯৬অমৰ গঙ্গোপাধ্যায় আৰু অনুপকুমাৰ দাস
১৯৯৭সজল ৰায়চৌধুৰী
১৯৯৮মোহিত চট্টোপাধ্যায়
১৯৯৯অজিতকুমাৰ ঘোষ
২০০০সত্য বন্দ্যোপাধ্যায়
২০০১সৌমিত্ৰ চেটাৰ্জী
২০০২ৰেবা ৰায়চৌধুৰী
২০০৩গণেশ মুখোপাধ্যায়
২০০৪খালেদ চৌধুৰী
২০০৫ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত
২০১৯ব্ৰাত্য বসু

তথ্য সংগ্ৰহ

  • এক নজৰে পশ্চিমবঙ্গ নাট্য আকাদেমিৰ ২০ বছৰ (১৯৮৭ – ২০০৭), সম্পাদনা শিব শৰ্মা, পশ্চিমবঙ্গ নাট্য আকাদেমি, তথ্য ও সংস্কৃতি বিভাগ, পশ্চিমবঙ্গ সৰকাৰ, কলকাতা, ২০০৮

সম্পৰ্কিত শ্ৰেণী

নাটকপুৰস্কাৰবঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনবন্ধু পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৫২১৩৬০ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।