অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দৈজিং উৎসৱ

দৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ। উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্‌যাপন কৰা হয়।

হালনাগাদ: ২৫ জুন ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ।১২৩ উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্‌যাপন কৰা হয়।২৪

শব্দৰ উৎস

“দৈজিং” শব্দটো বড়ো ভাষাৰপৰা আহিছে, য’ত দৈ মানে “পানী” আৰু জিং মানে “নদীৰপাৰ”।২ আই নদীৰ পাৰত এই উৎসৱ উদ্‌যাপন কৰা হয়, যাৰ সৈতে স্থানীয় লোকসকলে গভীৰ সাংস্কৃতিক সংযোগ ৰাখে।৫

ইতিহাস

দৈজিং উৎসৱৰ আৰম্ভণি অসম পৰ্যটন বিভাগ, অসম পৰ্যটন বিকাশ নিগম আৰু বড়োলেণ্ড টুৰিজমৰ যৌথ উদ্যোগত ২০১৬ চনত হৈছিল।১৬৭ উৎসৱৰ মূল উদ্দেশ্য আছিল নদী পৰ্যটনক উৎসাহিত কৰা আৰু বড়োলেণ্ডৰ সংস্কৃতি আৰু পৰম্পৰাক বিশ্বৰ আগত দাঙি ধৰা।১ চতুৰ্থ তথা শেষবাৰ এই উৎসৱ ২০১৯–২০ চনৰ শীত কালত অনুষ্ঠিত হৈছিল।

উৎসৱ

এই উৎসৱ হাগ্ৰামা দলঙৰ ওচৰত অনুষ্ঠিত হয়, যিখন অসমৰ আটাইতকৈ দীঘল গ্ৰাম্য নদী দলং।১ ইয়াত জনজাতীয় বাণিজ্য, খাদ্য-সংস্কৃতি, ক্ৰীড়া, অভিযানমূলক কাৰ্যকলাপ, নদী ৰাফটিং, হেলিকপ্টাৰ ভ্ৰমণ আৰু সাংস্কৃতিক অনুষ্ঠানাদি অনুষ্ঠিত হয়।৮ বলিউডৰ বহুজন খ্যাতনামা শিল্পীয়ে ইয়াত পৰিৱেশন কৰিছে।১ এই উৎসৱে স্থানীয় লোকসকলৰ জীৱন-যাত্ৰা উন্নত কৰা, নতুন কৰ্মসংস্থান সৃষ্টি কৰা আৰু অৰ্থনৈতিকভাৱে অঞ্চলটো বিকাশ কৰাৰ উদ্দেশ্যও বহন কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Hassan, Ali Fauz. Assam's Dwijing fest to begin next week. The Telegraph
  2. ↑ Staging 'DWI' during DWIJING Festival. Wildlife Trust of India
  3. ↑ Aie River (Dwijing Festival) · Chirang District · Government Of Assam, India. চিৰাং জিলাৰ চৰকাৰী ৱেবছাইট
  4. ↑ River tourism project 'Dwijing Festival' to begin on Dec 27. Business Standard
  5. ↑ River tourism project 'Dwijing Festival' to begin on Dec 27. Business Standard
  6. ↑ (2018-12-27). Dwijing Festival begins at Aie River in Chirang. Assam Times
  7. ↑ NEWS, NE NOW. (2019-12-27). Dwijing Festival begins in Assam. NORTHEAST NOW
  8. ↑ (2020-08-18). Dwijing festival wins 5 awards at WOW Awards Asia 2020. The Times of India
  9. ↑ (2018-12-30). Dwijing festival will help economy: Assam chief minister Sarbananda Sonowal. The Times of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহঅসমৰ পৰ্যটনস্থলীচিৰাং জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈজিং উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬১৪৫০৫ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।