হীৰ ৰাঞ্জা (ইংৰাজী: Heer Ranjha) হৰমেশ মালহোত্ৰাৰ পৰিচালনা আৰু প্ৰযোজনাত ১৯৯২ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। অনিল কাপুৰ, শ্ৰীদেৱী, শাম্মী কাপুৰ আৰু অনুপম খেৰ আদি অভিনেতাই ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।১২৩ ১৭৬৬ চনত পাঞ্জাবী কবি ৱাৰিছ শ্বাহে ৰচনা কৰা মহাকাব্যিক কবিতা হীৰ ৰাঞ্জাত বৰ্ণনা কৰা কৰুণ ৰোমাঞ্চকৰ প্ৰেম কাহিনীৰ কিংবদন্তিৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।
অভিনয়
ছবিখনত দিডো চৌধুৰী / ৰাঞ্জাৰ চৰিত্ৰত অনিল কাপুৰ, হীৰ চৌধাৰীৰ চৰিত্ৰত শ্ৰীদেৱী, চৌচক চৌধাৰীৰ চৰিত্ৰত শাম্মী কাপুৰ, কায়েদো চৌধুৰীৰ চৰিত্ৰত অনুপম খেৰ, চুলতান চৌধাৰীৰ চৰিত্ৰত পংকজ ধীৰ, ফকিৰ বাবাৰ চৰিত্ৰত টিনু আনন্দ, শ্ৰীমতী চৌধাৰীৰ চৰিত্ৰত সুষমা শেঠ, কাজীৰ চৰিত্ৰত গুফী পেইণ্টাল, জাইদাৰ চৰিত্ৰত মংগল ধিলন, শেঠেৰ চৰিত্ৰত প্ৰীতি সপ্ৰু, লুডানৰ চৰিত্ৰত ৰাকেশ বেদী, ঋষিৰ চৰিত্ৰত সত্যেন কাপ্পু আৰু মৌজু চৌধাৰীৰ চৰিত্ৰত গোগা কাপুৰে অভিনয় কৰিছে৷
সংগীত
লক্ষ্মীকান্ত-প্যাৰেলালৰ সংগীত ৰচনাৰে ছবিখনৰ সকলো গীতৰ কথা লিখিছিল কৰিছিল আনন্দ বক্সীয়ে।
তথ্যসূত্ৰ
- ↑ Mudgal, Shubha. (6 April 2013). More power to Heer. mint
- ↑ Sarkar, Suparno. (28 February 2018). Sridevi funeral: Shocking similarities emerge between Hawa Hawai actress and murdered Priya Rajvansh. ibtimes.co.in
- ↑ Balakrishnan, S. (4 November 2013). 'Lambi Judai'.. for music lovers as Reshma departs. DNA India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰ ৰাঞ্জা (১৯৯২ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩৮৪২৭ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।