অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উত্তৰ ফাল্গুনী

উত্তৰ ফাল্গুনী ( Uttar Falguni ) ১৯৬৩ চনৰ অসিত সেনৰ পৰিচালনা আৰু উত্তম কুমাৰৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, য'ত সুচিত্ৰ সেনে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। অন্য মুখ্য চৰিত্ৰত আছে বিকাশ ৰায় আৰু দিলীপ মুখাৰ্জী।

হালনাগাদ: ১৯ আগষ্ট ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

উত্তৰ ফাল্গুনী ( Uttar Falguni ) ১৯৬৩ চনৰ অসিত সেনৰ পৰিচালনা আৰু উত্তম কুমাৰৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, য'ত সুচিত্ৰ সেনে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। অন্য মুখ্য চৰিত্ৰত আছে বিকাশ ৰায় আৰু দিলীপ মুখাৰ্জী। ছবিখনে বাংলা ভাষাৰ শ্ৰেষ্ঠ পূ্ৰ্ণদৈৰ্ঘ্য ছবিৰ একাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১ ছবিখনৰ সংগীত ৰবিন চেটাৰ্জীৰ। ছবিখন পৰিচালক অসিত সেনে নিজেই হিন্দী ভাষাত পুনৰ “মমতা” (১৯৬৬) নামেৰে পুনৰ নিৰ্মাণ কৰে; য’ত সুচিত্ৰা সেনে মুখ্য চৰিত্ৰত অভিনয় কৰে।২ ছবিখন তামিল ভাষাত “কভিয়া থালাইভি” (১৯৭০),৩ আৰু মালয়ালম ভাষাত “পুষ্পাঞ্জলি” (১৯৭২) হিচাপেও পুনৰ নিৰ্মাণ কৰা হয়।৪

বঁটা

  • ১৯৬৪: ১১তম বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৬৪: BFJA বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- সুচিত্ৰা সেন

তথ্যসূত্ৰ

  1. ↑ State Awards for Films. International Film Festival of India
  2. ↑ (24 August 2009). Forgotten heroes of Bengali screen. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Vamanan. (23 April 2018). Tamil cinema's Bong connection. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Ganguly, Ruman. (27 November 2019). Remakes of Bengali films: What's new in this trend?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ ফাল্গুনী” প্ৰবন্ধৰ সংশোধন ৫৩৩৮২২ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।