সংবহন কলা হৈছে উচ্চখাপৰ উদ্ভিদত পোৱা কেইবাপ্ৰকাৰৰ কোষেৰে গঠিত এক জটিল কলা। সংবহন কলাৰ প্ৰাথমিক উপাদান দুটা হৈছে জাইলেম আৰু ফ্ল'ৱেম। এই কলাসমূহে উদ্ভিদৰ অন্তৰ্ভাগত পানী, লৱন আৰু পুষ্টিৰ পৰিবহন কৰে। ইয়াৰ উপৰিও ভাছকুলাৰ কেমবিয়াম আৰু কৰ্ক কেমবিয়াম নামৰ দুবিধ ভাজক কলা সংবহন কলাৰ সৈতে সংলগ্ন হৈ থাকে। কোনো এজোপা নিৰ্দিষ্ট উদ্ভিদৰ সমষ্ট সংবহন কলা লগ লাগি সংবহন কলাতন্ত্ৰৰ গঠন কৰে।
সংবহন কলা গঠন কৰা কোষসমূহ দীঘল আৰু নলীকাসদৃশ হয়। ফ্ল'ৱেমৰ কোষবোৰ এটা আনটোৰ লগত দীঘলে দীঘলে লগ লাগি নলীকাৰ সৃষ্টি কৰে। উদ্ভিদৰ ভাজনশীল অগ্ৰাংশত নতুনকৈ সৃষ্টি হোৱা কিছুমান কোষ সংবহন কলালৈ ৰূপান্তৰ ঘটে আৰু পুৰণা সংবহন কলাৰ লগত সংলগ্নহৈ সংবহন কলাতন্ত্ৰৰ ধাৰাবাহিকতা ৰক্ষা কৰে। উদ্ভিদৰ সংবহন কলাবোৰ দীঘলীয়া আৰু শাৰীবদ্ধভাৱে সজ্জিতহৈ সংবহন গুচ্ছৰ গঠন কৰে। এই গুচ্ছবোৰত জাইলেম আৰু ফ্ল'ৱেমৰ লগতে সহায়কাৰী আৰু সুৰক্ষাপ্ৰদানকাৰী কোষো থাকে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংবহন কলা” প্ৰবন্ধৰ সংশোধন ৩০৪৪৬৩ (২১ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।