অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

স্বাধীন যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত প্ৰশান্ত চন্দ্ৰ মাহালান'বিছে আগবঢ়া উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে, ভাৰত চৰকাৰে তেওঁৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি প্ৰতি বছৰে ২৯ জুনক ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

হালনাগাদ: ১৮ অক্টোবৰ ২০২০ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

স্বাধীন যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত প্ৰশান্ত চন্দ্ৰ মাহালান'বিছে আগবঢ়া উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে, ভাৰত চৰকাৰে তেওঁৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি প্ৰতি বছৰে ২৯ জুনক ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছিল। এই প্ৰভাৱৰ অধিসূচনা ২০০৭ চনৰ ০৫ জুন তাৰিখে ভাৰতৰ জেটেটত প্ৰকাশ কৰা হৈছিল। ৰাষ্ট্ৰীয় পৰিসংখ্যাত চৰকাৰী পৰিসংখ্যাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ বাবে চেমিনাৰ, আলোচনা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই দিনটো পালন কৰা হয়।১

২০২০ চনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ থীম হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্য - ৩ (সকলো বয়সৰ লোকৰ স্বাস্থ্যকৰ জীৱন নিশ্চিত কৰা আৰু সকলো বয়সৰে কল্যাণ নিশ্চিত কৰা) আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য - ৫ (লিঙ্গ সমতা প্ৰাপ্ত কৰা আৰু সকলো মহিলা আৰু ছোৱালীক শক্তিশালী কৰা)২ প্ৰথম ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস ২৯ জুন ২০০৭ তাৰিখে পালন কৰা হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Statistics day. Ministry of Statistics & Programme Implementation
  2. ↑ National Statistics Day 2020: Date, Theme and Significance. news18
  3. ↑ Sumit Arora. (June 29, 2020). National Statistics day celebrated on 29th June

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস” প্ৰবন্ধৰ সংশোধন ২৪৯৭৬৮ (১৮ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।