অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মাটিৰ স্বৰ্গ

মাটিৰ স্বৰ্গ ( Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মাটিৰ স্বৰ্গ ( Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমৰ চলচ্চিত্ৰ। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।১ ছবিখনত এখন অভাৱ-অনাতনে জুৰুলা কৰা গৃহস্থী আৰু আন এখন বিলাস-বৈভৱেৰে উপচি থকা গৃহস্থীৰ চিত্ৰায়ন কৰা হৈছে। কিন্তু, উক্ত দুয়োখন গৃহস্থীয়ে যেতিয়া দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কিদৰে ইয়াৰ প্ৰতিকাৰ উলিয়ায়, ইয়াত তাকেই দেখুওৱা হৈছে।২

শিল্পী আৰু কলা-কুশলী

(তথ্যছকত নথকা)

  • শব্দগ্ৰহণ- জে ডি ইৰাণী, শিশিৰ চেতাৰ্জী
  • কলা নিৰ্দেশন- নৰেশ ঘোষ
  • অভিনয়- প্ৰসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৱাজ্জিন আলী, সৰ্বেশ্বৰ দত্ত, বিমল নাথ, ইভা আচাও, বৰুণা চৌধুৰী, অৰ্চনা দাস, পদ্মা চৌধুৰী আদি।১

গীত

মাটিৰ স্বৰ্গৰ সংগীত জীতেন দেৱ আৰু বীৰেন্দ্ৰ দেৱৰ। মুঠ গীত ছটা।৩

তথ্যসূত্ৰ

  1. ↑ Arunlochan Das. (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, গুৱাহাটী. পৃ. 120
  2. ↑ এফালে অভাৱ; আনফালে বিলাসঃ দুয়ো দিশকে কেন্দ্ৰ কৰি নিৰ্মিত ছবি “মাটিৰ স্বৰ্গ”
  3. ↑ Babul Das. (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, ডিব্ৰুগড়. পৃ. 87

সম্পৰ্কিত শ্ৰেণী

১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰপোখালি (অসমীয়া চলচ্চিত্ৰ)১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাটিৰ স্বৰ্গ” প্ৰবন্ধৰ সংশোধন ৩৮০০২০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।