অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উপলব্ধি

উপলব্ধি অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাটক।

হালনাগাদ: ২ জুন ২০২০ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

উপলব্ধি অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাটক।

অভিনয় শিল্পীসকল

তপন দাস, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সঞ্জীৱ শৰ্মা, নিৰ্মল দত্ত, শ্ৰীমন্ত মাধৱ দত্ত,ৰাণী বেগম, মিতুল বালাজী, পঞ্চী বৰা আদি।

মূল কাহিনীভাগ

নায়কে বেংগলুৰুলৈ পঢ়িবলৈ গৈ বাহিৰৰ ৰং-চঙীয়া পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দিয়াৰ পাছত কেনেকৈ নিজৰ জীৱনলৈ অমানিশা মাতি আনিছিল তাৰেই কাহিনীৰে আগবাঢ়িছে ‘উপলব্ধি। ’ নায়কে বেংগালুৰুত সঙ্গদোষত পৰি বহুতো বেয়া অভ্যাস গঢ়ি লয়। যাৰ ফলশ্ৰুতিত এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় নায়ক, যাৰ বাবে ঘৰৰ পৰা বাৰে বাৰে চেষ্টা কৰাৰ পাছতো সংসাৰ পাতিবলৈ মান্তি হোৱা নাছিল। পাছত অৱশ্যে নায়কে বিয়া পাতিবলৈ বাধ্য হৈছিল। নৱবিবাহিত পত্নীয়ে নায়কৰ দুৰাৰোগ্য বেমাৰৰ কথা গম পোৱাৰ পাছত পত্নীৰ কেনে প্ৰতিক্ৰিয়া এইবোৰ লৈ নাটকখনৰ পৰৱৰ্তী কাহিনীভাগ আগবাঢ়িছে।

সম্পৰ্কিত শ্ৰেণী

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপলব্ধি” প্ৰবন্ধৰ সংশোধন ২৩৪৩১৪ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।