অনাপোট্টান (ইংৰাজী ভাষা: Onapottan; যাক অনেশ্বৰন বুলিও জনা যায়) হৈছে কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত ওনাম উৎসৱৰ সময়ত দেখা পোৱা এটা পৰম্পৰাগত লোক-চৰিত্ৰ।১ অনাম উৎসৱৰ উত্ৰাডম আৰু থিৰুভনম দিনকেইটাত অনাপোট্টানে মানুহৰ ঘৰে ঘৰে গৈ দেখা দিয়ে।২
অনাপোট্টানৰ চৰিত্ৰটো এজন স্থানীয় শিল্পীয়ে ৰূপায়ণ কৰে। এই চৰিত্ৰটোক অনাপোট্টান নাম দিয়াৰ কাৰণ হ’ল তেওঁ কাৰো সৈতে কথা নাপাতে (মালয়ালম ভাষাত পোট্টান শব্দৰ অৰ্থ হৈছে বধিৰ বা বোবা)। হাতত থকা পৰম্পৰাগত ঘণ্টা বজাই তেওঁ নিজৰ আগমনৰ জাননী দিয়ে। তেওঁ এক গধুৰ মুকুট, তালপাতৰ ছাতি, খাৰু আৰু মুখত ৰং সানি এক জটিল তথা আকৰ্ষণীয় সাজ-পোছাক পৰিধান কৰে।২ বিশ্বাস কৰা হয় যে তেওঁ ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়াৰ জৰিয়তে পৰিয়ালটোলৈ সমৃদ্ধি কঢ়িয়াই আনে। বৰ্তমান সময়ত চহৰ অঞ্চলত অনাপোট্টান সচৰাচৰ দেখা পোৱা নাযায় আৰু ই কেৱল গাঁও অঞ্চলতহে জনপ্ৰিয়।১ কেৰালাৰ কিছুমান অংশত অনাপোট্টানৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ অধিকাৰ কেৱল মালয়ালম সম্প্ৰদায়ৰ সদস্যসকলৰ মাজতে সীমাবদ্ধ।৩
তথ্যসূত্ৰ
- ↑ Onapottan, Kummattikali..Names that you hear during Onam. Mathrubhumi
- ↑ ഓണവരവറിയിച്ച് ഓണപ്പൊട്ടന് ഒരുക്കം തുടങ്ങി. www.mathrubhumi.com
- ↑ E, Shinod. (7 September 2011). ചിരിയും കളിയുമായി ഓണപ്പൊട്ടന്. malayalam.oneindia.com. Mathrubhumi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাপোট্টান” প্ৰবন্ধৰ সংশোধন ৬২৫২৩৪ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।