অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মায়া (শ্ৰব্য এলবাম)

মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।

হালনাগাদ: ১১ মে’ ২০২৬ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম।১ এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।২ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।৩ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এইটো দ্বিতীয় শ্ৰব্য এলবাম।৪

গীতৰ তালিকা

এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল৩-

শ্ৰোতাৰ সঁহাৰি

১৯৯২ চনত অনামিকা (শ্ৰব্য এলবাম)ৰে আত্মপ্ৰকাশ কৰা জুবিনৰ মায়া দ্বিতীয় এলবাম। অনামিকাৰ দৰে মায়ায়ো শ্ৰোতাৰ ভাল সঁহাৰি লাভ কৰে আৰু ই জুবিন গাৰ্গক জনপ্ৰিয়তাৰ শিখৰলৈ আৰু এখোজ লৈ যায়। মায়াৰ আকৰ্ষণীয় সংগীত আৰু নতুন ধৰণৰ সুৰে সৰ্বসাধাৰণ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Maya. Future Sounds
  2. ↑ Zubeen Garg. Net Library
  3. ↑ Maya. Music India Online
  4. ↑ Zubeen Garg. Online Sivasagar

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শ্ৰব্য এলবামজুবিন গাৰ্গৰ এলবাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়া (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৬০৫৭৯৪ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।