অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হিড়া নাম

হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ। সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে: দিহা নাম, প্ৰসঙ্গীয়া নাম, পাল নাম, আৰু হিড়া নাম মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৩ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ।১২ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে:৩

  • দিহানাম,
  • প্ৰসঙ্গীয়া নাম,
  • পাল নাম, আৰু
  • হিড়া নাম

মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়। সেইকেইটা হৈছে:৩

  • উৎসৱৰ নাম,
  • উপাঙ্গ নাম,
  • নিবিড় নাম,
  • বিড় নাম, আৰু
  • মানস নাম।

হিড়া নাম অতি প্ৰয়োজন সাপেক্ষে আলোচনামৰ্মে নাম প্ৰসঙ্গৰ শেষত নামতিসকল, ঠিয় হৈ পৰিৱেশন কৰে।৩ এই হিড়া নাম লেছাৰি সুৰত গোৱা হয়।৩ হিড়া নামত সাধাৰণতে গায়ন-বায়নসকলে মূলতঃ শ্ৰীকৃষ্ণৰ নাম, গুণানুকীৰ্ত্তন কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ (2010). Music of Assam: O Mor Aponar Desh, Tokari Geet, Dihanaam, Hiranaam, Borgeet. General Books LLC. ISBN 9781158616626
  2. ↑ Ghosh, Joydeep. (2019). General Knowledge of Northeast India. Educreation Publishing. পৃ. 17
  3. ↑ গোস্বামী, ড° গিৰিকান্ত. (২১ নবেম্বৰ ২০২০). সত্ৰীয়া নাম-প্ৰসঙ্গ. সাহিত্য ডট অৰ্গ. Xahitya.org

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিড়া নাম” প্ৰবন্ধৰ সংশোধন ৩৮৮১১৭ (১৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।