কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হৃদয়ম
হৃদয়ম হৈছে বিনীত শ্ৰীনিবাসনৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২২ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। মেৰীলেণ্ড চিনেমাছৰ জৰিয়তে বিশাখ সুব্ৰমণিয়ামে ছবিখনৰ প্ৰযোজনা কৰে আৰু বিগ বেং এণ্টাৰটেইনমেণ্টছৰ জৰিয়তে নোবেল বাবু থমাছে ছবিখনৰ সহ-প্ৰযোজনা কৰে।
-
হেমা চৌধুৰী
হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে।
-
হোমবাউণ্ড (চলচ্চিত্ৰ)
হোমবাউণ্ড (Homebound) হৈছে ২০২৫ চনৰ ভাৰতীয় হিন্দী ভাষাত নিৰ্মিত এখন ড্ৰামাভিত্তিক ছবি৷ ছবিখনৰ কাহিনীভাগ ২০২০ চন বছৰত পীৰ লিখিত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা প্ৰবন্ধৰ ওপৰত আধাৰিত। ২০২৫ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ আন চাৰ্টেইন ৰিগাৰ্ড অংশত ২১ মে'ত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল।
-
হোৱাই দিছ কোলাৱেৰী ডি
হোৱাই দিছ কোলাৱেৰী ডি (; Why This Murderous Rage, Girl?) হৈছে ১৮ জানুৱাৰী ২০১২ তাৰিখে মুক্তি পাব লগা তামিল ভাষাৰ চলচ্চিত্ৰ থ্ৰী-ৰ এটি গীত। অনিৰুদ্ধ ৰবিচন্দেৰই সংগীত পৰিচালনা কৰা গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।
-
২০২৫ প্ৰয়াগ কুম্ভ মেলা
২০২৫ প্ৰয়াগ কুম্ভ মেলা হʼল ভাৰতৰ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজ চহৰৰ ত্ৰিবেণী সংগমত, ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হʼবলগীয়া মহা কুম্ভ মেলাৰ চলিত বৰ্ষৰ সংস্কৰণ, যি ২০২৫ মহা কুম্ভ নামেৰেও জনাজাত। কুম্ভ মেলাৰ এই 'মহা' সংস্কৰণটি প্ৰতি ১৪৪ বছৰত এবাৰকৈ অনুষ্ঠিত হয় আৰু ই ৪৪ দিনলৈ চলিব।
-
ৰং (১৯৯৩ চলচ্চিত্ৰ)
ৰং (Rang) হৈছে তলত জানী পৰিচালিত ১৯৯৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন প্ৰেমকাহিনীৰ চলচ্চিত্ৰ৷ চলচ্চিত্ৰখন মনচুৰ আহমেদ সিদ্দীকীয়ে এএনএএছ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছিল৷ চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল- দিব্যা ভাৰতী, কমল সদানা আৰু আয়েশা জুল্কা; লগতে সহকাৰী অভিনয়ত আছিল- জিতেন্দ্ৰ,…
-
ৰংগোলী (দূৰদৰ্শনৰ অনুষ্ঠান)
ৰংগোলী হৈছে এটা ভাৰতীয় সংগীত-ভিত্তিক টেলিভিছন অনুষ্ঠান, যি প্ৰতিসপ্তাহৰ দেওবাৰে পুৱা দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেল ডিডি নেচনেলত প্ৰচাৰিত হয়। "ৰংগোলী" শব্দটোৱে আক্ষৰিকভাৱে ৰঙেৰে সাজ-সজ্জা কৰা। এই অনুষ্ঠানটো প্ৰযোজনা কৰে দূৰদৰ্শনে।
-
ৰঘুপতি ৰাঘৱ ৰাজা ৰাম
ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বা ৰাম ধুন হৈছে এক উল্লেখযোগ্য ভজন আৰু হিন্দু ভক্তিমূলক গান। ইয়াক মহাত্মা গান্ধীয়ে দ্বাৰা বহুলভাৱে জনপ্ৰিয় কৰিছিল। এই ভজন মহাত্মা গান্ধী অন্যতম প্ৰিয় ভজন আছিল। এই ভজনৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণটো হিন্দুস্থানী শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত বিষ্ণু দিগম্বৰ পুলস্কৰে সুৰ দিছিল।
-
ৰঙাটাপু ১৯৮৩
ৰঙাটাপু ১৯৮৩ (Laletapu 1983) হৈছে বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ৰ প্ৰযোজনা তথা আদিত্যম শইকীয়াৰ পৰিচালনাত নিৰ্মিত এখন অসমীয়া বোলছবি।
-
ৰত্ন শিল্পৰীতি
ৰত্ন শৈলী বা ৰত্ন শিল্পৰীতি বংগৰ মন্দিৰ স্থাপত্যৰ এটা শৈলী, যি ১৫ শতিকাৰপৰা ১৬ শতিকালৈকে বংগত মল্লভুম ৰাজ্যৰ অধীনত (মল্ল বংশ বুলিও কোৱা হয়) উৎপত্তি হৈছিল। ইয়াক হিন্দু মন্দিৰ স্থাপত্যত আঞ্চলিক শৈলী হিচাপে উৎপত্তি হোৱা বুলি কয়। ই চালা মন্দিৰৰ এক বিস্তৃত শৈলী।
-
ৰত্যৌলী
ৰত্যৌলী (रत्यौली) হৈছে এটা পৰম্পৰাগত নেপালী অনুষ্ঠান, যিটো বিবাহৰ সন্ধিয়াত কইনা নাইবা দৰাৰ ঘৰত মহিলাসকলে অনুষ্ঠিত কৰে। এই অনুষ্ঠানত কেৱল মহিলা আত্মীয়-স্বজন আৰু অতিথিসকল অংশ লয় আৰু পুৰুষসকলৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ।
-
ৰবীন্দ্ৰ জয়ন্তী
ৰবীন্দ্ৰ জয়ন্তী বা পঁচিছ ব’হাগ (Rabindra Jayanti) বঙালী জাতিৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক উৎসৱ। বাংলা পঞ্জিকা অনুসৰি প্ৰতি বছৰে ব’হাগ মাহৰ পঁচিছ তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন উপলক্ষে এই উৎসৱ পালন কৰা হয়।
-
ৰাং কুকুৰ (নাটক)
ৰাং কুকুৰ অভিজিত ভট্টাচাৰ্য ৰচিত ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
-
ৰাগ আশাৱৰী
আশাৱৰী মহাভাৰতৰ স্ত্ৰী পৰ্বৰ এটা সৰু চৰিত্ৰ, কৰ্ণৰ প্ৰেম জীৱনৰ লগত জড়িত কিন্তু তাইৰ পিতাৰ অহংকাৰৰ বাবে বিবাহ নহ'ল। তাই আশাৱৰী ঠাট ৰাজ্যৰ অন্তৰ্গত। ভাটখাণ্ডেৰ পূৰ্ব সময়ত আশাৱৰীত শুদ্ধ ঋষভৰ পৰিবৰ্তে কোমল ঋষভ ব্যৱহাৰ হৈছিল।
-
ৰাগ শিৱৰঞ্জনী
শিৱৰঞ্জনী বা শিৱৰঞ্জনী হৈছে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতত ব্যৱহৃত এক সাঙ্গীতিক স্কেল। ইয়াৰ দুটা স্কেল আছে, এটা হিন্দুস্থানী সঙ্গীতত আৰু আনটো কৰ্ণাটক সঙ্গীতত।
-
ৰাগ হিন্দোল
হিন্দোল হৈছে কল্যাণ ঠাটৰ পৰা উৎপন্ন এটা হিন্দুস্তানী শাস্ত্ৰীয় ৰাগ। ভাৰতীয় শাস্ত্ৰীয় গায়ক পণ্ডিত যশৰাজৰ মতে, হিন্দোল হৈছে বসন্ত ঋতুৰ লগত জড়িত এটা প্ৰাচীন ৰাগ আৰু ইয়াক দিনৰ প্ৰথম ভাগত গোৱা হয়।
-
ৰাজবংশী বিয়াগীত
কোচ বংশৰপৰা প্ৰৱাহিত আৰু ৰজাৰ বংশধৰ বুলি পৰিচয় প্ৰদান কৰা ৰাজবংশীসকলৰ উৎসব-পাৰ্বন, নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ আদি বিভিন্ন দিশতে তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য আছে। সেয়া খাদ্যৰ ক্ষেত্ৰতেই হওক, সাজপাৰৰ ক্ষেত্ৰতেই হওক বা উৎসৱ-অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক।
-
ৰাম-নৱমী নাটক
ৰাম-নৱমী নাট গুণাভিৰাম বৰুৱা দেৱ ৰচিত প্ৰথম আধুনিক অসমীয়া নাটক।। এই নাটকখনক এখন গহীন সামাজিক নাটক হিচাপেও আখ্যা দিয়া হয়। এই নাটক খনৰ স্বৰূপ আছিল সংস্কৃত নাটক আৰু অঙ্কীয়া নাট। সমসাময়িক কালৰ সৰ্বভাৰতীয় নৱজাগৰণৰ লগত জড়িত মানৱতাবাদী আৰু সংস্কাৰমুখী আন্দোলনেই হৈছে এই নাটখনৰ মূল সমল।
-
ৰাষ্ট্ৰসংঘ দিৱস
ৰাষ্ট্ৰসংঘ দিৱস (United Nations Day) ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২৪ অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।
-
ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়
ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয় বা গান্ধী স্মাৰক সংগ্ৰহালয় ( National Gandhi Museum) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এটা সংগ্ৰহালয়, যিয়ে মহাত্মা গান্ধীৰ জীৱন আৰু সিদ্ধান্তক প্ৰদৰ্শন কৰে। ১৯৪৮ চনত গান্ধীৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে মুম্বাইত মুকলি কৰা হয়।
-
ৰাষ্ট্ৰীয় ধান দিৱস
ৰাষ্ট্ৰীয় ধান দিৱস (राष्ट्रीय धानरोपाई दिवस) হʼল নেপালৰ এটি বাৰ্ষিক উৎসৱ। ই নেপালত ধান ৰোপণৰ বতৰৰ সূচনা কৰে। প্ৰতি বছৰে আহাৰ মাহৰ ১৫ তাৰিখে (২৯ জুন) এই উৎসৱ পালন কৰা হয়। এই উৎসৱটোক ৰোপাইঁ দিৱস, ধান দিৱস, আৰু আষাঢ় পন্দ্ৰ নামেৰেও জনা যায়।
-
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস বা ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস (National Technology Day) ভাৰতত প্ৰতি বছৰে ১১ মে' তাৰিখে পালন কৰা হয়। ১৯৯৮ চনৰ পোখৰাণ পাৰমাণৱিক পৰীক্ষা বা অপাৰেচন শক্তিৰ বৰ্ষপূৰ্তি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।
-
ৰুদালি (চলচ্চিত্ৰ)
ৰুদালি (Rudaali) কল্পনা লাজমী পৰিচালিত ১৯৯৩ চনত মুক্তি পোৱা হিন্দী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বাংলা লেখিকা মহাশ্বেতা দেৱীৰ ১৯৭৯ চনত ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত কল্পনা লাজমী আৰু গুলজাৰে ৰুদালিৰ কাহিনী লিখিছে।
-
ৰুদালী
ৰুদালী হৈছে এক ধৰণৰ পেছাদাৰী শোক প্ৰকাশৰ প্ৰথা বা পৰম্পৰা। ৰাজস্থানৰ গ্ৰাম্য অঞ্চলত প্ৰচলিত এই প্ৰথামতে নিম্নবিত্ত মহিলাসকলক এই কাৰ্যত নিয়োগ কৰা হয়। এনেদৰে নিয়োগ কৰা মহিলাসকলকো ৰুদালী বোলা হয়।
-
ৰেথ অফ দ্য টাইটানছ
ৰেথ অফ দ্য টাইটানছ ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেণ্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ ক্লেশ্ব অফ দ্য টাইটানছৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰিছে।
-
ৰোজা (চলচ্চিত্ৰ)
ৰোজা (Roja) হৈছে মণি ৰত্নমৰ দ্বাৰা পৰিচালিত আৰু সহ-লিখিত ১৯৯২ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত অৰবিন্দ স্বামী আৰু মধু (মধুবালা নামৰে খ্যাত)য়ে অভিনয় কৰিছে। ছবিখন কে. বালাচান্দেৰে তেওঁৰ কবিতালয় প্ৰডাকচনৰ অধীনত প্ৰযোজনা কৰিছিল আৰু জি. ভেংকটেশ্বৰনে বিতৰণ কৰিছিল।
-
ৱাংগালা
ৱাংগালা (Wangala) হৈছে একধৰণৰ কৃষিভিত্তিক উৎসৱ। কৃষিভিত্তিক অনুষ্ঠান হ’লেও কৃষিৰ লগত ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। এই উৎসৱ মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে পালন কৰে। ইয়াৰ লগতে বাংলাদেশৰ মৈমনচিঙসকলেও এই উৎসৱ পালন কৰে।
-
অ'কাজাকি দুৰ্গ
অ'কাজাকি দুৰ্গ জাপানৰ আইচি অঞ্চলৰ অ'কাজাকি চহৰত অৱস্থিত এক জাপানী দুৰ্গ। এডো যুগৰ শেষত, ই অ'কাজাকি অঞ্চলৰ হোণ্ডা ক্লান পৰিয়ালৰ বাসস্থান আছিল, সেয়ে দুৰ্গটো তকুগাউৱা ইয়েৱাছু আৰু তকুগাউৱা ক্লানৰ পৰিয়ালৰ সংশ্লিষ্টতাৰ বাবে বেছি পৰিচিত। দুৰ্গটোক টাৎছোজো "Tatsu-jō " নামেৰেও জনা যায়।
-
অ'চেন অফ টিয়েৰৰ্চ
অ'চেন অফ টিয়েৰৰ্চ (Ocean of Tears) হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত।
-
অগ্নিশিখা উৎসৱ
অগ্নিশিখা উৎসৱ বা জুই উৎসৱ (Torch Festival) , শিংহুই উৎসৱ নামেৰেও পৰিচিত। ই দক্ষিণ-পশ্চিম চীনৰ ই লোকসকলৰ অন্যতম প্ৰধান উৎসৱ। অঞ্চলটোৰ আন কেইবাটাও জনগোষ্ঠীয়েও, যেনে বাই লোকসকল, হানি লোকসকল, লাহু, নাছি আৰু পুমি লোকসকল, এই উৎসৱ পালন কৰে।