কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অগ্ৰি
অগ্ৰি হাংগেন বা অগ্ৰি হাংকেন হৈছে মেইতেই বা মণিপুৰী সাংস্কৃতিক সংগীত অনুষ্ঠান, য'ত সূৰ্য্যৰ বিভিন্ন উপাধি আৰু পৃথিৱী সৃষ্টিৰ পৌৰাণিক কাহিনী বৰ্ণনা কৰা হয়। এয়া সাধাৰণতে লাই হাৰাওবা উৎসৱৰ শেষত গোৱা হয় আৰু ইয়াৰ বিষয়বস্তু পৃথিৱী সৃষ্টিৰ মিথৰ সৈতে গভীৰভাৱে জড়িত।
-
অঙ্গমপোৰা
অঙ্গমপোৰা হৈছে যুদ্ধ কৌশল, আত্মৰক্ষা, ক্ৰীড়া, ব্যায়াম আৰু ধ্যান মিশ্ৰিত এক সিংহলী সমৰ কলা। অঙ্গমপোৰাৰ মূল উপাদান হৈছে অংগম, য'ত হাতে হাতে যুঁজ দিয়া হয় আৰু ইলাংগম, য'ত উৰুমি নামৰ এবিধ চাবুক, লাঠি, কটাৰী আৰু তৰোৱালৰ দৰে থলুৱা অস্ত্ৰ ব্যৱহাৰ কৰা হয়।
-
অট'গ্ৰাফ (চলচ্চিত্ৰ)
অট’গ্ৰাফ (Autograph) হৈছে ২০১০ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। এইখন পৰিচালনা কৰিছিল নৱাগত সৃজিত মুখাৰ্জীয়ে।
-
অতিথি (১৯৬৫ চলচ্চিত্ৰ)
অতিথি (Atithi) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত ১৯৬৫ চনত নিৰ্মিত আৰু তপন সিনহা পৰিচালিত এখন বঙালী নাট্যধৰ্মী ছবি। ইয়াত ঘৰুৱা জীৱনৰ পৰিসীমাত আবদ্ধ জীৱনতকৈ বিচৰণকাৰীৰ জীৱনক বেছি পছন্দ কৰা এটা কিশোৰৰ কাহিনী কোৱা হৈছে।
-
অনন্ত চতুৰ্দশী
অনন্ত চতুৰ্দশী (अनंतचतुर्दशी) হিন্দুধৰ্মাৱলম্বী লোকসকলৰদ্বাৰা উদ্যাপিত, ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এটি উৎসৱ। এই উৎসৱ হিন্দু ভাদ্ৰপদ মাহৰ শুক্লপক্ষত চতুৰ্দশী তিথিত পালন কৰা হয়। অগ্নি পুৰাণৰ মতে, অনুগামীসকলক পাপৰপৰা মুক্ত কৰিবলৈ এই উপলক্ষ্যে বিষ্ণুৰ অনন্ত (শেশ; ঐশ্বৰিক নাগ) প্ৰকাশক পূজা কৰা হয়।
-
অনাৰকলী (১৯৫৫ চনৰ চলচ্চিত্ৰ)
অনাৰকলী (Anarkali ) হ'ল বেদান্তম ৰাঘবায়্য দ্বাৰা লিখিত আৰু পৰিচালিত ১৯৫৫ চনৰ এখন ভাৰতীয় তেলেগু ভাষাৰ ঐতিহাসিক ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখনত আক্কিনেনি নাগেশ্বৰ ৰাও আৰু অঞ্জলি দেৱীয়ে অভিনয় কৰিছে।
-
অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং
অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং (Anokhi Museum of Hand Printing) হৈছে ৰাজস্থানৰ অম্বৰত অৱস্থিত হেণ্ড-ব্লক প্ৰিন্টিঙৰ কলাৰ প্ৰতি উৎসৰ্গিত এক ব্যক্তিগত সংগ্ৰহালয়। ২০০৫ চনত মুকলি কৰা এই সংগ্ৰহালয়টো অনোখীৰ প্ৰতিষ্ঠাপকসকলৰ পদক্ষেপ, যি ব্লক-প্ৰিণ্টেড কাপোৰৰ এটা ভাৰতীয় খুচুৰা ব্ৰেণ্ড।
-
অন্নপূৰ্ণাৰ মন্দিৰ
অন্নপূৰ্ণাৰ মন্দিৰ (Annapurnar Mandir ) নৰেশ মিত্ৰ পৰিচালিত এখন বঙালী সামাজিক নাট্যধৰ্মী ছবি। নিৰুপমা দেৱীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
অপ্সৰা নৃত্য
অপ্সৰা নৃত্য হৈছে সত্ৰীয়া নৃত্যৰ এটি ভাগ বা প্ৰকাৰ। ই ভাগৱতত বৰ্ণিত এটি কাহিনীৰ আধাৰত সৃষ্টি হোৱা একপ্ৰকাৰ নৃত্য। ইয়াৰ আন নাম হৈছে ইন্দ্ৰাভিষেক নৃত্য। আউনিআটী সত্ৰত ইয়াক অপ্সৰা নৃত্য আৰু দক্ষিণপাট সত্ৰত ইয়াক ইন্দ্ৰাভিষেক নৃত্য বোলা হয়।
-
অপৰণ (চলচ্চিত্ৰ)
অপৰণ (Aparan)হৈছে ১৯৮৮ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্যধৰ্মী মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। পি. পদ্মৰাজনে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনাও কৰিছিল। ছবিখন তেওঁৰ একে নামৰ চুটি গল্পৰ আধাৰত নিৰ্মিত।
-
অফচাইড (২০০৬ ইৰানীয় চলচ্চিত্ৰ)
অফচাইড ( Offside, آفساید ) ২০০৬ চনত মুক্তিপ্ৰাপ্ত, জাফৰ পানাহি পৰিচালিত এখন ইৰাণীয় চলচ্চিত্ৰ, য’ত বিশ্বকাপ ফুটবলৰ কোৱালিফাইং মেচ এখন চাবলৈ প্ৰচেষ্টা চলোৱা, অথচ মহিলা হোৱা বাবে ষ্টেডিয়ামত প্ৰবেশৰ অনুমতি নোপোৱা কেইজনীমান ছোৱালীৰ কাহিনী চিত্ৰায়িত কৰা হৈছে।
-
অভয়ম
অভয়ম (Shelter; আশ্ৰয়) হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালায়লম ভাষাৰ শিশু চলচ্চিত্ৰ। শিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ তৰুণ কুমাৰ, আৰু বেবী অম্বালীয়ে।
-
অমৃত মন্থন (১৯৩৪ চলচ্চিত্ৰ)
অমৃত মন্থন (Amrit Manthan) ১৯৩৪ চনত ভি শান্তৰামে তেওঁৰ প্ৰভাত ফিল্ম কোম্পানীৰ বাবে পৰিচালনা কৰা এখন ভাৰতীয় কষ্টিউম ড্ৰামা ছবি। ছবিখন একেলগে হিন্দী আৰু মাৰাঠী ভাষাত নিৰ্মাণ কৰা হৈছিল। ইয়াত অভিনয় কৰিছিল চন্দ্ৰ মোহন, নলিনী তৰ্খাদ, শান্তা আপ্তে, জি আৰ মানে, আৰু কেলকাৰে।
-
অশোকাষ্টমী
অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে।
-
অষ্টিম্কি (উৎসৱ)
অষ্টিম্কি নেপালৰ পশ্চিম অঞ্চলত প্ৰচলিত কৃষ্ণ জন্মাষ্টমীৰদিনা পালন কৰা থাৰু জনগোষ্ঠীৰ সাংস্কৃতিক উৎসৱ। এই উৎসৱৰ সময়ত থাৰু সম্প্ৰদায়ৰ ৰাইজে অষ্টিম্কি চিত্ৰ নামেৰে পৰিচিত এক বিশেষ শিল্পকৰ্ম আঁকে। গাঁৱৰ জ্যেষ্ঠজনৰ ঘৰৰ বহা কোঠাৰ বেৰত এই শিল্পকৰ্ম তৈয়াৰ কৰা হয়।
-
অসমীয়া লোক-সংস্কৃতিত বাঁহ
অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস বহুদিনীয়া। বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা মতে অতীত অসমৰ বাঁহ শিল্প বৰ উন্নত আছিল। গ্ৰন্থখনৰ মতে, কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে পঠাইছিল।
-
অসমীয়া লোকসাহিত্যত হাতী আৰু মাউত
লোকসাহিত্য হ’ল লোকমনৰ পৰা নিগৰা আৱেগ-অনুভূতিৰ কাব্যিক প্ৰকাশ৷ লোকসাহিত্য লোকসংস্কৃতিৰ ভিতৰুৱা৷ শ্ৰমজীৱী মানুহে জীৱন সংগ্ৰামৰ মাজতে মনৰ সুখ-দুখ-হৰ্ষ-বিষাদ প্ৰকাশ কৰাৰ লগতে জীৱনৰ সঞ্চিত অভিজ্ঞতাৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে জীৱন ধাৰণৰ পথ নিৰ্দ্দেশ কৰি গৈছে৷ এইবোৰ মানুহৰ মুখে মুখে যুগ যুগ ধৰি চলি অহা৷…
-
অসমীয়া শিশু নাট
শিশু নাট হ'ল শিশুৰ বাবে, শিশুৰ স'তে আৰু শিশুৰ দ্বাৰা এই তিনিধৰণে শিশুৰ উপযোগীকৈ ৰচনা আৰু মঞ্চত্ব কৰা নাটক। শিশুনাট সমূহত শিশু মনস্তত্ত্ব প্ৰতিফলন কৰি মুখ্যতঃ শিশু দৰ্শক পাঠকৰ বাবেই ৰচনা আৰু মঞ্চস্থ কৰা হয়।
-
অসমৰ চিত্ৰকলাৰ ইতিহাস
অসমৰ চিত্ৰকলাৰ ইতিহাস অতি প্ৰাচীন। সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল। সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল।
-
অসমৰ পুৰণি স্থাপত্য
অসমৰ পুৰণি স্থাপত্য বুলিলে পুৰণি কালত নিৰ্মাণ কৰা মঠ-মন্দিৰসমূহৰ কথা বুজোৱা হয়। মঠ -মন্দিৰসমূহৰ লগতে বিভিন্ন ৰজাঘৰীয়া প্ৰাসাদ-দূৰ্গ আদিয়েও পুৰণি অসমৰ স্থাপত্য নিদৰ্শন দাঙি ধৰে।
-
অসমৰ পৰম্পৰাগত সাজ-পাৰ
অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।
-
অসমৰ বস্ত্ৰৰ মোটিফ
অসমত যিবোৰ বস্ত্ৰ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট মোটিফ বা ফুল বছা শৈলী আছে। এই শৈলীসমূহ গামোছা, চাদৰ, মেখেলা, বুকুচোলা, ৰিহা আদিত তোলা হয়। এনে শৈলীৰ কিছুমান হৈছে সিংখাপ, বুটা, গছা, জাপি আদি। অসমৰ বিভিন্ন জনগোষ্টীৰ লোকৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকৰো মোটিফ ভিন্ন হোৱা দেখা যায়।
-
অসমৰ লোকনৃত্য
অসমৰ লোকনৃত্য (Folk dances of Assam)ৰ ভিতৰত বিহু আৰু বাগৰুম্বা (বসন্ত কালত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত দুয়োটা নৃত্য কৰা), ভোৰতাল, ওজাপালি নৃত্য। অসমত হিন্দু-মুছলমান, ভাৰত-আৰ্য্য, ৰাভা, বডো, ডিমাছা, কাৰ্বি, মিছিং, সোণোৱাল কছাৰী, মিশ্মী আৰু তিৱা (লালুং) ইত্যাদি বহুতো লোকৰ বাসস্থান।
-
অসমৰ লোকস্থপতি
অসমৰ লোকস্থপতি বা লোকস্থাপত্য বুলিলে সাধাৰণতে বাঁহ, বেত, ইকৰা, খেৰ আৰু কাঠেৰে সজা ঘৰ-দুৱাৰবোৰকে বুজায়। এইসমূহ ব্যক্তিগত আৰু ৰাজহুৱা দুয়ো প্ৰকাৰৰ হ'ব পাৰে। লোকজীৱন সাধাৰণতে কৃষিৰ সৈতে জড়িত হোৱা হেতুকে থকা ঘৰৰ উপৰি ভঁৰালঘৰ, গোহালিঘৰ, ঢেঁকীশাল আদি ভালেমান ঘৰ জনসাধাৰণে নিৰ্মাণ কৰি লয়।
-
অসমৰ সংস্কৃতিত অন্ধবিশ্বাস
"সোমে শণি, পূৱত ৰাশ"- সোমবাৰ আৰু শণিবাৰে পুৱ দিশে যাত্ৰা কৰিব নাপায়। কোনো বিশেষ উদ্দেশ্য লৈ এই দুইদিনত পূৱ দিশত যাত্ৰা কৰিলে উদ্দেশ্য সিদ্ধি নহয় আৰু বিফল মনোৰথে ঘূৰিব লগা হয়। "পিছবাৰীত তেতেলী, আগবাৰীত ঔ, সেইঘৰৰ ভেটি গ'লনে নৌ"- ঘৰৰ পিছফালৰ বাৰীত তেতেলী গছ আৰু আগফালৰ বাৰীত ঔ-টেঙাৰ গছ ৰাখিব নাপায়।
-
অস্তিত্ব
অস্তিত্ব (অস্তিত্ব অনুবাদ/অস্তিত্ব/পৰিচয়) হৈছে ২০০০ চনত মাৰাঠী আৰু হিন্দী ভাষাত একেলগে নিৰ্মিত এখন ভাৰতীয় ছবি। ছবিখনৰ ৰচনা আৰু পৰিচালনা মহেশ মঞ্জৰেকাৰৰ। ছবিখনত অদিতি পণ্ডিত নামৰ এগৰাকী সুখী বিবাহিত মহিলাৰ কাহিনী কোৱা হৈছে। তেওঁৰ স্বামী হৈছে শ্ৰীকান্ত পণ্ডিত।
-
অৰঞ্জনা
অৰঞ্জনা (Aranjanam), যাক আৰাইজান কোডি (Araijan Kodi) বা মোলাথাডু (Molathadu) বুলিও জনা যায়, হ’ল দক্ষিণ এছিয়াৰ, বিশেষকৈ দক্ষিণ ভাৰতৰ শিশু আৰু কিশোৰ-কিশোৰীসকলে ককালত পিন্ধা এডাল লাহী অলংকাৰ। অৱশ্যে বহুতো প্ৰাপ্তবয়স্ক লোকেও ইয়াৰ ব্যৱহাৰ কৰে।
-
অৱা নৃত্য
অৱা নৃত্য ( Owa Dance) ত্ৰিপুৰাৰ স্থানীয় জনগোষ্ঠী মগসকলৰ পৰম্পৰাগত “অৱা উৎসৱ’’ৰ লগত পৰিৱেশিত নৃত্য৷ অৱশ্যে এই নৃত্য বৰ্তমান সময়ত লুপ্তপ্ৰায়৷ “অৱা চো লাব্ৰে’’ নামৰ বুদ্ধদেৱৰ পূজাৰ সময়ত সম্ভৱতঃ এই নৃত্য পৰিৱেশন কৰা হৈছিল৷ এই অৱা উৎসৱ সমগ্ৰ মগ জনগোষ্ঠীৰ বাৰ্ষিক উৎসৱ৷ এই উৎসৱত লোকগীত আৰু লোকনৃত্যৰ…
-
অ’ মাই গড!
অ’ মাই গড! (ইংৰাজী: OMG – Oh My God!) হ’ল ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় হিন্দী ভাষাৰ ব্যংগাত্মক কমেডী ড্ৰামা চলচ্চিত্ৰ। উমেশ শুক্লাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এই চিনেমাখন ভায়াকম ১৮ মোচন পিকচাৰ্ছ, এছ স্পাইচ ষ্টুডিঅ’, গ্ৰেজিং গোট পিকচাৰ্ছ আৰু প্লেটাইম ক্ৰিয়েশ্যনছৰ দ্বাৰা নিৰ্মিত।
-
আ নিয়া
আ নিয়া (Áine) জহকাল, ধন আৰু সাৰ্বভৌমত্বৰ আইৰিছ দেৱী। তেওঁ গ্ৰীষ্মৰ মাজভাগ আৰু সূৰ্য্যৰ সৈতে জড়িত, আৰু কেতিয়াবা ৰঙা ঘোঁৰাৰ দ্বাৰাও ইয়াক প্ৰতিনিধিত্ব কৰা হয়। আৰু একাধিক আইৰিছ পৰিয়ালে তেওঁক পূৰ্বপুৰুষ বুলি দাবী কৰে।