ৰাষ্ট্ৰসংঘ দিৱস (United Nations Day) ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২৪ অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। ৰাষ্ট্ৰসংঘয়ই ২০ ৰ পৰা ২৬ অক্টোবৰলৈ পালন কৰা ৰাষ্ট্ৰসংঘ সপ্তাহৰ ই অভিন্ন অংগ।
১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২৪ অক্টোবৰক ৰাষ্ট্ৰসংঘ দিৱস বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল। ১৯৭১ চনত সাধাৰণ সভাত এই দিৱস ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই পালন কৰিবলৈ এটি প্ৰস্তাৱ গৃহীত হয়।
ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘ এক আন্তৰ্জাতিক সংগঠন আৰু ইয়াৰ মুল লক্ষ্যসমূহ হ'ল আন্তৰ্জাতিক আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। ২য় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘৰ (League of Nations) স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে। ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংশ হৈছে সাধাৰণ সভা, সুৰক্ষা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টী পৰিষদ (বৰ্তমান নিষ্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), য়ুনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্টুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহায্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয় – আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ।
দ্বিতীয় মহাসমৰত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫চনত আন্তৰ্জাতিক শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘ গঠন হয়। ১৯৪৫ চনৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে সুৰক্ষা পৰিষদৰ পাঁচখন স্থায়ী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু চীনৰ লগতে প্ৰায় ৫০খন ৰাষ্ট্ৰৰ স্বাক্ষৰেৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয়।
পালন
ৰাষ্ট্ৰসংঘ দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহত ভিন ভিন কাৰ্যসূচীৰ মাধ্যমেৰে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি মেল মিটিং, আলোচনা চক্ৰ, প্ৰদৰ্শনী আৰু বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১৯৭১ চনৰ সাধাৰণ সভাৰ প্ৰস্তাৱ অনুসৰি এই দিৱসক ৰাজহুৱা ছুটীৰ দিন হিচাপে পালন কৰা হয়।
এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন শিক্ষা অনুষ্ঠান আদিত সাংস্কৃতিক কাৰ্যক্ৰমৰ যোগেৰে সাংস্কৃতিক বিচিত্ৰতা প্ৰকাশ কৰা হয়।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰসংঘ দিৱস” প্ৰবন্ধৰ সংশোধন ২৫৩৯১৬ (১০ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।