অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰেথ অফ দ্য টাইটানছ

ৰেথ অফ দ্য টাইটানছ ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেণ্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ ক্লেশ্ব অফ দ্য টাইটানছৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,১০৬ শব্দ · ৬ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰেথ অফ দ্য টাইটানছ ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেণ্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ ক্লেশ্ব অফ দ্য টাইটানছৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰিছে। ডেন মেজিউ আৰু ডেভিদ লেছলি জনছনে চিত্ৰনাট্য ৰচনা কৰা ছবিখন পৰিচালনা কৰিছে জনাথন লায়েবেছমেনে। ৰেথ অফ দ্য টাইটানছৰ কাহিনীভাগ প্ৰথমখন ছবিৰ ঘটনাৱলীৰ এটা দশকৰ পিছত সংঘটিত হৈছে য'ত দেৱতাসকলে আৱদ্ধ কৰি ৰখা টাইটানসকলৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু পিতৃ জ্যুচক ৰক্ষা কৰাৰ লগতে টাইটানসকলক পৰাভূত কৰি মানৱ জাতিক ৰক্ষা কৰিবলৈ পাৰ্ছিয়াছক আহ্বান কৰা হয়।

২০১০ চনৰ মাৰ্চত ক্লেশ্ব অফ দ্য টাইটানছৰ মুক্তিৰ লগে লগে এখন ছিকুৱেল সম্পৰ্কে কথা-বতৰা আৰম্ভ হয়। ২০১০ চনৰ জুনত ডেন মেজিউ আৰু ডেভিদ লেছলি জনছনক মাতি অনা হয় আৰু আগষ্টত পৰিচালক জনাথন লায়বেছমেনক সমিতিলৈ অনা হয়। ২০১১ চনৰ মাৰ্চত লণ্ডনত ছবিখনৰ মুখ্য আলোকচিত্ৰগ্ৰহণ আৰম্ভ হয়। ২০১২ চনৰ ৩০ মাৰ্চত ছবিখনে দ্বিবিমীয় আৰু ত্ৰিবিমীয় ৰূপত আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তিলাভ কৰে। সাধাৰণভাৱে সমালোচকৰ নেতিবাচক সঁহাৰি পালেও ছবিখনে বিশ্বজুৰি মুঠ $৩০২ উপাৰ্জন কৰে।

কাহিনীভাগ

জ্যুচৰ এজন পুত্ৰ পাৰ্ছিয়াছ তেওঁৰ কণমানি পুত্ৰ হিলিয়াছৰ সৈতে এজন মাছমৰীয়া হিচাপে বাস কৰে। জিউচে পাৰ্ছিয়াছৰ ওচৰলৈ আহি সহায় বিচাৰি কয় যে টাৰ্টেৰাছৰ দেৱালসমূহ ভাগিবলৈ ধৰিছে আৰু বন্দী টাইটান ক্ৰনছ অতি সোনকালেই মুকলি হৈ যাব। পাৰ্ছিয়াছে নিজৰ পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি এই বিষয়ৰ মাজত সোমাবলৈ অস্বীকাৰ কৰে।

জিউচে টাৰ্টেৰাছত তেওঁৰ ভাতৃদ্বয় হেডিছ আৰু প'ছেইডন তথা পুত্ৰ এৰিছক লগ কৰে। তেওঁ হেডিছক টাৰ্টেৰাছৰ দেৱালসমূহ পুনৰ্নিৰ্মাণ কৰিবলৈ হেডিছৰ সহায় বিচাৰে, কিন্তু হেডিছে প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰি তেওঁৰ ভাতৃদ্বয়ক আক্ৰমণ কৰে। এৰিছে জিউচক বিশ্বাসঘাটকতা কৰি তেওঁক বন্দী কৰে আৰু তেওঁৰ বজ্ৰবাণ হস্তগত কৰে। হেডিছ আৰু এৰিছে ক্ৰনছৰ সৈতে এক চুক্তি কৰিবলৈ পৰিকল্পনা কৰে: বাকী থকা অমৰসকলৰ বিনিময়ত, তেওঁলোকে জিউচৰ দৈৱিক শক্তি শুহি তাৰে ক্ৰনছক পুনৰাই উজ্জীৱিত কৰি তুলিব। কথামতে কাম কৰাত টাৰ্টেৰাছৰ দেৱাল ভাগি পৰে আৰু দৈত্যসমূহ মুকলি হৈ পৃথিৱী পায়।

আঘাতপ্ৰাপ্ত প'ছেইডনে পলাই আহি পাৰ্ছিয়াছক পৰিস্থিতিৰি বিষয়ে অৱগত কৰে আৰু তেওঁক প'ছেইডনৰ পুত্ৰ এজেনৰক লগ কৰিবলৈ কয় যি পাৰ্চিয়াছক হেফিষ্টাছৰ কাষলৈ লৈ যাব যি টাৰ্টেৰাছলৈ যোৱা পথটো জানে। প'ছেইডনে নিজৰ ত্ৰিশূলডাল পাৰ্ছিয়াছক দিয়ে আৰু দৈৱিক মৃত্যুক সাৱটি লয়। পাৰ্ছিয়াছ, এণ্ড্ৰমেডা আৰু এজেনৰ হেফিষ্টাছক বিচাৰি ওলায়। এজেনৰে ব্যাখ্যা কৰে যে হেফেষ্টাছে জিউচ, হেডিছ আৰু প'ছেইডনে ধাৰণ কৰা ক্ৰমে বজ্ৰবাণ, যাঠী (pitchfork) আৰু ত্ৰিশূল নিৰ্মাণ কৰিছিল আৰু তিনিওডাল অস্ত্ৰ মিলি ট্ৰায়ামৰ যাঠীডাল গঠন কৰে, কেৱল এই অস্ত্ৰৰেহে ক্ৰনছক পৰাভূত কৰিব পাৰি। অভিযাত্ৰীসকলে হেফিষ্টাছক লগ পায় আৰু টাৰ্টেৰাছৰ প্ৰৱেশপথ লেবিৰিন্থ পায়গৈ, য'ত পাৰ্ছিয়াছ, এণ্ড্ৰমেডা আৰু এজেনৰক সুৰক্ষিত ৰূপত সোমাবলৈ দিয়াৰ স্বাৰ্থত আক্ৰমণকাৰী এৰিছৰ হাতত হেফিষ্টাছে আত্মবলিদান দিয়ে।

ইয়াৰ পিছত তেওঁলোক টাৰ্টেৰাছত প্ৰৱেশ কৰে। ইতিমধ্যে জিউচৰ প্ৰায়খিনি শক্তি শুহি ক্ৰনছ জাগি উঠে। জিউচে হেডিছক পাতালপুৰীলৈ পথোৱাৰ বাবে তেওঁৰ ওচৰত দোষ স্বীকাৰ কৰে আৰু তেওঁৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰে আৰু কয় যে তেওঁ হেডিছক তেওঁৰ কৰ্মৰ বাবে ক্ষমা কৰি দিছে। হেডিছে জিউচক সহায় কৰি ক্ৰনছৰ গতি ৰূদ্ধ কৰিবলৈ সিদ্ধান্ত লয়, কিন্তু ইয়াৰ বিপৰীতে এৰিছে তেতিয়াও ক্ৰনছৰ উত্থান বিচাৰে। পাৰ্ছিয়াছ উপস্থিত হৈ জিউচক মুকলি কৰে। এৰিছে জিউচক আহত কৰে যদিও তেওঁ পাৰ্ছিয়াছৰ সৈতে টাৰ্টেৰাছৰপৰা পলায়ন কৰে।

এৰিছৰপৰা বজ্ৰবাণ আহৰণ কৰি ক্ৰনছক পৰাস্ত কৰিবৰ বাবে পাৰ্ছিয়াছে ইচ্ছাকৃতভাৱে এৰিছক দ্বন্দ্ব্বযুদ্ধলৈ আমন্ত্ৰণ জনায়। চতুৰতাৰে এৰিছক বধ কৰি তেওঁ বজ্ৰবাণ হস্তগত কৰে আৰু তিনিওডাল দৈৱ অস্ত্ৰ একগোট কৰি ট্ৰায়ামৰ যাঠীলৈ পৰিৱৰ্তিত কৰে। আনফালে এণ্ড্ৰমেডাৰ সৈন্যক দৈত্যসমূহে পৰাভূত কৰিবলৈ ধৰে, কিন্তু হেডিছে নিজৰ শক্তিৰে নিজে দুৰ্বল হৈ পৰা এক প্ৰক্ৰিয়াৰে জিউচক সুস্থ কৰি তোলে আৰু দুয়ো একেলগে দৈত্যসমূহক পৰাস্ত কৰে। ক্ৰনছ পূৰ্ণ ৰূপত উজ্জীৱিত হৈ এণ্ড্ৰমেডাৰ সৈন্যক আক্ৰমণ কৰে। জিউচ বেয়াকৈ আহত হয় আৰু পাৰ্ছিয়াছে ক্ৰনছক বধ কৰে।

সেই আঘাততে জিউচৰ মৃত্যু হয়। হেডিছে পাৰ্ছিয়াছক কয় যে তেওঁ এতিয়া শক্তিহীন আৰু ইয়াকে কৈ প্ৰস্থান কৰে। হিলিয়াছে তেওঁৰ পিতৃক কয় যে তেওঁ নিজৰ মাছমৰীয়া জীৱনলৈ উলটি যাব। পাৰ্ছিয়াছে হিলিয়াছক কয় যে সি তেওঁৰ পুত্ৰ হিচাপে আৰু জিউচৰ নাতি হিচাপে গৌৰৱ কৰা উচিত আৰু তাকে কৈ তেওঁ হিলিয়াছৰ হাতত নিজৰ তৰোৱালখন তুলি দিয়ে।

অভিনয় শিল্পী

  • জিউচৰ পুত্ৰ অৰ্ধদেৱতা পাৰ্ছিয়াছৰ ভূমিকাত ছেম ৱৰ্ডিংটন
  • ৰাণী এণ্ড্ৰমেডাৰ ভূমিকাত ৰজেমাণ্ড পাইক। পাইকে এলেক্সা ডাভালছৰ ঠাইত চৰিত্ৰটো ৰূপায়ণ কৰে।১
  • হেফেষ্টাছৰ ভূমিকাত বিল নায়ি
  • ৰণদেৱতা এৰিছৰ ভূমিকাত এডগাৰ ৰেমিৰেজ
  • এজেনৰৰ ভূমিকাত টবি কেবেল
  • প'ছেইডনৰ ভূমিকাত ডেনী হাষ্টন
  • হেডিছৰ ভূমিকাত ৰালফ ফিয়েনছ
  • জিউচৰ ভূমিকাত লায়াম নিছন

ইয়াৰোপৰি জন বেলে হিলিয়াছ, লিলি জেমছে ক'ৰিণা, ফ্ৰেডি ড্ৰেবলে এপ'ল' আৰু কেথৰিণ কাৰ্পেণ্টাৰ এথেনাৰ চৰিত্ৰ ৰূপায়ণ কৰে।২

নিৰ্মাণ

২০১০ চনৰ মাৰ্চৰ আৰম্ভণিতে ক্লেশ্ব অফ দ্য টাইটানছৰ এক ছিকুৱেল নিৰ্মাণৰ কথা-বাৰ্তা চলে। ছবিখনৰ 'ৱ'ৰ্ল্ড প্ৰিমিয়াৰ'ত প্ৰথম ছবিখনত এৰিছৰ চৰিত্ৰ ৰূপায়ণ কৰা তামেৰ হাছানে কয়, "তেওঁলোকে এইখন ভালে ভালে হৈ যোৱাটো বিচাৰিছিল যাতে তেওঁলোকে ছিকুৱেলৰ দিশে আগবাঢ়িব পাৰে...। "৩ ২০১০ চনৰ এপ্ৰিলত বাতৰি ওলায় যে দ্বিতীয় খণ্ডটো লুইচ লেটেৰিয়াৰে পৰিচালনা নকৰে, কিন্তু কাৰ্যবাহী প্ৰযোজক হিচাপে থাকিব। বাতাৰিটোত ইয়াকো কোৱা হয় যে ছেম ৱৰ্ডিংটনো ইয়াত আছে আৰু গ্ৰেগ বাৰ্লেণ্টিয়ে কাহিনীটো ৰচনা কৰিব।৪

২০১০ চনৰ জুনত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ডেভিদ লেছলি জনছন আৰু ডেন মেজিউক চিত্ৰনাট্য ৰচনা কৰিবলৈ আমন্ত্ৰণ জনায়। বাছিল ইৱানিকে পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰে আৰু ত্ৰিবিমীয় ৰূপলৈ সলনি কৰাতকৈ ইয়াক ত্ৰিবিমীয় ৰূপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।৫ ২০১০ চনৰ আগষ্টত দ্য হলিউদ ৰিপৰ্টাৰে বাতৰি প্ৰকাশ কৰে যে জনাথন লায়েবেছমেনে ছবিখন পৰিচালনাৰ চুক্তিত হস্তাক্ষৰ কৰিছে।৬

২০১০ চনৰ ছেপ্টেম্বৰত পৰিচালক জনাথন লায়েবেছমেনে নিশ্চিতি প্ৰদান কৰে যে ছেম ৱৰ্ডিংটন, জেমা আৰ্টাৰটন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে প্ৰত্যৱৰ্তন কৰিব।৭৮ অৱশ্যে আৰ্টাৰটনে অজ্ঞাত কাৰণত তেওঁৰ চৰিত্ৰটোত পুনৰভিনয় নকৰিলে। একে বছৰৰ ডিচেম্বৰত নিছনে জানিবলৈ দিয়ে যে ছবিখনৰ নাম ৰেথ অফ দ্য টাইটানছ ৰখা হ'ব আৰু মাৰ্চত ইয়াৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।৯

২০১১ চনৰ জানুৱাৰীত বাতৰি ওলায় যে এডগাৰ ৰেমিৰেজ আৰু টবি কেবেলে এৰিছ আৰু এজেনৰৰ ভূমিকাত অৱতীৰ্ণ হ'ব। লগতে এয়াও বাতৰি ওলায় যে বিল নায়িক হেফেষ্টাছক ৰূপায়ণ কৰিবলৈ অনা হৈছে। ইয়াৰোপৰি সময় নিমিলাৰ বাবে প্ৰথম ছবিখনৰ এলেক্সা ডাবালছে এৰি যোৱা এণ্ড্ৰমেডাৰ ভূমিকাৰ বাবে লোৱা 'স্ক্ৰীণ টেষ্ট'ত হেইলি আটৱেলক বাছনি কৰি ৰখা হয়।১০

২০১১ চনৰ ফেব্ৰুৱাৰীত বাতৰি প্ৰকাশ হয় যে এই চৰিত্ৰটোৰ বাবে ৰজেমাণ্ড পাইক প্ৰায় চুক্তিবদ্ধ হৈছে।১১ ফেব্ৰুৱাৰীতে লায়েবেছমেনে ঘোষণা কৰে যে ছবিখন ত্ৰিবিমীয় হিচাপে নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ত্ৰিবিমীয় ৰূপলৈ পৰিৱৰ্তিতহে কৰা হ'ব।

২০১১ চনৰ ২৩ মাৰ্চত চলচ্চিত্ৰখনৰ প্ৰধান আলোকচিত্ৰগ্ৰহণ আৰম্ভ হয়। লণ্ডনৰ বাহিৰৰ ষ্টুডিঅ', দক্ষিণ ৱেলছ, কেনেৰি দ্বীপপুঞ্জ আদিত ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হয়।২

মুক্তি

২০১২ চনৰ ২৬ মাৰ্চত নিউয়ৰ্কৰ এএমচি লিংকন স্কোৱাৰ থিয়েটাৰত ৰেথ অফ দ্য টাইটানছৰ প্ৰিমিয়াৰ সম্পন্ন হয়।১২

সমালোচকৰ সঁহাৰি

ৰেথ অফ দ্য টাইটানছে সাধাৰণভাৱে চলচ্চিত্ৰ সমালোচকসকলৰ নেতিবাচক সঁহাৰি লাভ কৰে।১৩ ৩২ জন সমালোচকৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি মেটাক্ৰিটিকে ছবিখনক ৩৭/১০০ নম্বৰ দিয়ে।১৩ ৰ'টেন টমেট'জে ১৬৪টা সমালোচনাৰ ভিত্তিত ইয়াক ৪.৫/১০ অংক দিয়াৰ লগতে ২৬% গ্ৰহণযোগ্য অংক দি মন্তব্য দিয়ে যে ইয়াৰ ত্ৰিবিমীয় এফেক্টসমূহ পূৰ্বৰখনতকৈ উন্নত, কিন্তু বাকী প্ৰায় আটাইবোৰ ক্ষেত্ৰত, ৰেথ অফ দ্য টাইটানছে উন্নতি কৰাত ব্যৰ্থ হৈছে।১৪

'হলিউদ ৰিপৰ্টাৰে' ইয়াক "এক কঠোৰভাৱে যন্ত্ৰচালিত কাম.." বুলি অভিহিত কৰে।১৫ প্ৰথম ছবিখনক তিনিটা তৰা দিয়া ৰ'জাৰ এবাৰ্টে ইয়াক দুটা তৰাহে দিয়ে।১৬ লছ এঞ্জেলছ টাইমছৰ মাৰ্ক অ'লছেনে কয়, "জনাথন লায়েবেছমেন পৰিচালিত ছবিখনত কাহিনী কথনৰ জুতি, প্ৰদৰ্শন বা একচনৰ অভাৱ। এয়া এক অমিশ্ৰিত উপাদান, কোনোধৰণৰ শক্তি বা উসাহবিহীন এখন চলচ্চিত্ৰ। "১৭

অৱশ্যে ভেৰাইটী, টাইম আদি আলোচনী আৰু এণ্টাৰটেইনমেণ্ট ৱিকলী আদি কাকতে ছবিখনলৈ ইতিবাচক সঁহাৰি জনায়।১৮১৯২০

বক্স অফিচ

২০১২ চনৰ ৩০ মাৰ্চত ১,৪৯০খন থিয়েটাৰত মাজৰাতি প্ৰদৰ্শনীত $১ মিলিয়ন আৰ্জনেৰে ৰেথ অফ দ্য টাইটানছৰ শুভ উদ্বোধনী ঘটে।২১ দ্য হাংগাৰ গেমছৰ পিছতে, উত্তৰ আমেৰিকাত সপ্তাহটোৰ অন্তত ই আনুমানিক $৩৪.২ মিলিয়ন উপাৰ্জনৰ দিশে আগবাঢ়ে।২২

ছবিখনে উত্তৰ আমেৰিকাত $৮৩,৬৭০,০৮৩ আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে $২১৮,৩০০,০০০ আৰ্জনেৰে মুড $৩০১,৯৭০,০৮৩ উপাৰ্জন কৰে। এয়া প্ৰথমখন ছবিৰ মুঠ উপাৰ্জনতকৈ $৪৯৩ মিলিয়ন কম।

হোম মিডিয়া

২০১২ চনৰ ২৬ জুনত ৰেথ অফ দ্য টাইটানছক ব্লু-ৰে, ত্ৰিবিমীয় ব্লু-ৰে, ডিভিডি আৰু ডিজিটেল ডাউনলোড কৰিব পৰা ৰূপত মুক্তি দিয়া হয়।২৩

ছিকুৱেল

২০১১ চনৰ নৱেম্বৰত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ৰেথ অফ দ্য টাইটানছৰ লেখকদ্বয় ডেন মেজিউ আৰু ডেভিদ লেছলি জনছনক তৃতীয় ভাগ এটা লিখিবৰ বাবে আমন্ত্ৰণ কৰি আনে।২৪

তথ্যসূত্ৰ

  1. ↑ (2011). Rosamund Pike Joins ‘Wrath of the Titans’ as Andromeda. screenrant.com
  2. ↑ (23 March 2011). Production Underway for Clash ofthe Titans 2. ComingSoon.net
  3. ↑ Sharp, Craig. (2010-03-29). FilmShaft Exclusive! The Stars Align For Clash Of The Titans World Premiere With The SEQUEL Waiting In The Wings. FilmShaft
  4. ↑ Flemming, Mike. (2010-04-27). Sequels For 'Clash Of The Titans' And 'Journey To The Center Of The Earth'. Deadline.com
  5. ↑ McNary, Dave. (2010-06-11). 'Clash of the Titans' sequel in the works. Variety
  6. ↑ (2010-08-31). Liebesman Confirmed for Clash of the Titans 2. ComingSoon.net. CraveOnline
  7. ↑ (2010-09-11). "Clash of the Titans 2" to Bring Back Ralph Fiennes and Liam Neeson. WorstPreviews
  8. ↑ Douglas, Edward. (2010-09-10). Clash of the Titans 2 and Expendables 2 Updates. ComingSoon.net. CraveOnline
  9. ↑ (2010-12-07). Neeson looks forward to Titans 2. The Belfast Telegraph. Independent News & Media
  10. ↑ Sneider, Jeff. (2011-01-07). Exclusive: Ramirez, Kebbell to Join 'Titans' Sequel; Atwell Testing. The Wrap
  11. ↑ Flemming, Mike. (2011-02-08). Rosamund Pike To Play Andromeda In 'Clash Of The Titans 2'. Deadline.com
  12. ↑ "Wrath Of The Titans" New York Premiere - Arrivals. Zimbo
  13. ↑ Wrath of the Titans. Metacritic. CBS Interactive
  14. ↑ Wrath of the Titans (2012). Rotten Tomatoes. Flixster
  15. ↑ McCarthy, Todd. (2012-03-12). Wrath of the Titans: Film Review. The Hollywood Reporter
  16. ↑ Ebert, Roger. (2012-03-28). Wrath of the Titans. Chicago Sun-Times
  17. ↑ Olsen, Mark. (2012-03-12). Movie review: The gods aren't kind to 'Wrath of the Titans'. Los Angeles Times
  18. ↑ Corliss, Richard. (2012-03-29). Wrath of the Titans: The God-Fathers, Part II. Time
  19. ↑ Barker, Andrew. (2012-03-12). Wrath of the Titans. Variety
  20. ↑ Gleiberman, Owen. (2012-03-29). Wrath of the Titans: The God-Fathers, Part II. Entertainment Weekly
  21. ↑ Finke, Nikki. (2012-03-30). ‘Wrath Of The Titans’ Opens To $1M Midnights. Deadline.com
  22. ↑ Subers, Ray. (2012-04-01). Weekend Report: 'Wrath,' 'Mirror' No Match for 'Hunger Games'. Box Office Mojo
  23. ↑ Shaffer, R.L. (May 15, 2012). Wrath of the Titans to Conquer BD, DVD. IGN
  24. ↑ Kit, Borys. (2011-11-02). Warner Bros. Readying 'Clash of the Titans 3' (Exclusive). The Hollywood Reporter

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰআমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেথ অফ দ্য টাইটানছ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৮৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।