ৰাম-নৱমী নাট গুণাভিৰাম বৰুৱা দেৱ ৰচিত প্ৰথম আধুনিক অসমীয়া নাটক।১। এই নাটকখনক এখন গহীন সামাজিক নাটক হিচাপেও আখ্যা দিয়া হয়। এই নাটক খনৰ স্বৰূপ আছিল সংস্কৃত নাটক আৰু অঙ্কীয়া নাট। সমসাময়িক কালৰ সৰ্বভাৰতীয় নৱজাগৰণৰ লগত জড়িত মানৱতাবাদী আৰু সংস্কাৰমুখী আন্দোলনেই হৈছে এই নাটখনৰ মূল সমল। নাটকখনৰ পাতনিত উল্লেখ থকা অনুসৰি এই নাটকখনৰ ৰচনা কাল ১৮৫৭ চন। গুণাভিৰাম বৰুৱাৰ পত্নী ব্ৰজসুন্দৰীৰ আগ্ৰহৰ বাবে ১৮৬৭ চনত এই নাটকখন ছপাশাললৈ পঠিওৱা হয়। প্ৰচাৰধৰ্মী নাটক হিচাপে এই নাটকখনে বিধৱা বিবাহৰ প্ৰচলনৰ সপক্ষে প্ৰচাৰ চলাইছে।২৩
কাহিনী
নাটকখনৰ মুখ্য বিষয় এহাল প্ৰেমিক-প্ৰেমিকাৰ দৈহিক মিলনৰ পৰিণতি। শিবকান্ত শৰ্মা চৰিত্ৰটোৰ বাল বিধবা ছোৱালী নৱমীৰ লগত এজন শিক্ষিত যুৱক ৰামচন্দ্ৰৰ পৰিচয় ঘটে আৰু দুয়োৰে মাজত প্ৰেম হয়। সৰুতেই বিয়া হোৱা নৱমীয়ে দুৰ্ভাগ্যবশতঃ বৈধব্য জীবন আঁকোৱালি ল'ব লগা হয়। নৱমীৰ সম্ভ্ৰান্ত দেউতাক-মাকে তাইৰ মনটো ভালে থাকক বুলিয়েই ঘৰৰ পাছফালে এখন ফুলৰ উদ্যান পাতি দিয়ে। নৱমীৰ দুগৰাকী বান্ধৱী জয়ন্তী আৰু উৰ্বশীৰ সৈতে আমোদ-প্ৰমোদ কৰি থকাৰ ব্যৱস্থাও কৰি দিয়ে। সিহঁতৰ সৈতে লগ লাগি তাই পঢ়া-শুনা কৰে। বোৱা-কটাও শিকে। এই উদ্যানতে এদিন ৰামচন্দ্ৰৰ সৈতে নৱমীৰ চিনাকি হয়। ৰামচন্দ্ৰৰ বৌৱেক আৰু নৱমীৰ সখীয়েক জয়ন্তীৰ সহযোগত তেওঁলোক গোপনে মিলিত হ'বলৈ ধৰে। এই গোপন মিলনৰ পৰিণতিত নৱমী অন্তঃসত্ত্বা হয়। এই কথা সকলোৱে জনাজনি হোবাত সমাজত হুলস্থল লাগে আৰু ৰাইজে বিচাৰ পাতি নৱমীহতঁৰ ঘৰখনক এঘৰীয়া কৰে। সমাজৰ এনে বিচাৰ সহ্য কৰিব নোৱাৰি আৰু ৰামচন্দ্ৰৰ লগতো কোনো মিলনৰ আশা নেদেখি নৱমীয়ে ৰামচন্দ্ৰই দিয়া প্ৰেমৰ প্ৰতীক স্বৰূপ কটাৰী এখনেৰে ডিঙিত ৰেপ দি আত্মহত্যা কৰে। একেই কাৰণতে ৰামচন্দ্ৰইও আত্মহননৰ পথকে বাচি লয়। নৱমীৰ সখীয়েক জয়ন্তীয়েও নিজকে তাৰ বাবে জগৰীয়া বুলি ভাবি তেৱোঁ সেই পথকে বাছি ল'লে। তিনিজন যুৱক-যুৱতীৰ মৃত্যুত সমাজৰ মুখিয়াল লোকসকলে নিজৰ ভুল বুজিব পাৰি আত্মশুদ্ধিৰ পথ বাছি ল'লে। তেওঁলোকে বাল্য বিবাহ আৰু বাল্য বিবাহৰ সমস্যা সম্পৰ্কে সচেতন হয় আৰু বিধৱা বিবাহৰ যুক্তিযুক্ততা পলমকৈ হ'লেও স্বীকাৰ কৰি লয়।৪৫
চৰিত্ৰ
- ৰামচন্দ্ৰ
- নৱমী
- জয়ন্তী
- কামদেৱ
- শিৱকান্ত
- ফুলেশ্বৰী
- উৰ্বশী
- মহাজন
চৰিত্ৰ বিশ্লেষণ
মুখ্য চৰিত্ৰ
নাটকখনৰ কাহিনী ভাগ ৰামচন্দ্ৰ অৰ্থাৎ ৰাম নামৰ চৰিত্ৰটোৰ সৈতে সংপৃক্ত। সেই অনুযায়ী ৰাম নায়ক। অল্প শিক্ষিতা, কম বয়সীয়া নৱমী নাটকখনৰ নায়িকা। পাৰ্শ্ব চৰিত্ৰত অন্যান্য চৰিত্ৰসমূহতকৈ অধিক উজ্জ্বল ৰূপত থকা চৰিত্ৰ কেইটা হৈছে- জয়ন্তী আৰু উৰ্বশী, কামদেৱ, শিৱকান্ত আৰু ফুলেশ্বৰী।
অন্যান্য চৰিত্ৰ
অন্যান্য চৰিত্ৰসমূহৰ ভিতৰত নাৰী চৰিত্ৰত আছে- শিক আৰু সয়েন্দ্ৰী। আনহাতে পুৰুষ চৰিত্ৰবোৰ হৈছে- মহাজন, মঙলু, সীহু, দতো, নিগদতি, হৰনাথ, ধৰ্মনাথ, দেৱদত্ত, ৰঙ্গনাথ, খাটনিয়াৰ, সাজতোলা, কুলনাথ আদি। ইয়াৰে মহাজন চৰিত্ৰটো কিছু পৰিমাণে সপ্ৰতিভ। এই চৰিত্ৰটোৱে নাট্য-কাহিনীৰ বিকাশত বিশেষ অৰিহণা যোগাইছে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Modern Assamese Drama,by Satya Prasad Barua, আহৰণ ২২.০৯.২০১১
- ↑ শৰ্মা গোস্বামী, প্ৰণতি. অসমীয়া নাটক. KKHSOU. পৃ. ১১৪-১৩৮
- ↑ শইকীয়া,ড° নগেন (১৯৮৪), আসাম বন্ধু, অসম প্ৰকাশন পৰিষদ
- ↑ ভট্টাচাৰ্য, বসন্ত কুমাৰ. (২০০৪). ৰাম-নৱমী নাটক. নলবাৰীঃ জাৰ্ণেল এম্প'ৰিয়াম
- ↑ নেওগ,মিলন "অন্বেষণ ঊনবিংশ শতিকা আৰু অন্যান্য", পূৰ্বায়ন প্ৰকাশন, পৃষ্ঠাসমূহ.২১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম-নৱমী নাটক” প্ৰবন্ধৰ সংশোধন ৬৩৮২২১ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।