ৰাষ্ট্ৰীয় ধান দিৱস (राष्ट्रीय धानरोपाई दिवस) হʼল নেপালৰ এটি বাৰ্ষিক উৎসৱ। ই নেপালত ধান ৰোপণৰ বতৰৰ সূচনা কৰে। প্ৰতি বছৰে আহাৰ মাহৰ ১৫ তাৰিখে (২৯ জুন) এই উৎসৱ পালন কৰা হয়। এই উৎসৱটোক ৰোপাইঁ দিৱস, ধান দিৱস, আৰু আষাঢ় পন্দ্ৰ নামেৰেও জনা যায়।১২ কৃষকসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খাদ্য-উপকৰণ যেনে ধান, দাইল, শাক-পাচলি ইত্যাদি উৎপাদন কৰে। তেওঁলোকৰ শ্ৰমক সন্মান জনোৱাৰ লক্ষ্যৰে এই উৎসৱ উদ্যাপন কৰা হয়।
সাধাৰণতে ধাননি পথাৰত প্ৰৱেশ কৰাৰ আগতে মানুহে নিজৰ গাঁৱত কুচকাৱাজ কৰি এই উৎসৱৰ আৰম্ভণি কৰে।১ মানুহে নেপালী পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে।১ অনলাইনখবৰ নামৰ ৱেবচাইটটোৰ মতে, "পুৰুষ আৰু মহিলাসকলৰ মাজত নিৰ্দিষ্ট দায়িত্ব ভাগ কৰি লোৱা হয়। পুৰুষসকলে পথাৰখন হাল বাই, পানী নিষ্কাশনৰ ব্যৱস্থা কৰে, পথাৰ সমতল কৰে আৰু খেতিৰ বাবে মিহি বোকাময় বোকা তৈয়াৰ কৰে।" ১ মানুহে ইজনে সিজনৰ গালৈ পানী ছটিয়ায় আৰু বোকা খেলে, ধানৰ কঠীয়া ৰোৱে, দৈ আৰু চিৰাৰে পৰম্পৰাগত আহাৰ খায়, লোকগীত গায়।৩ কিছুমান সম্প্ৰদায়ে আনুষংগিক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে।৪
নেপাল ভ্ৰমণ কৰা পৰ্যটকসকলৰ মাজতো এই উৎসৱ জনপ্ৰিয়, আৰু সেয়েহে এই উৎসৱটো কৃষি পৰ্যটনৰো অংশ।১
ইতিহাস আৰু তাৎপৰ্য্য
সাংস্কৃতিক নিয়ম অনুসৰি ১৫ আহাৰক "বছৰটোৰ বাবে ধান ৰোপণ আৰম্ভ কৰাৰ শুভ দিন হিচাপে গণ্য কৰা হয়।" ৫ এই তাৰিখটো বাৰিষা কালতে পৰে, যিটো ধান ৰোপণৰ বাবে উপযুক্ত সময়।৬ ২০০৪ চনৰ ১৪ ডিচেম্বৰ তাৰিখে নেপাল চৰকাৰে আনুষ্ঠানিকভাৱে ১৫ আহাৰক ৰাষ্ট্ৰীয় ধান দিৱস হিচাপে ঘোষণা কৰে।৫ "স্বাৱলম্বিতা আৰু সমৃদ্ধিৰ বাবে ধানৰ উৎপাদন বৃদ্ধি" শীৰ্ষক বিষয়-বস্তুৰ অধীনত এই উৎসৱ অনুষ্ঠিত হয়।৭
কৰ্ণালী প্ৰদেশৰ প্ৰাদেশিক পৰিষদে জুম্লা জিলাৰ বাহিৰে কৰ্ণালী প্ৰদেশত ১৫ আহাৰক ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে; ২৫ মাৰ্চৰপৰা জুম্লাত ধান ৰোপণ আৰম্ভ হয়।৮
নেপালৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন)ৰ প্ৰায় ৭ শতাংশত ধানৰ অৰিহণা আছে।৯ ২০১৮ চনত অনুমান কৰা হৈছিল যে নেপালে প্ৰায় ২৫ বিলিয়ন টকাৰ চাউল আমদানি কৰে।১০
খাদ্য
, আৰু ফল-মূল]]
ৰাষ্ট্ৰীয় ধান দিৱসত পৰম্পৰাগতভাৱে দৈ আৰু চিৰা খোৱা হয়।১১ ইয়াৰ সৈতে ফল-মূলও পৰিৱেশন কৰা হয়।১২
মুখ্য ঘটনাৱলী
২০২০ চনত দ্য হিমালয়ান টাইমছৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে নেপালৰ বহু দুৰ্গম অঞ্চলত শিশুসকলে এই উৎসৱৰ বিষয়ে অৱগত নাছিল।৩ ২০২০ চনত, ক’ভিড-১৯ মহামাৰী আৰু কাকতী-ফৰিঙৰ উপদ্ৰৱৰ আশংকাত উৎসৱৰ আনন্দ ম্লান হৈ পৰিছিল বুলি খবৰ ওলাইছিল।১
লগতে চাওক
- নেপালত কৃষি
- নেপালৰ উৎসৱসমূহৰ তালিকা
- ৰাষ্ট্ৰীয় শিক্ষা দিৱস (নেপাল)
তথ্যসূত্ৰ
- ↑ Asar 15: Nepali farmers hope for prosperity amid fears of Covid-19, locust attack. OnlineKhabar
- ↑ Pandey, Pradyumna Raj; Pandey, Hemprabha. (2013). Socio-Economic Development Through Agro- Tourism: A Case Study of Bhaktapur, Nepal. Journal of Agriculture and Environment. পৃ. 59–66
- ↑ (27 June 2016). National Paddy Day. The Himalayan Times
- ↑ (30 June 2020). National Paddy Day marked with various events. The Rising Nepal
- ↑ Rice varietal mapping. Crop Development Directorate
- ↑ Bhattarai, Krishna P. (2009). Nepal. Infobase Publishing. ISBN 9781438105239
- ↑ (29 June 2020). PM hopeful of mitigating COVID-19 impact on national economy by boosting up paddy production. Khabarhub
- ↑ Public holiday announced in nine districts in Karnali Province on June 29. My Republica
- ↑ Deupala, Monika. Nepal celebrates paddy planting day. Nepali Times
- ↑ (30 June 2018). Will celebrations lead to higher paddy output?. The Himalayan Times
- ↑ Agence France-Presse. (30 June 2020). Playing and planting: Nepal celebrates paddy day. France 24
- ↑ National Paddy Day celebrations in photos. kathmandupost.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ধান দিৱস” প্ৰবন্ধৰ সংশোধন ৬০৬১৪৪ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।