অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়

ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয় বা গান্ধী স্মাৰক সংগ্ৰহালয় ( National Gandhi Museum) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এটা সংগ্ৰহালয়, যিয়ে মহাত্মা গান্ধীৰ জীৱন আৰু সিদ্ধান্তক প্ৰদৰ্শন কৰে। ১৯৪৮ চনত গান্ধীৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে মুম্বাইত মুকলি কৰা হয়।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয় বা গান্ধী স্মাৰক সংগ্ৰহালয় ( National Gandhi Museum) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এটা সংগ্ৰহালয়, যিয়ে মহাত্মা গান্ধীৰ জীৱন আৰু সিদ্ধান্তক প্ৰদৰ্শন কৰে। ১৯৪৮ চনত গান্ধীৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে মুম্বাইত মুকলি কৰা হয়। এই সংগ্ৰহালয়টো ১৯৬১ চনত নতুন দিল্লীৰ ৰাজ ঘাটলৈ স্থানান্তৰ কৰা হয়; অৱশ্যে ইয়াৰ পূৰ্বে কেইবাবাৰো ইয়াক স্থানান্তৰিত কৰা হৈছিল।

ইতিহাস

১৯৪৮ চনৰ ৩০ জানুৱাৰীত মোহনদাস কৰমচান্দ গান্ধীক হত্যা কৰা হয়। তেওঁৰ মৃত্যুৰ পিছতে সংগ্ৰাহকসকলে সমগ্ৰ ভাৰততে গান্ধীৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সম্পদ বিচাৰি উলিয়াবলৈ আৰম্ভ কৰে। মূলতঃ গান্ধীৰ সৈতে জড়িত ব্যক্তিগত সামগ্ৰী, বাতৰি কাকত, কিতাপ আদি মুম্বাইলৈ লৈ যোৱা হৈছিল। ১৯৫১ চনত নতুন দিল্লীৰ কোটা হাউচৰ ওচৰৰ ভৱনলৈ সামগ্ৰীসমূহ স্থানান্তৰ কৰা হয়। ১৯৫৭ চনত পুনৰ সংগ্ৰহালয়টো আন এটা ভৱন স্থানান্তৰিত হয়।

১৯৫৯ চনত মহাত্মা গান্ধীৰ সমাধিৰ কাষতে নতুন দিল্লীৰ ৰাজঘাটলৈ অন্তিমবাৰৰ বাবে গান্ধী সংগ্ৰহালয় স্থানান্তৰ কৰা হয়। ১৯৬১ চনত মহাত্মা গান্ধীৰ হত্যাৰ ত্ৰয়োদশ বৰ্ষপূৰ্তিত এই সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে, তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে।১

পুথিভঁৰাল

গান্ধী সংগ্ৰহালয়ৰ এই পুথিভঁৰালটোৱে গান্ধীৰ কৰ্মৰাজি জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰাৰ লগতে ই এক সাধাৰণ অধ্যয়নৰ স্থান হিচাপেও ভূমিকা পালন কৰে। গান্ধীয়ে বা গান্ধীৰ বিষয়ে লিখা গ্ৰন্থ আৰু অন্যান্য বিষয়ৰ গ্ৰন্থ দুটা ভাগত ভাগ কৰা হৈছে।২ বৰ্তমান সংগ্ৰহালয়টোৰ পুথিভঁৰালত ৩৫,০০০ৰো অধিক কিতাপ বা নথি-পত্ৰ আছে।৩ এই পুথিভঁৰালটোত গান্ধীৰ জীৱন বিষয়ক ইংৰাজী আৰু হিন্দী উভয় ভাষাৰ ২০০০খন পত্ৰিকাৰো সংকলন আছে।৪

তথ্যসূত্ৰ

  1. ↑ History. Gandhi Museum
  2. ↑ Classification. Gandhi Museum
  3. ↑ Powell,F: The National Gandhi Museum and Library, World Libraries, 1993
  4. ↑ Periodicals. Gandhi Museum

সম্পৰ্কিত শ্ৰেণী

ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনভাৰতৰ পুৰাতাত্বিক সংগ্ৰহালয়ভাৰতৰ কলা সংগ্ৰহালয় আৰু গেলাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৭৯৯৭২ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।