অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰং (১৯৯৩ চলচ্চিত্ৰ)

ৰং (Rang) হৈছে তলত জানী পৰিচালিত ১৯৯৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন প্ৰেমকাহিনীৰ চলচ্চিত্ৰ৷ চলচ্চিত্ৰখন মনচুৰ আহমেদ সিদ্দীকীয়ে এএনএএছ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছিল৷ চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল- দিব্যা ভাৰতী, কমল সদানা আৰু আয়েশা জুল্কা; লগতে সহকাৰী অভিনয়ত আছিল- জিতেন্দ্ৰ,…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৬৮০ শব্দ · ৪ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ৰং (Rang) হৈছে তলত জানী পৰিচালিত ১৯৯৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন প্ৰেমকাহিনীৰ চলচ্চিত্ৰ৷ চলচ্চিত্ৰখন মনচুৰ আহমেদ সিদ্দীকীয়ে এএনএএছ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছিল৷ চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল- দিব্যা ভাৰতী, কমল সদানা আৰু আয়েশা জুল্কা; লগতে সহকাৰী অভিনয়ত আছিল- জিতেন্দ্ৰ, অমৃতা সিং, কাদেৰ খান আৰু বিন্দু৷ গীতৰ সুৰ আছিল নাদিম-শ্ৰাৱণৰ৷ চলচ্চিত্ৰখন বঙালী ভাষালৈ ডাব কৰা হৈছিল৷

চলচ্চিত্ৰখন মুক্ত পোৱাৰ তিনি মাহ পূৰ্বে মুখ্য ভূমিকাত অভিনয়ত কৰা দিব্যা ভাৰতীৰ মৃত্যু হয় আৰু চলচ্চিত্ৰখন তেওঁৰ স্মৃতি সমৰ্পিত কৰে৷ চলচ্চিত্ৰখন বক্স অফিচত চুপাৰ হিট হয়৷ এইখন অমৃতা সিঙৰ দশকজোৰা বিৰতিৰ পূৰ্বে অভিনয় কৰা অন্তিমখন ছবি আছিল।

প্লট

সুচিত্ৰা সিং (বিন্দু) -ৰ মাধৱ (কাদেৰ খান) -ৰ সৈতে কেইবাবছৰ আগতে বিবাহ হয়৷ তেওঁৰ জীয়ৰী ইন্দু (অমৃতা সিং) মাকৰ ইচ্ছাৰ বিৰুদ্ধে অজয় মালহোত্ৰা (জিতেন্দ্ৰ) -ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ইন্দু আৰু অজয় মালহোত্ৰাৰ দুগৰাকী জীয়াৰীৰ জন্ম হয়: কাজল (দিব্যা ভাৰতী) আৰু পূজা (আয়েশা জুল্কা) ৷

সুচিত্ৰা আৰু ইন্দু পাৰিবাৰিক লাভৰ বাবে ব্যৱসায় চলায় আৰু সিহঁতৰ কৰ্মচাৰীক শোষণ কৰে৷ সিহঁতৰ পৰা চিন্তিত হৈ অজয়ে তেওঁৰ এক সন্তান (সৰু অৱস্থাত) পূজাক লৈ ঘৰৰ পৰা আঁতৰি যায়৷ কেইবছৰ পিছত সিহঁতৰ কোম্পানীৰ নিৰ্দেশক মণ্ডলে এগৰাকী নতুন চেয়াৰমেন (অজয়) -ক নিযুক্ত কৰে৷ পিতৃৰ সৈতে থকা পূজাই দেউতাকক জনায় যে, তেওঁ তেওঁৰ সহপাঠী যোগী যোশী (কমল সদানা) -ক ভালপায়৷ আৰু অজয়ে যোগীৰ সৈতে পূজাৰ বিবাহৰ বাবে প্ৰস্তুতি চলায়৷

যেতিয়া যোগীয়ে পূজাক কয় যে, তেওঁ কাজলক ভালপায় তেতিয়া পূজাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে। দিশহাৰা হৈ পূজাৰ দেউতাক অজয়ে কাজলৰ ওচৰলৈ যায় আৰু যোগীৰ সৈতে প্ৰেম বিচ্ছেদ কৰি তেওঁৰ জীয়েকক বচাবলৈ অনুৰোধ কৰে। কাজলেও যোগীক এৰি জীয়াই থাকিব নোৱাৰে বুলি অজয়ক জনায়৷

কাজলে অজয়ৰ স্নেহত তেওঁৰ নিজৰ দেউতাকৰ কথা ভাবিবলৈ ধৰে আৰু তেওঁৰ অজ্ঞাত দেউতাৰ বিষয়ে জানিবলৈ ককাক মাধৱ সিং (কাদেৰ খান) -ক অনুৰোধ কৰে। তেওঁৰ ককাকে তেওঁক এখন পুৰণি ফটো দেখুওৱাত অজয় মালহোত্ৰাই যে তেওঁৰ দেউতাক সেই কথা জানে।

কাজলে যেতিয়া পূজা তেওঁৰ ডাঙৰ ভনী বুলি জানে, তেওঁ আমেৰিকালৈ গৈ তেওঁৰ ভনীয়েকৰ জীৱন বচাবলৈ প্ৰেম ত্যাগ কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তই যোগীৰ হৃদয় ভাগি পেলায়। নাতিনীয়েকৰ বেদনা সহিব নোৱাৰি মাধৱ সিঙে অজয়ৰ ওচৰলৈ গৈ তেওঁক জনায় যে, কাজল তেওঁৰ কনিষ্ঠ ছোৱালী৷

অজয়ে অজ্ঞাত আছিল যে, তেওঁৰ আন এজনী ছোৱালী আছে, কাজলক আমেৰিকালৈ যোৱাত তেওঁ বাধা দিয়ে আৰু নিজৰ এপাৰ্টমেণ্টলৈ লৈ যায় আৰু তাইৰ সৈতে সময় কটায়। তেওঁ কাজলৰ সৈতে তেওঁৰ সম্পৰ্ক পূজাৰ পৰা গোপনে ৰাখে কিয়নো তেওঁ কাজলক কোৱাৰ বাবে সঠিক সময়ৰ বাবে অপেক্ষা কৰি থাকে। এদিন পূজাই তেওঁৰ পৰা দেউতাকে কিবা লুকুৱাই ৰখাৰ সন্দেহত দেউতাকক পিছা কৰি যায়৷ য’ত তেওঁ কাজল আৰু যোগীক দেখে আৰু দেউতাৰ পৰা সকলো কথা জানিবলৈ পায়৷

সুচিত্ৰাই কাজলক আমেৰিকাত উপস্থিত নোহোৱা দেখি যোগীক অপহৰণৰ বাবে গ্ৰেপ্তাৰ কৰা হয়। অজয়ে যোগীক উদ্ধাৰ কৰিবলৈ আহে আৰু কাজল তেওঁৰ সৈতে থকাৰ কথা কয়। আৰক্ষীয়ে অজয়ক তেওঁৰ জীয়েকৰ যত্ন লোৱাৰ বাবে অভিযুক্ত কৰিব নোৱাৰে, সেয়েহে তেওঁলোকে যোগীক মুকলি কৰি দিয়ে। ইন্দু কাজলৰ ওচৰলৈ গৈ তেওঁক ঘৰলৈ যাবলৈ জোৰ কৰে, যদিও কাজলে ঘৰলৈ যাবলৈ অস্বীকাৰ কৰে। ইন্দু দুখ মনে আঁতৰি যায়। অজয়ে ইন্দুক তেওঁলোকৰ ছোৱালীৰ বিয়ালৈ নিমন্ত্ৰণ কৰে। কাজল আৰু পূজায় দেউতাকক মাকৰ সৈতে এক হ’বলৈ কয়৷ অৱশেষত মাধৱ সিঙে তেওঁৰ পত্নী সুচিত্ৰাৰ সৈতে কাজলৰ বিয়ালৈ যাবলৈ সাজু হয়।

অজয়ে ইন্দুৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ আগতে ইন্দু সেই ঠাইত উপস্থিত হয়। অৱশেষত দুয়োজনৰে মীমাংসা হয় আৰু পৰিয়ালটো একলগ হয়৷

অভিনয়ত

  • দিব্যা ভাৰতী - কাজল মালহোত্ৰা
  • কমল সদানা - যোগী যোশী
  • জিতেন্দ্ৰ - অজয় মালহোত্ৰা
  • অমৃতা সিং - ইন্দু মালহোত্ৰা
  • আয়েশা জুল্কা - পূজা মালহোত্ৰা
  • কাদেৰ খান - মাধৱ সিং
  • বিন্দু - সুচিত্ৰা মাধৱ সিং
  • ৰীতা ভাদুৰী - মিচেচ যোশী
  • ভাৰত কাপোৰ - মিঃ যোশী
  • ৰাজুশ্ৰেষ্ঠা - জজো
  • দিনেশ হিংগু - বৰ্ড মেম্বাৰ
  • টিকু টালচানীয়া - অধ্যক্ষ
  • অৰুণ বাক্সী - লেকচাৰাৰ
  • চতে উস্তাদ - ৰাংগীলা
  • নীলোফাৰ - পূজাৰ বন্ধু
  • বেবী আশ্ৰাফা - জ্যোতি

সংগীত

নাদিম-শ্ৰাৱণৰ দুয়োজনৰে সংগীত জনপ্ৰিয় হৈছিল। গীতৰ কথাবোৰ সমীৰে পৰিকল্পনা কৰিছিল। চলচ্চিত্ৰখনত কুমাৰ চানু, অলকা য়াগনিক, উদিত নাৰায়ণ আৰু পি. সুনন্দাই কণ্ঠদান কৰিছিল। চলচ্চিত্ৰখনৰ “তুঝে না দেখু তো চেইন”, “তেৰি মহব্বত নে” আৰু “দিল চিৰ কে দেখ” গীতকেইটা খুব জনপ্ৰিয় হৈছিল।১

#শিৰোনামকণ্ঠশিল্পী
১"তুমহে দেখে মেৰী আখে"কুমাৰ চানু, অলকা য়াগনিক, পি সুনন্দা
২"তেৰি মহব্বত নে"কুমাৰ চানু, অলকা য়াগনিক
৩"তুঝে না দেখু তো চেইন"কুমাৰ চানু, অলকা য়াগনিক
৪"হম তুম পিকচাৰ দেখ ৰহে"উদিত নাৰায়ণ, অলকা য়াগনিক
৫"দিল চিৰ কে দেখ"কুমাৰ চানু
৬"মেৰে প্যাৰ কা হিচাব"কুমাৰ চানু, অলকা য়াগনিক
৭"কামিং কামিং কামিং"অলকা য়াগনিক
৮"দিল চিৰ কে দেখ" (মহিলা)অলকা য়াগনিক

"হম তুম পিকচাৰ দেখ ৰহে" গীতটোৰ কথা সুৰেন্দ্ৰ সাথীৰ৷

দিব্যা ভাৰতীৰ মৃত্যু

বিস্তাৰিত: দিব্যা ভাৰতী

দিব্যা ভাৰতীয়ে এই চলচ্চিত্ৰত কাজলৰ চৰিত্ৰত অভিনয় কৰিছিল, চলচ্চিত্ৰখন মুক্তিৰ প্ৰায় ৩ মাহ পূৰ্বে তেওঁৰ মৃত্যু হয়৷ চলচ্চিত্ৰখনৰ পৰিচালকে ইউটিউবৰ এটা ভিডিঅ’ত কয় যে দিব্যাই সম্পূৰ্ণ কৰা অন্তিম দৃশ্যটো আছিল "তুঝে না দেখোন তো চেইন" নামৰ জনপ্ৰিয় গীতটো, আৰু সেইটো গীতৰ দৃশ্যগ্ৰহণৰ ৭/৮ দিনৰ পিছতে তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Nadeem-Shravan Top 20 soundtracks - Archived from original. rediff.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰং (১৯৯৩ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৩৪০৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।