ৰংগোলী হৈছে এটা ভাৰতীয় সংগীত-ভিত্তিক টেলিভিছন অনুষ্ঠান, যি প্ৰতিসপ্তাহৰ দেওবাৰে পুৱা দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেল ডিডি নেচনেলত প্ৰচাৰিত হয়।১ "ৰংগোলী" শব্দটোৱে আক্ষৰিকভাৱে ৰঙেৰে সাজ-সজ্জা কৰা। এই অনুষ্ঠানটো প্ৰযোজনা কৰে দূৰদৰ্শনে। এটা সময়ত এইটো "ক্ৰিয়েটিভ আই লিমিটেড" নামৰ বেচৰকাৰী প্ৰতিষ্ঠানে প্ৰস্তুত কৰিছিল।২ অনুষ্ঠানটোত একে ভাষাৰ ছাবটাইটেল ব্যৱহাৰ কৰা হয় যাৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলৰ সাক্ষৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয়।৩
ইতিহাস
ৰংগোলী প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত প্ৰচাৰ আৰম্ভ হয় আৰু ১৯৯০ দশকত ব্যাপক জনপ্ৰিয়তা লাভ কৰে। এই অনুষ্ঠানটো ভাৰতৰ বাহিৰতো বিশেষকৈ মধ্যপ্ৰাচ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশত জনপ্ৰিয় হৈছিল, য’ত বহু ভাৰতীয় প্ৰৱাসী বাস কৰে।
১৯৯৭ চনত চিত্ৰহাৰ আৰু ৰংগোলী উভয় অনুষ্ঠানেই বেচৰকাৰী প্ৰযোজকৰ হাতলৈ ঘূৰাই দিয়া হয়। চিত্ৰহাৰ প্লাছ চেনেলৰ অমিত খন্নাৰ হাতলৈ আৰু ৰংগোলী ধীৰাজ কুমাৰৰ ক্ৰিয়েটিভ আইৰ হাতলৈ যায়।৪
২০১৪ চনত ৰংগোলী দূৰদৰ্শনত আটাইতকৈ বেছি ৰেটিং লাভ কৰা অনুষ্ঠান হৈ পৰে। দেওবাৰে পুৱা ৮ বজাৰপৰা ৯ বজালৈ এই সময়ছোৱাত অনুষ্ঠানটোৱে 4 TVM লাভ কৰিছিল, যি এটা নতুন অভিলেখ আছিল।৫
প্ৰথম কেইটামান ঋতুত অনুষ্ঠানটো পৰিচালনা কৰিছিল বলীউড অভিনেত্ৰী হেমা মালিনীয়ে।৬ তাৰ পাছত শ্বেতা তিৱাৰী, প্ৰাচী শাহ, নীতু চন্দ্ৰা আদি বিভিন্ন অভিনেত্ৰীয়ে এই অনুষ্ঠান পৰিচালনা কৰিছে। ২০১৯ চনৰ জুলাই মাহত সুৰভিন চাওলাই পৰিচালনা কৰিছিল আৰু আগষ্ট ২০১৯ৰপৰা মধুৱে অনুষ্ঠানটো পৰিচালনা কৰি আহিছে।৭
পৰিচালকসকল
- হেমা মালিনী৮
- শৰ্মিলা ঠাকুৰ৮
- ময়ূৰী কানগো৯
- ইন্দৰ কুমাৰ৯
- প্ৰাচী শাহ
- জয়া ভট্টাচাৰ্য
- শ্বেতা তিৱাৰী
- ছাৰা খান১০
- স্বৰা ভাস্কৰ৮
- নীতু চন্দ্ৰা১১
- সুৰভিন চাওলা১২
- হৃষিতা ভাট
- মধু১৩
তথ্যসূত্ৰ
- ↑ Regular programme contribution for DD National by DDK Mumbai. Doordarshan
- ↑ Rangoli will be handed over to pvt producers again. The Times of India
- ↑ (8 September 2009). Karaoke, puppets and women's lib: the new literacy. Hindustan Times
- ↑ (28 February 1997). Two top programmes on DD1, Chitrahaar and Rangoli, go back to private producers
- ↑ (8 July 2014). DD National's 'Rangoli' still a favourite
- ↑ Interview with Hema Malini. E-Pao!
- ↑ RANGOLI IN NEW AVTAAR WITH MADHU · Doordarshan. doordarshan.gov.in
- ↑ (2 November 2015). Swara Bhaskar to host Doordarshan's Rangoli. Hans India
- ↑ (6 April 2001). Rangoli.. Creative Eye struck a deal. indiantelevision.com
- ↑ (3 May 2013). Sara Khan replaces Shweta Tiwari in DD National's 'Rangoli'. The Times of India
- ↑ (15 May 2017). Swara Bhaskar bids adieu to DD National's 'Rangoli'. The Times of India
- ↑ दूरदर्शन के शो 'रंगोली' की होस्ट बनीं सुरवीन चावला
- ↑ (15 August 2019). RANGOLI IN NEW AVTAAR WITH MADHU PROMO
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংগোলী (দূৰদৰ্শনৰ অনুষ্ঠান)” প্ৰবন্ধৰ সংশোধন ৫৩২৬১০ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।