ৰুদালী হৈছে এক ধৰণৰ পেছাদাৰী শোক প্ৰকাশৰ প্ৰথা বা পৰম্পৰা। ৰাজস্থানৰ গ্ৰাম্য অঞ্চলত প্ৰচলিত এই প্ৰথামতে নিম্নবিত্ত মহিলাসকলক এই কাৰ্যত নিয়োগ কৰা হয়। এনেদৰে নিয়োগ কৰা মহিলাসকলকো ৰুদালী বোলা হয়। এই প্ৰথামতে উচ্চ জাতিৰ মৃত পুৰুষসকলৰ মৃত্যুত শোকৰ বাবে নিম্ন জাতিৰ মহিলাসকলক অন্ত্যেষ্টিক্ৰিয়াত কান্দিবলৈ নিয়োগ কৰা হয়।১ এনে কান্দোন সাধাৰণতে মৃতকৰ ব্যক্তিত্ব আৰু অতীতৰ কামৰ প্ৰশংসা কৰি কান্দি থাকোঁতে গোৱা গান।২ ক্ৰন্দনৰত মহিলা সকলে মৃতকৰ প্ৰশংসাত কান্দোন আৰু গানৰ সৈতে নিজৰ মূৰ আৰু বুকুত প্ৰহাৰ কৰি অনিয়ন্ত্ৰিত আৱেগ প্ৰদৰ্শন কৰাৰ ই এক বাধ্যতামূলক অভিব্যক্তি।২
ইতিহাস
ঐতিহাসিকভাৱে এই পেছাদাৰী শোকৰ কাম কৰিবলৈ সাধাৰণতে মহিলাক নিয়োগ কৰা হয়। পুৰুষসকলক ইয়াৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা হৈছিল কিয়নো তেওঁলোকক পৰিয়ালৰ শক্তিশালী আৰু মুৰব্বী বুলি গণ্য কৰা হৈছিল, যি দুখৰ দৰে কোনো ধৰণৰ আৱেগ দেখুৱাবলৈ অনিচ্ছুক আছিল। মহিলাসকলৰ বাবে শোক প্ৰকাশ কৰাটো সামাজিকভাৱে গ্ৰহণযোগ্য আছিল, আৰু ধৰ্মৰ ক্ষেত্ৰত মৃত শৰীৰকলৈ শোক প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ।৩ কিছুমান প্ৰবন্ধত উল্লেখ আছে যে পুৰুষৰ বাবে পৃথিৱীত বহুতো চাকৰি কিন্তু মহিলাৰ বাবে সকলো ঠাইত চাকৰি নাথাকে। সেয়েহে স্বউপাৰ্জনৰ চাকৰিয়ে মহিলাসকলক আত্মগৌৰৱৰ অনুভূতি দিছিল। এই পেছাদাৰী শোকৰ কাম ধনৰ চিহ্ন হিচাপেও দেখা গৈছিল। যিমান বেছি বিলাপকাৰীয়ে কান্দিছিল, মৃত ব্যক্তিজনক সমাজত সিমানেই সন্মানিয় বুলি বিবেচনা কৰা হৈছিল।৪
ৰুদালী সম্পৰ্কীয় উপন্যাস
- প্ৰসিদ্ধ লেখিকা মহাশ্বেতা দেৱীৰ ‘ৰুদালী’ (১৯৮০) নামৰ উপন্যাসটো সকলোৰে সুপৰিচিত। উপন্যাসটো এগৰাকী মহিলাৰ জীয়াই থকাৰ সংগ্ৰামৰ কাহিনী। কাহিনীটোৱে মহিলাগৰাকীৰ জীৱনৰ ব্যক্তিগত পৰিৱৰ্তনক ৰুদালী হিচাপে দেখুৱাইছে।৫৬৭
- লে পেয়াৰ গোৰিয়টৰ বিখ্যাত উপন্যাস ‘অনৰ ডি বালজাক’ (১৮৩৫)-ত উল্লিখিত চৰিত্ৰটোৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ ছোৱালীৰ সলনি ৰুদালী উপস্থিত আছিল।৮
- জেকচ এমডাৰ বিখ্যাত উপন্যাস ‘ৱেজ অফ ডাইং’ (১৯৯৫)-ত উল্লিখিত তুলোকি নামৰ চৰিত্ৰটো স্ব-নিযুক্ত পেছাদাৰী শোক প্ৰকাশ কৰা ৰুদালী আছিল।৯
ৰুদালী সম্পৰ্কীয় চলচ্চিত্ৰ
- কল্পনা লাজমীৰ দ্বাৰা পৰিচালিত, ৰাজস্থানৰ প্ৰেক্ষাপটত কৰা ভাৰতীয় কথাছবি ‘ৰুদালী’ (১৯৯৩) হৈছে এগৰাকী পেছাদাৰী ৰুদালীৰ জীৱনৰ কাহিনী।১০
- বাহমান কিয়াৰোষ্টমীৰ দ্বাৰা পৰিচালিত চুটি তথ্যচিত্ৰ ‘তাবাকী’ (২০০১) পেছাদাৰী শোক কৰাসকলৰ জীৱনৰ ওপৰত।১১
- মাৰ্ক মেলিৰ দ্বাৰা পৰিচালিত ফিলিপাইনৰ ছবি ‘ক্ৰাইং লেডিজ’ (২০০৩) পেছাদাৰী শোক কৰা তিনিগৰাকী মহিলাৰ জীৱনৰ ওপৰত যি ফিলিপাইনৰ প্ৰেক্ষাপটত বনোৱা হৈছে।১২
বাহ্যিক সংযোগ
- Rudaali in Film Narrative: Looking Through the Feminist Lens
- “Rudaali” Culture of Moirologists in Rajasthan
তথ্যসূত্ৰ
- ↑ Bhaumik, M. RUDALI THE MOURNER: THE ‘CRY’OF THE MARGIN episteme.net.in/web.content/d.73/content/534/att
- ↑ Pradhan, A. P. (2013). Ceremonial Crying: The Colonial Projection (Doctoral dissertation) ethesis.nitrkl.ac.in/4732/1/411HS1005.pdf
- ↑ Arbel, Vita. (2012). Forming Femininity in Antiquity. ISBN 978-0-19-983777-9
- ↑ (2014-10-15). Requirements of Professional Mourners in Ancient Egypt. - María Rosa Valdesogo. María Rosa Valdesogo
- ↑ Devi Mahasweta, Breast Stories Trans. Gaytri Spivak, Calcutta Seagull. Devi, Mahasweta. Rudali. Karuna Prakashni: Calcutta, 1980
- ↑ S. Guru Shobana, Mahasweta Devi’s Rudali:A Story of Survival – From Tears to Triumph, Journal of English Language Teaching and Literary Studies(JELTALS)http://sites.google.com/site/jeltals/archive/vol-6-no-1-july---december-2018/7-mahasweta-devi-s-rudali-a-story-of-survival-from-tears-to-triumph---s-guru-shobana
- ↑ Ghosh, A. Mahasweta Devi’s Rudali: Wailing Motherhood.http://www.researchgate.net/profile/Arpita-Ghosh-4/publication/341757340_Mahasweta_Devi%27s_Rudali_Wailing_Motherhood/links/5ed9ce6d4585152945370808/Mahasweta-Devis-Rudali-Wailing-Motherhood.pdf
- ↑ Balzac, Honoré de. Father Goriot. (The Works of Honoré de Balzac. Vol. XIII.) Philadelphia: Avil Publishing Company, 1901
- ↑ Zakes., Mda. (2002). Ways of dying: a novel. Picador USA. ISBN 978-0-312-42091-8
- ↑ University of Iowa indiancinema.sites.uiowa.edu/rudaali
- ↑ Tabaki. IMDB www.imdb.com/title/tt0391892/
- ↑ Crying Ladies. IMDBhttp://www.imdb.com/title/tt0391892/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদালী” প্ৰবন্ধৰ সংশোধন ৬৩০৯৬০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।