অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰোজা (চলচ্চিত্ৰ)

ৰোজা (Roja) হৈছে মণি ৰত্নমৰ দ্বাৰা পৰিচালিত আৰু সহ-লিখিত ১৯৯২ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত অৰবিন্দ স্বামী আৰু মধু (মধুবালা নামৰে খ্যাত)য়ে‍ অভিনয় কৰিছে। ছবিখন কে. বালাচান্দেৰে তেওঁৰ কবিতালয় প্ৰডাকচনৰ অধীনত প্ৰযোজনা কৰিছিল আৰু জি. ভেংকটেশ্বৰনে বিতৰণ কৰিছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰোজা (Roja) হৈছে মণি ৰত্নমৰ দ্বাৰা পৰিচালিত আৰু সহ-লিখিত ১৯৯২ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত অৰবিন্দ স্বামী আৰু মধু (মধুবালা নামৰে খ্যাত)য়ে‍ অভিনয় কৰিছে। ছবিখন কে. বালাচান্দেৰে তেওঁৰ কবিতালয় প্ৰডাকচনৰ অধীনত প্ৰযোজনা কৰিছিল আৰু জি. ভেংকটেশ্বৰনে বিতৰণ কৰিছিল। ছবিখনৰ চিনেমাটোগ্ৰাফী সন্তোষ শিৱনৰ; সংগীতেৰে‍ আত্মপ্ৰকাশ ঘটিছিল এ. আৰ. ৰহমানৰ, আনহাতে সম্পাদনা সুৰেশ উৰ্ছৰ।

ইয়াত তামিলনাডুৰ এখন গাঁৱৰ এগৰাকী সাধাৰণ ছোৱালীয়ে জম্মু-কাশ্মীৰত এক গোপন অভিযানৰ সময়ত উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ পিছত নিজৰ স্বামীক বিচাৰি উলিয়াবলৈ কৰা কঠোৰ প্ৰচেষ্টাৰ কাহিনী উল্লেখ কৰা হৈছে।

১৯৯২ চনৰ ১৫ আগষ্টত মুক্তি পোৱা ছবিখনে ইতিবাচক সমালোচনাৰ সন্মুখীন হয়, দেশপ্ৰেমমূলক বিষয়বস্তু আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। ২৪ সংখ্যক আই এফ এফ আইৰ ভাৰতীয় পেনোৰামা শাখাত ইয়াক প্ৰদৰ্শিত কৰা হৈছিল।

ৰোজাই ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ ছবিকে ধৰি তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি ৰত্নমক ৰাষ্ট্ৰীয় প্ৰশংসালৈ আগবঢ়াই দিয়ে। ১৮ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে মনোনয়ন লাভ কৰিও ছবিখনে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰে। সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে ছবিখন পুনৰ মুক্তি দিয়া হয়। বম্বে (১৯৯৫) আৰু দিল ছে (১৯৯৮)ৰ পূৰ্বে মণিৰত্নমৰ ত্ৰিলজীত ভাৰতীয় ৰাজনীতিৰ পটভূমিত মানৱ সম্পৰ্কক চিত্ৰিত কৰা প্ৰথমখন ছবি।

এই ছবিখনৰ জৰিয়তে এ আৰ ৰহমানে সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।১ তেওঁৰ কামৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ সংগীত পৰিচালক – তামিলৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

কাহিনী

কাশ্মীৰ প্ৰদেশৰ শ্ৰীনগৰত অৰ্ধসামৰিক বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত গ্ৰেপ্তাৰ হয় ৱাছিম খান নামৰ এজন উগ্ৰপন্থী। এই কাশ্মীৰতেই তামিলনাডুৰ পৰা নৱবিবাহিত দম্পতীয়ে ঋষি-ৰোজা ভ্ৰমণলৈ যায়, ঋষি এজন চৰকাৰী বিষয়া। পত্নীৰ সন্মুখতে ঋষিক এবাৰ দিনৰ পোহৰত ৱাছিম খানৰ দলৰ সন্ত্ৰাসবাদীয়ে গাড়ীত উঠাইছিল।তেওঁৰ পত্নীয়ে প্ৰথমে পুলিচৰ ওচৰলৈ গৈছিল যদিও কোনো সহায় নাপালে, তাৰ পিছত কাশ্মীৰ ৰাইফলছৰ ছেক্টৰ কমাণ্ডাৰ (শ্ৰীনগৰ) কৰ্ণেল ৰাইয়াপ্পাৰ পৰা সহায় বিচাৰিছিল, যিয়ে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু মূলতঃ কৰ্ণেল ৰাইয়াপ্পাৰ সহায়ত ৰোজাই স্বামী ঋষিক ঘূৰাই পাইছিল।

চিত্ৰায়ন

ৰত্নমে কাশ্মীৰত ৰোজাৰ শ্বুটিং কৰাৰ পৰিকল্পনা কৰিছিল যদিও তাত চলা চৰম সন্ত্ৰাসবাদে তেওঁক ছবিখনৰ সৈতে মিল থকা আন হিল ষ্টেচনত শ্বুটিং কৰিবলৈ বাধ্য কৰাইছিল।২৩ শ্বুটিং স্থানসমূহৰ ভিতৰত আছিল কুনুৰ,৪ উটি,৫ আৰু হিমাচল প্ৰদেশৰ মানালী।৬৭ ছবিখনৰ চিনেমাটোগ্ৰাফাৰ সন্তোষ শিৱনে কয় যে চিত্ৰনাট্য পৰ্যায়ত বহু ছবি লিখা হৈছিল; আনকি কাশ্মীৰৰ ক্ৰমবোৰতো ৰোজাই প্ৰথমবাৰৰ বাবে বৰফ দেখিলেহে দৰ্শকে বৰফ দেখা পায়। এইবোৰ কথা চিত্ৰনাট্যত লিখা হৈছিল।৮ "চিন্না চিন্না আছাই" গীতটোৰ শ্বুটিং ধৰ্মপুৰীৰ হোগেনাক্কল জলপ্ৰপাত আৰু তিৰুনেলভেলীৰ পাপানাছামৰ বানাথিৰথাম জলপ্ৰপাতত কৰা হৈছিল।৯১০ শক্তি সিঙে ছবিখনৰ হিন্দী সংস্কৰণত অৰবিন্দ স্বামীৰ বাবে ডাব কৰিছিল,১১১২ আনহাতে মধুবালাই নিজৰ বাবে ডাব কৰিছিল।১৩ ৬০ দিনতকৈও কম সময়ৰ ভিতৰতে গোটেই ছবিখন সম্পূৰ্ণ হৈছিল।১৪ ছবিখনৰ চূড়ান্ত দৈৰ্ঘ্য আছিল ৩,৭৫০ মিটাৰ (১২,৩০০ ফুট)।১৫

তথ্যসূত্ৰ

  1. ↑ (15 June 2024). AR Rahman: ‘I wanted to do Roja and leave films, and then I became the change’
  2. ↑ Raina, Muzaffar. (13 May 2008). Valley back on silver screen. The Telegraph
  3. ↑ Phadke, Aparna. (21 April 2008). It's lights, camera, action in Kashmir. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (6 July 2016). 20 days schedule for Mani Ratnam's next in Nilgiris. Sify
  5. ↑ (19 October 2008). An evening in Ooty. The Economic Times. 18 April 2016
  6. ↑ Gupta, Pratim D. (16 May 2006). Kajol mesmerises you. The Telegraph
  7. ↑ (19 November 2013). Want to travel to where Hrithik and Preity sang Agar Main Kahoon?. ইণ্ডিয়া টুডে
  8. ↑ Naig, Udhav. (28 June 2014). Behind the cameraman. দ্য হিন্দু
  9. ↑ Aishwarya, S. (3 July 2010). Indian locations provide stunning backdrops for film shoots. দ্য হিন্দু
  10. ↑ Simhan, T. E. Raja. (29 February 2008). The Roja falls. Business Line
  11. ↑ Chandara, Anupama. (15 November 1995). Started by Roja and Jurassic Park, dubbing for Hollywood blockbusters becomes big business. ইণ্ডিয়া টুডে
  12. ↑ Ramnath, Nandini. (22 March 2016). 'The Jungle Book' in Hindi is Hollywood's latest attempt to go local. Scroll.in
  13. ↑ Rangan 2012, পৃ. 133
  14. ↑ Menon, Vishal. (19 August 2017). Greener than the greenest grass: Santosh Sivan and 'Roja'. দ্য হিন্দু
  15. ↑ (14 August 1992). 'ROJA' (Celluloid). কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৪০৪১৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।