অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হেমা চৌধুৰী

হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ৪০৫ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে। ১৯৭৬ চনত তেলেগু ছবি “পেল্লী কানি পেল্লী’’ত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰি ১৯৮০ চনত সহযোগী চৰিত্ৰত অভিনয় কৰে৷

“বিজয়া বাণী’’, “শুভাষয়া’’, “দীপা’’, “গালি মাথু’’ আৰু “নী বৰেদা কদাম্বৰী’’ আদি কানাড়া ছবিত তেওঁ নেতিবাচক চৰিত্ৰত মনপৰশা অভিনয় কৰিছিল৷ তেওঁৰ তামিল ছবিসমূহৰ ভিতৰত কে. বালাচন্দ পৰিচালিত “মনমাধা লীলাই’’(১৯৭৬ চনৰ ছবি)ত অভিনেতা কমল হাছানৰ বিপৰীতে কৰা অভিনয় আটাইতকৈ উল্লেখযোগ্য।১ ১৫০ খনতকৈও অধিক ছবিত অভিনয় কৰা হেমাক দক্ষিণ ভাৰতীয় চিনেমাৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ শিল্পী হিচাপে গণ্য কৰা হয়।

বহু বিখ্যাত শিল্পীৰ সৈতে হেমা চৌদহুৰীয়ে সহ অভিনয় কৰিছে৷ তাৰ ভিতৰত উল্লেখযোগ্যসকল হ’ল, এন টি ৰামা ৰাও, ড. ৰাজকুমাৰ, ড. বিষ্ণুবৰ্ধন, কল্যাণ কুমাৰ, ৰাজেশ(কানাড়া অভিনেতা), কৃষ্ণম ৰাজু, কৃষ্ণ, অম্বৰীশ, কমল হাছান, চিৰঞ্জীৱী, মোহন বাবু, অনন্ত নাগ, শংকৰ নাগ, লোকেশ, শ্ৰীনাথ, মালয়ালম ছুপাৰ ষ্টাৰ প্ৰেম নাজিৰ, শিৱৰাজ কুমাৰ, অৰ্জুন সৰ্জা, ৰবিচন্দ্ৰন আৰু টাইগাৰ প্ৰভাকৰ, বি. সৰোজা দেৱী, অঞ্জলি দেৱী, যমুনা, জয়ন্তী(অভিনেত্ৰী), ভাৰতী বিষ্ণুবৰ্ধন, কল্পনা(কানাড়া অভিনেত্ৰী), শৰদা(অভিনেত্ৰী), জয়াপ্ৰদা, শ্ৰীদেৱী, কে. আৰ বিজয়া, লক্ষ্মী, জয়মলা, আৰথী, মঞ্জুলা আৰু পদ্মপ্ৰিয়া আৰু অন্যান্য।

অভিনয়ৰ উপৰিও হেমা চৌধুৰী এগৰাকী নিপুণ কুচিপুড়ী নৃত্যশিল্পী আৰু নৃত্যত তেওঁৰ গুৰু আছিল গুৰু ভেম্পতী চিন্না সত্যম৷ গুৰুৰ সৈতে হেমাই সমগ্ৰ বিশ্বতে ৭০০ৰো অধিক অনুষ্ঠানত অভিনয় কৰিছে। নৃত্যৰ দক্ষতাৰ বাবে তেওঁ “পেনোৰামা বঁটা’’ লাভ কৰিছে। “ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’’ সমিতিয়ে তেওঁক তিনি বছৰৰ বাবে “বিচাৰক পেনেল’’ৰ এজন হিচাপে নিৰ্বাচিত কৰা হৈছে।২

প্ৰাৰম্ভিক জীৱন

হেমাৰ জন্ম হৈছিল অন্ধ্ৰপ্ৰদেশত৷ তেওঁৰ মাক জনপ্ৰিয় মহিলা ডাবিং শিল্পী তথা তেলেগু ছবিৰ অভিনেত্ৰী ব্ৰুণ্ডাভানা চৌধাৰী। হেমাই চেন্নাই ফিল্ম ইনষ্টিটিউটৰ পৰা ৰাজনী কান্ত আৰু অন্যান্য বহুতৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰে।

কৃতিত্ব

অভিনয়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ১৯৭৬ চনত অধিৰাজ আনন্দ মোহনৰ পৰিচালনাত নিৰ্মিত “পেল্লী কানি পেল্লী’’ ছবিখনত তামিল অভিনেতা শ্ৰীধৰৰ বিপৰীতে হেমাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু কমল হাছানৰ ব্লকবাষ্টাৰ তামিল ছবি “মনমাধা লীলাই (১৯৭৬ ছবি)ত নায়িকাৰ চৰিত্ৰত অভিনয় কৰে৷ তেওঁৰ প্ৰথম কানাড়া ছবি আছিল “বিজয়া বাণী’’(১৯৭৬), যত তেওঁ দ্বিতীয় মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পিছত “শুভাষয়া’’, “দেৱৰা দুদ্দু’’, “বংশ জ্যোতি’’ আৰু “দীপা’’। হেমাই “বাংগাৰু মণিষী (১৯৭৭), “নিজাম(১৯৭৮), “কোট্টা আল্লুডু’’(১৯৭৯) আদি তেলেগু ছবিতো কাম কৰিছিল। “গালি মাথু’’(১৯৮১) ছবিখনত ধূসৰ ৰঙৰ ছাঁ থকা চৰিত্ৰ এটাৰ সাহসী চিত্ৰণে তেওঁক সকলোৰে বাবে ঘৰুৱা যেন কৰি তুলিছিল। তেতিয়াৰ পৰাই কানাড়া চিনেমাৰ সকলো ডাঙৰ পৰিচালক আৰু অভিনেতাৰ সৈতে সহযোগী অভিনেত্ৰী হিচাপে ১৫০খনতকৈও অধিক ছবিত অভিনয় কৰে।

হেমাই তেওঁৰ প্ৰতিখন ছবি সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ দেশৰ হিন্দু দেৱী মন্দিৰত ৰেচম শাৰী আগবঢ়োৱাৰ প্ৰথা অনুসৰণ কৰে।৩

হেমাই তেওঁ কৰা নেতিবাচক সহ অভিনয়ৰ বাবে “Innovative Film Award’’ লাভ কৰাৰ উপৰি ৪আন বহুতু বঁটা-সন্মান লাভ কৰে৷

তথ্যসূত্ৰ

  1. ↑ (5 October 2013). Manmadha Leelai heroine Hema Chaudhary praises Kamal Haasan. Tamilwire
  2. ↑ Notes for 39th National Film Awards. Notesok
  3. ↑ (12 July 2013). Hema Chaudhary Wish!. Indiaglitz
  4. ↑ (3 May 2010). Innovative Film Awards, star studded, star oriented. chitratara.com

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীনৃত্যশিল্পীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৫৭০৩২ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।