ৰাং কুকুৰ অভিজিত ভট্টাচাৰ্য ৰচিত ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
অভিনয় শিল্পীসকল
তপন দাস, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সঞ্জীৱ শৰ্মা, নিৰ্মল দত্ত, শ্ৰীমন্ত মাধৱ দত্ত, ৰাণী বেগম, মিতুল বালাজী, পঞ্চী বৰা আদি
কাহিনী-ভাগ
পিতৃৰ অৱৰ্তমানত এখন লাইন হোটেল চলাই নায়কে (তপন দাস) নিজৰ পৰিয়ালটোক পোহপাল দিছিল। সদায় বেমাৰ হৈ থকা মাক বা চহৰত থাকি পঢ়া শুনা কৰা ভায়েক বা গাঁৱৰ দুখীয়া ছাত্ৰবোৰৰ সকলোৰে অভাৱবোৰ পূৰ কৰিছিল। সমাজৰ ৰাং কুকুৰ ৰূপী ধনী মানুহবোৰে দুখীয়া মানুহবোৰৰ তেজ শুহি আৰু ধনী হ’বলৈ চেষ্টা কৰে। সমাজৰ এই ৰাং কুকুৰবোৰক মনে প্ৰাণে ঘিণ কৰিছিল আৰু সিহঁতবোৰৰ লগত যুঁজি সিঁহতক ধ্বংস কৰাই জীৱনৰ উদ্দেশ্য কৰি লৈছিল। কিন্তু নাটকৰ চৰম মূহুৰ্তত নিজৰ ভায়েকে বিশ্বাসঘাটকতা কৰি সমাজৰ ৰাং কুকুৰবোৰৰ লগ লগাত নায়কে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। তাৰ পাছত দিনে ৰাতি অকল ৰাং কুকুৰ এজাকে খেদি অহা সপোন দেখে নায়কে। এনে পৰিস্থিতিত নায়কে প্ৰতিশোধ ল’বলৈ পৰিকল্পনা কৰে। ইতিমধ্যে নায়কৰ জীৱিকাৰ একমাত্ৰ সম্বল হোটেলখনো ভায়েকে কাঢ়ি লৈ যায়। তাৰপাছত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা নায়ক জনে প্ৰতিশোধ লবলৈ সক্ষম হ’ল নে নাই তাকে লৈ ‘ৰাং কুকুৰ’ৰ কাহিনীভাগ আগবাঢ়িছে। জয়ন্ত হাজৰিকাৰ ‘মোৰ মন ছাটকৰ কন্ঠত’ গীতটি নাটকখনত উপস্থাপন কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাং কুকুৰ (নাটক)” প্ৰবন্ধৰ সংশোধন ১৭৪১৩৮ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।