হোৱাই দিছ কোলাৱেৰী ডি (; Why This Murderous Rage, Girl?১) হৈছে ১৮ জানুৱাৰী ২০১২ তাৰিখে মুক্তি পাব লগা তামিল ভাষাৰ চলচ্চিত্ৰ থ্ৰী-ৰ এটি গীত। অনিৰুদ্ধ ৰবিচন্দেৰই সংগীত পৰিচালনা কৰা গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।
১৬ নবেম্বৰ ২০১১ত আধিকাৰিক ভাবে মুক্তি দিয়া হয় এই গীতটো মুক্তিৰ লগে লগেই চচিয়েল নেটৱৰ্কিং চাইটবোৰত অতি জনপ্ৰিয় হৈ পৰে। এই জনপ্ৰিয়তাৰ মূল কাৰণ বুলিব পাৰি গীতটোৰ "তাংলিছ" (তামিল + ইংলিছ) ভাষাৰ কথাংশ।২ অতি সোনকালেই, গীতটো হৈ পৰে ইউটিউব ভাৰতৰ আটাইতকৈ বেছি উপভোগ কৰা ভিডিঅ’।৩৪৫ কিছু সপ্তাহৰ ভিতৰতে, ইউটিউবে গীতটোৰ ভিডিঅ’টোক অতি কম সময়ৰ ভিতৰতে বিপুল দৰ্শনি লাভ কৰাৰ বাবে "ৰিচেণ্টলি মষ্ট পপুলাৰ গোল্ড মেডেল এৱাৰ্ড"-এৰে সন্মানিত কৰে।৬৭
গীতটোৰ সৃষ্টিৰ কাহিনী
১৮ বছৰীয়া সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দেৰৰ অনুসৰি ছবিখনৰ পৰিচালিকা ঐশ্বৰ্য ৰজনীকান্তে (যি হৈছে ধনুষৰ পত্নী) এটি বিফল প্ৰেমৰ ওপৰত লিখা "light-hearted" গীত বিচাৰিছিল। ৰবিচন্দেৰে ততাতৈয়াকৈ গীতটোৰ সুৰ ৰচনা কৰে, তাৰ পাছতেই ধনুষে গীতটোৰ কথা লিখিবলৈ আৰম্ভ কৰে। মাত্ৰ ২০ মিনিটৰ ভিতৰতে তেওঁ গীতটো লিখা সম্পূৰ্ণ কৰে।৮ "টাইমছ অফ ইণ্ডিয়া"-ৰ সৈতে হোৱা এক সাক্ষাতকাৰত ধনুষে উল্লেখ কৰিছে যে গীতটো তেওঁ তামিল ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা ইংৰাজী শব্দবোৰৰ কথা মনত ৰাখি লিখিছিল। I, you, me, how, why, cow... আদি শব্দবোৰ বাক্যত প্ৰয়োগ কৰিয়েই গীতৰ কথাখিনি তেওঁ সৃষ্টি কৰিছিল।৯
গীতটোৰ ইণ্টাৰনেটৰ জৰিয়তে ফাদিল হৈ যোৱা এই পূৰ্বৰ সংস্কৰণৰ পাছত, প্ৰযোজক পক্ষই গীতটোৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আধিকাৰিক ভাবে মুক্তি দিয়াৰ সিদ্ধান্ত লয়।৮১০
গীতৰ কথা
গীতটোত ব্যৱহাৰ কৰা শব্দবোৰ হৈছে "তাংলিছ" ভাষাৰ সৰল শব্দ। তাংলিছ হৈছে তামিল আৰু ইংৰাজী ভাষাৰ মিশ্ৰণত সৃষ্টি হোৱা ভাষা। গীতটোৰ গায়কজনক নিজৰ প্ৰেমিকাৰ পৰা প্ৰত্যাখিত এজন ভাৰতীয় যুবকৰ ৰূপৰ উপস্থাপন কৰা হৈছে। তেওঁ সুৰামত্ব অৱস্থাত গীত গাই প্ৰেমিকাক তেওঁক প্ৰত্যাখ্যান কৰাৰ কাৰণ সুধিছে।৫৮ গীতৰ শব্দবোৰক "অৰ্থহীন" (nonsensical) আৰু "তামিল পথৰ ব্যঙ্গোক্তি" (Tamil street humour)-ৰ বহিঃ প্ৰকাশ ৰূপে অভিহিত কৰা হৈছে।৫ ধনুষে কৈছে যে এনে সৰল শব্দবোৰৰ বাবে শ্ৰোতাই গীতটোক নিজৰ লগত সম্পৰ্কিত কৰিবলে সক্ষম হৈছে।১১
সংগীত ভিডিঅ’
কোলাৱেৰী ডি গীতটোৰ সংগীত ভিডিঅ’টোত অভিনেতা-নেপথ্য গায়ক ধনুষক এক ষ্টুডিঅ’ত গীত গাই থকা দেখা যায়। লগতে কীবৰ্ডত সংগ দিয়ে সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দেৰে। সহ-অভিনেত্ৰী শ্ৰুতি হাছান আৰু পৰিচালিকা ঐশ্বৰ্য ৰজনীকান্তক নেপথ্যত গীতটো শুনি থকাও দেখা পোৱা যায়।১২১৩
মুক্তি আৰু সমাদৰ
মুক্তিৰ লগে লগেই ২১ নবেম্বৰ ২০১১ৰ সন্ধিয়া গীতটোৱে #kolaveri হেচটেগৰ দ্বাৰা টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডৰ শীৰ্ষস্থান পায়গৈ। সংগীত ভিডিঅ’ৰ আধিকাৰিক মুক্তিৰ এসপ্তাহৰ ভিতৰতেই ইউটিউবত ই ১৩ লাখতকৈ অধিক দৰ্শনী আৰু ফেইচবুকত ১০ লাখতকৈ অধিক শ্বেয়াৰ পায়। এই গোটেই সময়চোৱা ধৰি ই টুইটাৰৰ টপ ট্ৰেণ্ডত থাকে। মূলতঃ তাংলিছ কথাৰ বাবেই অনা-তামিল শ্ৰোতাৰ মাজতো গীতটোৱে বিপুল জনপ্ৰিয়তা লাভ কৰে।১৩১৪১১ নবেম্বৰৰ শেষত ইউটিউবত দৰ্শনীৰ সংখ্যা হয় ১,০৫,০০,০০০ -ৰো অধিক।১৫
মুক্তিৰ ১৮ দিনৰ ভিতৰতে ২,১০,১০০ সংখ্যক ডাউনলোডৰ সৈতে গীতটো হৈ পৰে মোবাইলত আটাইতকৈ বেছি ডাউনলোড কৰা গীত।১৬ ২৪ নবেম্বৰ ২০১১ত এম টিভি ভাৰতে গীতটোৰ সম্প্ৰচাৰ কৰে। এয়া আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ হোৱা প্ৰথম তামিল ভাষাৰ গীত।১৭ ৫ ডিচেম্বৰত ইউটিউবত দৰ্শনীৰ সংখ্যা ১.৬ কোটি স্পৰ্শ কৰেগৈ।১৮
গীতটোৰ বিভিন্ন পেৰডি সংস্কৰণ বিভিন্ন ভাৰতীয় ভাষাত সৃষ্টি হয়।১৯২০ গীতটোৰ জনপ্ৰিয়তাৰ কথা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান পায়। ইয়াৰ উদাহৰণ বি বি চি২১ আৰু টাইম আলোচনী২২ ভাৰতৰ আগশাৰীৰ ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এমে কোলাৱেৰী ডিৰ জনপ্ৰিয়তাক কাৰণ উলিয়াবৰ বাবে অধ্যয়নৰো আয়োজন কৰে।১৬
গীতটো প্ৰথমবাৰৰ বাবে মঞ্চত ধনুষে পৰিবেশন কৰে ১৮ ডিচেম্বৰ ২০১১ তাৰিখে বিগ ষ্টাৰ স্ক্ৰিন এৱাৰ্ড ২০১১ত।২৩
বহিঃসংযোগ
- হোৱাই দিছ কোলাৱেৰী ডি - সংগীত ভিডিঅ’ ইউটিউবত (চনি মিউজিক ইণ্ডিয়াৰ চেনেল)
তথ্যসূত্ৰ
- ↑ 'Soup is a colloquial Tamil word used for guys who go through failure in love'. 28 November 2011. Rediff.com
- ↑ Marur, Deeksha. (21 November 2011). Kolaveri Di goes viral. Times of India
- ↑ (21 November 2011). Kolaveri is the most searched video. Times of India
- ↑ (19 November 2011). Danush's '3 - Why This Kolaveri Di' a smashing hit - Video. KollyInsider
- ↑ Ramadurai, Charukesi. (24 November 2011). Tamil 'nonsense' film song goes viral in India. BBC
- ↑ (7 December 2011). Kolaveri bags YouTube Gold Award. Shows Bollywood website
- ↑ Kolaveri bags YouTube Gold Award. 7 December 2011. Sify
- ↑ Kamath, Sudhish. (23 November 2011). Why this ‘Why this Kolaveri’?. দ্য হিন্দু
- ↑ (29 November 2011). Dhanush: Never expected 'Kolaveri di' to become such a rage. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ramanujam, Srinivasa. (11 November 2011). '3' songs leaked!. Times of India
- ↑ (23 November 2011). Kolaveri Di: Tamil actor ধনুষ's studio rendering of bathroom crooning becomes a global rage. The Economic Times
- ↑ (17 November 2011). Why This Kolaveri Di?. Sify
- ↑ (24 November 2011). Kolaveri di song goes viral on Net. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (23 November 2011). The Kolaveri Di phenomenon. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Indo-Asian News Service. (30 November 2011). Kolaveri Di crosses 10-million mark. Hindustan Times
- ↑ Singh, Renu. (Dec 10, 2011). B-schools hit by the Dhanush's Kolaveri di attack. Times of India
- ↑ (25 November 2011). Kolaveri becomes youth anthem. NDTV
- ↑ Vadlamani, Sriram. (December 05, 2011). India’s viral video hit Kolaveri Di refuses to fade. AsianCorrespondent.com
- ↑ (Dec 9, 2011). Top 10 Versions of 'Kolaveri Di' Song. Times of India
- ↑ Deepa Kurup, Why this ‘kolaveri di' is India's coming of age, The Hindu, 4 December 2011
- ↑ Ramadurai, Charukesi. Tamil 'nonsense' film song goes viral in India. BBC News
- ↑ Jackson, Joe. (November 30, 2011). Nonsensical, Semi-English Music Video Goes Viral in India. Time (magazine)
- ↑ (18 December 2011). Stars at Big Star Entertainment Awards. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোৱাই দিছ কোলাৱেৰী ডি” প্ৰবন্ধৰ সংশোধন ৬৪০৩৪৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।