কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আঅ' ন্হাত বিন
আঅ' ন্থাত বিন (ইংৰাজী: Áo nhật bình) আছিল এক ভিয়েটনামীয় ৰাজকীয় পোছাক। ঙুয়েন বংশৰ (১৮০২–১৯৪৫) শাসনকালত ৰাজপৰিয়ালৰ মহিলা সদস্য আৰু অভিজাত মহিলাসকলে এই পোছাক পৰিধান কৰিছিল। ইয়াক বিশেষকৈ টেট উৎসৱ, বিবাহ আৰু ৰাজদৰবাৰৰ অনুষ্ঠানৰ দৰে আনুষ্ঠানিক ক্ষণত পৰিধান কৰা হৈছিল।
-
আই এম জীজা
আই এম জীজা ( I Am Jeeja ) চলচ্চিত্ৰ নিৰ্মাতা স্বাতী চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ, যিয়ে মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী জীজা ঘোষৰ কাহিনী বৰ্ণনা কৰিছে। এই ছবিৰ জৰিয়তে স্বাতীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন আৰু যুদ্ধ দেখুৱাবলৈ চেষ্টা কৰিছে।
-
আই.এন.এ. যুদ্ধ সংগ্ৰহালয়
আই.এন.এ. যুদ্ধ সংগ্ৰহালয় (মেইতেইঃ আই.এন.এ. লান-জি পুকেই লাংকেই শ্যাংলেন) বা ভাৰতীয় ৰাষ্ট্ৰীয় সেনা যুদ্ধ সংগ্ৰহালয় (মেইতেইঃ ইণ্ডিয়া লীপাক-কি লানমি-জি, পুকেই লাংকেই শ্যাংলেন) হ'ল মণিপুৰৰ মইৰাংত অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধ সংগ্ৰহালয়।
-
আইন'ট য়'ৰ মামা
আইনট ইউৰ মামা (Ain't Your Mama) হৈছে আমেৰিকান গায়িকা জেনিফাৰ ল'পেজে ৰেকৰ্ডিং কৰা এটা গীত। ইয়াৰ লেখক আছিল মেঘান ট্ৰেইনৰ, থেৰন থমাছ, জেকব কাশ্বাৰ হিণ্ডলিন, গামাল "লাঞ্চমানি" লুইচ, হেনৰী "চাৰ্কটা" ৱালটাৰ আৰু ডা° লুকে, আনহাতে প্ৰডাকচন পিছৰ দুজনে চম্ভালিছিল।
-
আউলা পূজা
আউলা পূজা ( Aula Puja) অসমৰ নলবাৰী অঞ্চলৰ কোনো কোনো ঠাইত প্ৰচলিত এক পূজা৷ এই পূজা সম্পূৰ্ণ নাৰীকেন্দ্ৰিক৷ আউলা পূজাত ব্যৱহৃত গীত-পদক “আউলা নাম’’ বোলা হয়৷
-
আওলিং উৎসৱ
আওলিং উৎসৱ (Aoling; আওলেং, Aoleng হিচাপেও উচ্চাৰিত) কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।
-
আকবৰী দুৰ্গ আৰু সংগ্ৰহালয়
আকবৰী দুৰ্গ আৰু সংগ্ৰহালয় (Akbari Fort & Museum) আজমেৰৰ এটা সংগ্ৰহালয়। ইয়াৰ নাম ৰাজপুতনা সংগ্ৰহালয় ৰখা হৈছে। এসময়ত এইটো সম্ৰাট আকবৰৰ পুত্ৰ ৰাজকুমাৰ চেলিমৰ বাসগৃহ আছিল আৰু বৰ্তমান ইয়াত মোগল আৰু ৰাজপুতৰ কৱচ আৰু ভাস্কৰ্য্যৰ সংগ্ৰহ আছে। ১৫৭০ চনত আকবৰে এই দুৰ্গটো নিৰ্মাণ কৰোৱাইছিল।
-
আকোগো নৃত্য
আকোগো নৃত্য (ইংৰাজী: Akogo dance) হ’ল পূব উগাণ্ডাৰ তেছো বা ইটেছো লোকসকলৰ এক পৰম্পৰাগত নৃত্য। এই সাংস্কৃতিক প্ৰকাশটো পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে, যিসকলে বিভিন্ন দৈৰ্ঘ্যৰ বাঁহৰ নলীৰে নিৰ্মিত 'আকোগো' নামৰ এক অৱনদ্ধ বাদ্যৰ ছন্দময় তালে তালে নিজৰ শৰীৰটো সুন্দৰকৈ সঞ্চালিত কৰে।
-
আখড়াই গান
আখড়াই গীত হৈছে ১৮ শতিকাৰ শেষৰফালে আৰু ১৯ শতিকাৰ আৰম্ভণিতে ভাৰতৰ পশ্চিমবংগ ৰাজ্যত প্ৰচলিত এক বিশেষ শৈলীৰ জনপ্ৰিয় গীত। কুলুই চন্দ্ৰ সেন আৰু ৰামনিধি গুপ্তাই এই নতুন গীতৰ শৈলীৰ পথ-প্ৰদৰ্শক। এই শৈলীৰ পৃষ্ঠপোষক আছিল ৰজা নৱকৃষ্ণ। ১৮ শতিকাত বিশেষভাৱে জীপাল হৈ পৰা বাংলা সংগীতৰ অন্যতম ধাৰা আছিল আখৰাই সংগীত।
-
আখৈ তোলা
আখৈ তোলা অসমীয়া লোক-সংস্কৃতিৰ এক মাংগলিক কৰ্ম। এই কৰ্ম বা কাম বিবাহ অনুষ্ঠানৰ সতে জড়িত। বৈদিক প্ৰথাৰে সম্পাদিত বিবাহ অনুষ্ঠানত আখৈ তোলা কাৰ্য কৰা হয়। বৈদিক লজ্জ্বাহোম বা লাজহোম-ৰ ক্ৰিয়াকে অসমীয়া জনসমাজত আখৈ তোলা বুলি কোৱা হয়।
-
আঙঠি পিন্ধোৱা
আঙঠি পিন্ধোৱা অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সতে জড়িত এক মাংগলিক কাৰ্য। বিবাহৰ বাবে উপযুক্ত ল'ৰালৈ উপযুক্ত কন্যা এগৰাকী ঠিক কৰাৰ পিছত দৰা বা ল'ৰাপক্ষৰ মানুহ কন্যাঘৰলৈ গৈ আঙঠি পিন্ধোৱা পৰ্বটো সমাপন কৰাৰ নিয়ম। অসমৰ সকলো ঠাইতেই এই পৰম্পৰা আছে যদিও ঠাইভেদে নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়।
-
আছিকো
আছিকো কেমেৰুণৰ দক্ষিণ অঞ্চলৰ এক জনপ্ৰিয় নৃত্য। ইয়াৰ উপৰি, ই এটা সংগীত ধাৰা যিটো ছিয়েৰা লিয়নৰ পাম ৱাইন সংগীতৰ এটা প্ৰকাৰ। মূলতঃ কেমেৰুণৰ বাছা দেশৰ সংস্কৃতি ভিত্তি কৰি গঢ় লৈ উঠা এই ছন্দযুক্ত নৃত্যৰ নাম দুটা শব্দৰ পৰা লোৱা হৈছে, আই এছ আই(ISI), যিটো সলনি কৰি এ এছ এছ আই(ASSI) কৰা হৈছে, যাৰ অৰ্থ…
-
আজ জানে কী জিদ না কৰো
আজ জানে কী জিদ না কৰো হৈছে পাকিস্তানৰ প্ৰখ্যাত কবি ফায়াজ হাশ্মিৰ দ্বাৰা ৰচিত এটি গীতি-কবিতা। এই গীতটিত সুৰ আৰোপ কৰিছিল প্ৰসিদ্ধ পাকিস্তানী সুৰকাৰ চোহেইল ৰাণাই। বিখ্যাত ধ্ৰুপদী গায়ক হাবিব ৱালি মহম্মদৰ কণ্ঠত এই গীতটিয়ে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
আজিলামু নৃত্য
আজিলামু নৃত্য বা আঞ্জিলামা নৃত্য ছেৰডুকপেন সকলৰ এটি জনপ্ৰিয় নৃত্য। এই নৃত্যত দুজন মানুহে দৈত্যৰ বেশ ধৰি মুখা পিন্ধি, কান্ধলৈকে ওলোমা চুলি মেলি ভয়ংকৰ ভংগিমাত নাচে। ৰজা আৰু ৰাণীৰ পোছাক পিন্ধা দুজন ল’ৰাই এই দৈত্যদুজনৰ লগত যুঁজি ৰণৰ ভঙ্গিমাত নাচে। এয়ে আজিলামু নৃত্য।
-
আঠটা খুটা
আঠটা খুটা বা আকাশৰ আঠটা খুটা চীনৰ পৌৰাণিক কাহিনীৰ এটা ধাৰণা। এই খুটাবোৰ আঠটা কাৰ্ডিনেল দিশত অৱস্থিত আঠটা পৰ্বত বা খুটাৰ এটা গোট যিয়ে আকাশক ওপৰলৈ তুলি ধৰিব পাৰে বুলি জনবিশ্বাসত প্ৰচলিত। পৌৰাণিক কাহিনীত আঠটা খুটাৰ কাম আছিল পৃথিৱী আৰু আকাশ (বা স্বৰ্গ) পৃথক কৰা।
-
আড়াই
আড়াই (অৰ্থ: পোছাক) হৈছে ৰত্না কুমাৰৰদ্বাৰা ৰচিত আৰু পৰিচালিত, আৰু ভি ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত ২০১৯ চনৰ ভাৰতীয় তামিল ভাষাৰ থ্ৰিলাৰ ছবি। ছবিখনত অনন্যা ৰামপ্ৰসাদ, বিবেক প্ৰসন্ন, আৰু ৰাম্য সুব্ৰমণিয়ামৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমলা পলে।
-
আডুমু
আডুমু, যি মাছাই জাম্পিং ডান্স বুলিও জনাজাত, কেনিয়া আৰু তাঞ্জানিয়াৰ মাছাই সম্প্ৰদায়ৰ লোকসকলে কৰা এক প্ৰকাৰৰ নৃত্য। মাছাই ডেকা যোদ্ধাসকলে সাধাৰণতে বিয়া, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য উল্লেখযোগ্য সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানত উদ্দীপনাময় আৰু শিল্পপূৰ্ণ এই নৃত্য প্ৰদৰ্শন কৰে।
-
আদামিন্তে মকন আবু
আদামিন্তে মকন আবু (মালয়ালম: ആദാമിന്റെ മകൻ അബു; অৰ্থ: আদামৰ পুত্ৰ আবু) হ'ল ২০১১ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই কথাছবিখনৰ কাহিনী ৰচনা, পৰিচালনা আৰু সহ প্ৰযোজনা কৰিছিল চেলিম আহমেদে।
-
আদি শংকৰাচাৰ্য (চলচ্চিত্ৰ)
আদি শংকৰাচাৰ্য (Adi Shankaracharya) ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত জি ভি আয়াৰ পৰিচালিত এখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ। অদ্বৈত বেদান্ত (অদ্বৈতবাদ) মতবাদক হিন্দু দৰ্শনত সুদৃঢ় কৰি তোলা হিন্দু দাৰ্শনিক আদি শংকৰাচাৰ্যৰ জীৱন আৰু তেওঁৰ সময়ক ছবিখনত চিত্ৰিত কৰা হৈছে।
-
আদ্ভিত্য (চলচ্চিত্ৰ)
আদ্ভিত্য (Advitya) হৈছে অৰিন্দম শৰ্মাৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচন্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা প্ৰযোজিত অসমীয়া ছবিজগতৰ ইতিহাসৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কল্পবিজ্ঞানৰ ভিত্তিত নিৰ্মাণ হোৱা ছুপাৰহিৰো অসমীয়া চলচ্চিত্ৰ।
-
আনাউট্টি
আনাউট্টি (ইংৰাজী: Aanayoottu; অৰ্থাৎ হাতীক খাদ্য খুওৱা) হৈছে কেৰালাৰ ত্ৰিছূৰ চহৰৰ বডাককুন্নাথন মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এক উৎসৱ। এই উৎসৱটো মালয়ালম কেলেণ্ডাৰৰ কাৰ্কিডাকম মাহৰ প্ৰথম দিনা (সাধাৰণতে ইংৰাজী জুলাই মাহৰ সৈতে মিলে) অনুষ্ঠিত হয়।
-
আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়
আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয় (International Coir Museum) ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো আলাপ্পুয়া জিলাৰ কালাভূৰত অৱস্থিত। ই ভাৰত চৰকাৰৰ এক সংবিধিবদ্ধ সংস্থা ভাৰতীয় কয়ৰ ব’ৰ্ডৰ অধীনস্থ এখন সংগ্ৰহালয়।
-
আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস
গ্ৰহাণু দিৱস বা আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হৈছে এক বাৰ্ষিক বিশ্বব্যাপী অনুষ্ঠিত দিৱস। ১৯০৮ চনত টুংগুস্কা অনুষ্ঠানৰ বৰ্ষপূৰ্তিৰ দিনা প্ৰথম বাৰলৈ এটা গ্ৰহাণুৱে চাইবেৰিয়াৰ প্ৰায় ২,১৫০ বৰ্গ কিলোমিটাৰ (৮৩০ বৰ্গ মাইল) বনাঞ্চল সমতল কৰি পেলাইছিল।ৰাষ্ট্ৰসংঘই নিজৰ প্ৰস্তাৱত প্ৰতি বছৰে ৩০ জুনত ইয়াক…
-
আন্তঃৰাষ্ট্ৰীয় চিকিৎসা পদাৰ্থবিদ্যা দিৱস
আন্তঃৰাষ্ট্ৰীয় চিকিৎসা পদাৰ্থবিজ্ঞান দিৱস (IDMP) প্ৰতিবছৰে ৭ নৱেম্বৰত পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য চিকিৎসা পদাৰ্থবিদসকলৰ ভূমিকা আৰু স্বাস্থ্য সেৱাত পদাৰ্থবিজ্ঞানৰ গুৰুত্বক লৈ সচেতনতা বৃদ্ধি কৰা।
-
আন্তৰ্জাতিক অদ্বিতীয় জনগণ দিৱস
আন্তৰ্জাতিক অদ্বিতীয় জনগণ দিৱস প্ৰতি বছৰে ১৪ জুলাইত পালন কৰা হয় আৰু ইয়াৰ লক্ষ্য হৈছে বিশ্বজুৰি অদ্বিতীয় লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি আৰু সংগঠিত কৰা। এই দিৱসটো প্ৰথমবাৰৰ বাবে ২০১২ চনত উদযাপন কৰা হৈছিল, কাটজে ভান লুনে প্ৰথমবাৰৰ বাবে এই দিৱসৰ আৰম্ভ কৰিছিল।
-
আন্তৰ্জাতিক ট্ৰান্সজেণ্ডাৰ দৃশ্যমানতা দিৱস
আন্তৰ্জাতিক ট্ৰান্সজেণ্ডাৰ দৃশ্যমানতা দিৱস (সততে টিডিঅ'ভি বা ট্ৰান্স দৃশ্যমানতা দিৱস বুলি কোৱা হয়) হৈছে ৩১ মাৰ্চত সংঘটিত হোৱা বাৰ্ষিক অনুষ্ঠান যিটো ৰূপান্তৰিত লিংগৰ লোক সকলক উদযাপন কৰা আৰু বিশ্বজুৰি ট্ৰান্সজেণ্ডাৰসকলে সন্মুখীন হোৱা বৈষম্যৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উৎসৰ্গিত কৰা হয়, লগতে সমাজলৈ…
-
আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস
আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস (International Day of Women and Girls in Science) প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে গৃহীত কৰা প্ৰস্তাৱ অনুসৰি এই দিৱস উদযাপন কৰা হয়।
-
আন্তৰ্জাতিক ৰং দিৱস
আন্তৰ্জাতিক ৰং দিৱস (International Colour Day) হৈছে ৰং উদযাপনৰ বাবে ২১ মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা এক বাৰ্ষিক অনুষ্ঠান৷ এই দিৱসটো আন্তৰ্জাতিক ৰং সংস্থাই (ফৰাচী নাম Association Internationale de la Couleur বাবে সংক্ষিপ্তভাৱে এআইচি বুলি কোৱা হয়) প্ৰতিষ্ঠা কৰিছিল, যিটো ৰাষ্ট্ৰীয় ৰং সংগঠন আৰু ৩০খনতকৈও…
-
আন্ধী (চলচ্চিত্ৰ)
আন্ধী ১৯৭৫ চনত সঞ্জীৱ কুমাৰ আৰু সুচিত্ৰা সেন অভিনীত আৰু পৰিচালক গুলজাৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয় ৰাজনৈতিক নাট্য ছবি। সেই সময়ত অভিযোগ কৰা হৈছিল যে ছবিখন তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱন আৰু বিচ্ছিন্ন স্বামীৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত আধাৰিত, কিন্তু বাস্তৱত কেৱল পটভূমিটোহে ৰাজনীতিবিদ…
-
আন্না
আন্না (ইংৰাজী: ANИA হিচাপে শৈলীগতভাৱে লিখা) হৈছে ২০১৯ চনৰ এখন একচন থ্ৰিলাৰ চলচ্চিত্ৰ। লুক বেচনে এই ছবিখনৰ কাহিনী লিখাৰ লগতে ইয়াৰ প্ৰযোজনা আৰু পৰিচালনাও কৰিছে।