হৃদয়ম হৈছে বিনীত শ্ৰীনিবাসনৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২২ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। মেৰীলেণ্ড চিনেমাছৰ জৰিয়তে বিশাখ সুব্ৰমণিয়ামে ছবিখনৰ প্ৰযোজনা কৰে আৰু বিগ বেং এণ্টাৰটেইনমেণ্টছৰ জৰিয়তে নোবেল বাবু থমাছে ছবিখনৰ সহ-প্ৰযোজনা কৰে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰণৱ মোহনলাল, কল্যাণী প্ৰিয়দৰ্শন আৰু দৰ্শনা ৰাজেন্দ্ৰন৷ হেশ্বাম আব্দুল ৱাহাবে ছবিখনৰ গীত আৰু পটভূমিৰ সংগীত ৰচনা কৰে।১২
হৃদয়মৰ জৰিয়তে কেৰালাৰ অন্যতম প্ৰাচীন চলচ্চিত্ৰ ষ্টুডিঅ' মেৰীলেণ্ড ষ্টুডিঅ'ছ চলচ্চিত্ৰ জগতলৈ ঘূৰি আহে। ছবিখনে ভাৰতত এসময়ৰ অচল অডিঅ’ কেছেট আৰু সীমিত সংস্কৰণৰ ভিনাইল ৰেকৰ্ড পুনৰ প্ৰৱৰ্তন কৰে। ছবিখনৰ প্ৰধান ফটোগ্ৰাফী আৰম্ভ হৈছিল ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা, ভাৰতত ক'ভিড-১৯ মহামাৰীৰ বাবে কিছুকাল বিৰতি লোৱাৰ পিছত, ২০২১ চনৰ মাৰ্চ মাহত ছবিখনৰ চিত্ৰগ্ৰহণৰ সামৰণি পৰে। চেন্নাইৰ কেচিজি কলেজ অৱ টেকন'লজিত ছবিখনৰ শ্বুটিং কৰা হৈছিল, য'ত বিনীত, তেওঁৰ পত্নী দিব্যা আৰু তেওঁৰ বন্ধু তথা অভিনেতা অজু ভাৰ্গেছে অধ্যয়ন কৰিছিল, আৰু পালাক্কাড়, কোচি আৰু অন্ধ্ৰপ্ৰদেশতো ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।
২০২২ চনৰ ২১ জানুৱাৰীত হৃদয়মে বিশ্বজুৰি ছবিগৃহত মুক্তি লাভ কৰে।৩ ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। এই ছবিখনে বিশ্বজুৰি ৫০ কোটি টকা (৬.০ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক উপাৰ্জন কৰি বছৰৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবি হিচাপে পৰিগণিত হয়। এই ছবিখনে জনপ্ৰিয় আবেদন আৰু নান্দনিক মূল্যৰ শ্ৰেষ্ঠ ছবিকে ধৰি দুটাকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ Akhila R Menon. (9 September 2020). Pranav Mohanlal-Vineeth Sreenivasan's Hridayam: Darshana Rajendran Opens Up!. filmibeat
- ↑ (2019-12-04). Darshana Rajendran in Vineeth Sreenivasan directorial 'Hridayam'. The News Minute
- ↑ (2021-10-28). EXCLUSIVE: Vineeth Sreenivasan's Hridayam release date is here. The New Indian Express
- ↑ (2022-05-28). 52nd Kerala State Film Awards: The complete winners list. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃদয়ম” প্ৰবন্ধৰ সংশোধন ৪২৬০২৭ (১৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।