কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মীনা
মীনা (Meena) হৈছে দক্ষিণ এছিয়াৰ বিভিন্ন ভাষাত সম্প্ৰচাৰ হোৱা এক জনপ্ৰিয় টিভি কাৰ্টুন ধাৰাবাহিক তথা কমিক্ছ। দক্ষিণ এছিয়াৰ দেশসমূহৰ বিভিন্ন সামাজিক বৈষম্যেৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰা তথা শিশুসকলৰ বাবে শিক্ষামূলক এক অনুষ্ঠানৰ অংশ হিচাপে ইউনিছেফৰ দ্বাৰা এই কাৰ্টুন ধাৰাবাহিকটি নিৰ্মাণ কৰা হৈছিল।
-
মুহাম্মদ: দ্য মেচেঞ্জাৰ অৱ গড
মুহাম্মদ: দ্য মেচেঞ্জাৰ অৱ গড (محمد رسول الله, Muhammad: The Massager of God) হৈছে ২০১৫ চনৰ ইৰাণী ইছলামি মহাকাব্যিক চলচ্চিত্ৰ, যাৰ পৰিচালক মজীদ মজীদী আৰু কাম্বুজিয়া পাৰ্টোভিৰ সৈতে সহযোগীভাৱে লিখা। ষষ্ঠ শতিকাৰ কাহিনীভাগ ইছলামিক নবী হজৰত মুহাম্মদৰ শৈশৱৰ ওপৰত আবদ্ধ।
-
মেষ সংক্ৰান্তি
মেষ সংক্ৰান্তি (Mesha Sankranti) সৌৰ চক্ৰ বৰ্ষৰ প্ৰথম দিন আৰু হিন্দু চন্দ্ৰ-সৌৰ দিনপঞ্জী সমূহৰ সৌৰ নৱবৰ্ষ। হিন্দু দিনপঞ্জীত এক চন্দ্ৰ নৱবৰ্ষও উদযাপন কৰা হয় আৰু ই ধৰ্মীয়ভাৱে অধিক গুৰুত্বপূৰ্ণ।
-
মোচি
মোচি (ইংৰাজী: Mochi, জাপানী: 餅) হৈছে মোচিগম নামৰ এবিধ জাপ’নিকা আঠাযুক্ত চাউল আৰু কেতিয়াবা অন্যান্য উপাদান যেনে পানী, চেনি আৰু গোমধানৰ আটা মিহলাই তৈয়াৰ কৰা এবিধ পিঠা সদৃশ জাপানী খাদ্য। ভাপত দিয়া চাউলখিনি গুড়ি কৰি ঢিলা কৰা হয় আৰু বিচৰা ধৰণৰ আকৃতিত ঢালি সাঁচ দিয়া হয়।
-
মোহৰা (বোলছবি)
মোহৰা ১৯৯৪ চনত ৰাজীৱ ৰায়ৰ সহ-লেখক, সম্পাদনা আৰু পৰিচালিত আৰু পিতৃ গুলচন ৰায়ৰ প্ৰযোজক ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। ইয়াত অভিনয় কৰিছে নাছিৰুদ্দিন শ্বাহ, অক্ষয় কুমাৰ, সুনীল শ্বেট্টী, ৰবীনা টেণ্ডন, পুনম ঝাৱেৰ, ৰাজা মুৰাদ, পৰেশ ৰাৱাল, গুলচন গ্ৰ’ভাৰ, আৰু সদাশিৱ আমৰাপুৰকাৰ।
-
মোৱানা (২০১৬ চনৰ চলচ্চিত্ৰ)
মোৱানা (ইংৰাজী: Moana) হ'ল ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু জন মাস্কাৰ আৰু ৰন ক্লেমেণ্টছৰদ্বাৰা পৰিচালিত এই ছবিখনত ডুৱেইন জনচন আৰু আউলি ক্ৰাভালিঅ'ই কণ্ঠদান কৰিছে।
-
ম্হ পূজা
ম্হা পূজা(দেৱনাগৰী: म्हপুজা) নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে আত্মাক শুদ্ধ আৰু সবলীকৰণৰ বাবে নেপালৰ নেৱাৰসকলে কৰা বাৰ্ষিক অনুষ্ঠান। স্বন্তি (উৎসৱ)ৰ সময়ত হোৱা নেপালৰ ৰাষ্ট্ৰীয় চান্দ্ৰ কেলেণ্ডাৰ নেপাল সংবতৰ নৱবৰ্ষৰ দিনা ইয়াক অনুষ্ঠিত কৰা হয়।
-
যদু ভট্ট (চলচ্চিত্ৰ)
যদু ভট্ট (Jadu Bhatta) ১৯৫৪ চনত নিৰ্মিত আৰু নীৰেন লাহিৰীৰ দ্বাৰা পৰিচালিত এখন বঙালী ভাষাৰ ভাৰতীয় সংগীতধৰ্মী চলচ্চিত্ৰ। ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য নিতাই ভট্টাচাৰ্যই লিখিছে। ইয়াত বসন্ত চৌধুৰীয়ে নাম ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, অজিত প্ৰকাশ, আৰু নীতিশ মুখাৰ্জীয়ে।
-
য়াওশং
য়াওশং (Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’ মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়।
-
লখিমী সবাহ
লখিমী সবাহ অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক-অনুষ্ঠান। কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া মহিলাসকলে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে। লখিমী সবাহ সাধাৰণতে উজনি অসমৰ কিছুসংখ্যক গাঁৱত পালন কৰা হয়।
-
লাংখুন পূজা
’লাংখুন পূজা’ (’লাংখুন ফূজা’ বা ’লাংখুন মিছাৱা’) তিৱাসকলৰ এক লোক-উৎসৱ। ছেপ্টেম্বৰ-অক্টোবৰ বা আঘোণ মাহত এই পূজা অনুষ্ঠিত কৰা হয়। সাধাৰণতে সোমবাৰৰ ভাটিবেলাৰ পৰা বৃহস্পতিবাৰলৈকে চাৰিদিন এই পূজা চলে।
-
লাখেই নৃত্য
লাখেই বা লা-খে অথবা লাখেয় ঈশ্বৰৰ শোভাযাত্ৰাত কৰা অসুৰৰ এক নৃত্য। ই নেপালৰ পৰিচিত লোকনৃত্য৷ কোনো প্ৰাচীন ৰাজপ্ৰসাদৰ সম্মুখত থকা আৰু হিন্দু মন্দিৰেৰে সুসজ্জিত নেপালৰ কাঠমাণ্ডুৰ ঐতিহাসিক প্লাজা দৰবাৰ চৌহদত হিন্দু স্বৰ্গৰ ৰজা ইন্দ্ৰক পূজা কৰা ইন্দ্ৰ যাত্ৰাৰ অন্তিম দিনটোত এই ঠাই সদায় শ্ৰদ্ধালু লোকেৰে…
-
লাঠমাৰ হোলী
লাঠমাৰ হোলী (Lathmar Holi) অৰ্থাৎ লাঠিৰে খেলা হোলী যঁজা চহৰ হিচাপে জনাজাত বৰছানা আৰু নন্দগাঁৱত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ; এই দুই চহৰক ক্ৰমে ৰাধা আৰু কৃষ্ণ নগৰ বুলিও জনা যায়। প্ৰতি বছৰে হোলীৰ সময়ছোৱাত হাজাৰ হাজাৰ ভক্ত আৰু পৰ্যটক এই চহৰদুখনলৈ গৈ এই উৎসৱ উদযাপন কৰে।
-
লালকিল্লাৰ লাহোৰী গেট
লাহোৰী গেট পুৰণি দিল্লীৰ লালকিল্লাৰ মূল প্ৰৱেশদ্বাৰ। ছত্তা চ’ক নামৰ ধেনুভিৰীয়া এপাৰ্টমেণ্টৰ কাষে কাষে থকা এটা আবৃত ৰাস্তাৰে কিল্লাটোৰ কাষ চাপিব পাৰি। দুৰ্গৰ পশ্চিম দেৱালত অৱস্থিত এই গেটখনে ইয়াৰ নাম লাভ কৰিছিল কাৰণ ইয়াৰপৰা লাহোৰ চহৰ, (বৰ্তমানৰ পাকিস্তান)লৈ গৈছিল। গৌণ প্ৰৱেশদ্বাৰ হ’ল দিল্লী গেট।
-
লাৰাকাৰাকা
লাৰাকাৰাকা হৈছে উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ মাজত উৎপত্তি হোৱা এটা পৰম্পৰাগত প্ৰেম-পণ নৃত্য। আচোলিসকলৰ পঞ্চাশটাতকৈ অধিক পৰম্পৰাগত নৃত্যৰ ভিতৰত লাৰাকাৰাকাই এক বিশেষ গুৰুত্ব বহন কৰে। এই নৃত্য সাধাৰণতে বিশেষ অনুষ্ঠানত, বিশেষকৈ বিবাহ আৰু সামূহিক উৎসৱত প্ৰদৰ্শন কৰা হয়।
-
লিটাং ঘোঁৰা উৎসৱ
লিটাং ঘোঁৰা উৎসৱ (ইংৰাজী: Litang Horse Festival) হৈছে চীনৰ চিচুয়ান প্ৰদেশৰ লিটাং কাউণ্টিত অনুষ্ঠিত হোৱা এটা গ্ৰীষ্মকালীন ঘোঁৰা উৎসৱ। তিব্বতীয় মালভূমিৰ বিভিন্ন প্ৰান্তৰ পৰা খাম্পা জনগোষ্ঠীৰ লোকসকল ইয়ালৈ ব্যৱসায় কৰিবলৈ, উৎসৱ উদ্যাপন কৰিবলৈ আৰু ঘোঁৰা চাবলৈ আহে।
-
লীলা ছেমছন
লীলা ছেমছন (ইংৰাজী: Leela Samson; জন্ম: ৬ মে' ১৯৫১) হৈছে ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, প্ৰশিক্ষক, লেখিকা আৰু অভিনেত্ৰী। একক নৃত্যশিল্পী হিচাপে তেওঁ কাৰিকৰী কলাত্মকতাৰ বাবে পৰিচিত আৰু বহু বছৰ ধৰি দিল্লীৰ শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰত ভাৰতনাট্যমৰ অধ্যাপনা কৰি আহিছে।
-
লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট
নেপাল চৰকাৰৰ মাষ্টাৰ প্লেনৰ অধীনত লুম্বিনী বন পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট (১৯৮৫) (लुम्बिनी बिकाश कोष) প্ৰতিষ্ঠা কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব সপ্তম বা ষষ্ঠ শতিকাত জন্মগ্ৰহণ কৰা বৌদ্ধ ধৰ্মৰ প্ৰতিষ্থাপক গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী।
-
লেৱাটানা নৃত্য
লেৱাটানা (Lewatana dance) অসমৰ মংগোলীয় মূলৰ বাসিন্দা হাজংসকলৰ অন্যতম জাতীয় উৎসৱ৷ কৃষিজীৱী হাজংসকলে কৃষিকাৰ্য সামৰণি পৰাৰ পিছত পুষণৈ, চ’ৰমাগা আদি নানা উৎসৱ পালন কৰে৷ কৃষিকাৰ্যৰ সামৰণি সময় মানে হাজং ডেকাসকলৰ অৱসৰ বিনোদনৰ সময়৷ এই সময়তে হাজং ডেকাসকলে ঘৰে ঘৰে চ’ৰমাগা অনুষ্ঠিত কৰি, ইয়াতে লেৱাটানা…
-
শংকৰ জন্মোৎসৱ
শংকৰ জন্মোৎসৱ হ'ল বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ হয়। প্ৰতিবছৰে অসম চৰকাৰে এই দিনটো স্থানীয় বন্ধৰ দিন ৰূপে ঘোষনা কৰে।
-
শাজিবু নোংমা পানবা
শ্বাজিবু নোংমা পানবা( Sajibu Nongma Pānba) মণিপুৰৰ “সনামহীবাদী’’ লোকসকলে “চান্দ্ৰ বৰ্ষপূৰ্তি’’ত কৰা এক উৎসৱ, যাক মীতেই চেইৰাওবা বা শ্বাজিবু চেইৰাওবা বুলিও কোৱা হয়৷ “শ্বজিবু নোংমা পানবা’’ নামটো মণিপুৰী শব্দৰ পৰা উদ্ভৱ হৈছে; শ্বাজিবুৰ অৰ্থ বছৰৰ প্ৰথম মাহ যিটো সাধাৰণতে মেইটেই পঞ্জিকা অনুসৰি এপ্ৰিল…
-
শালভঞ্জিকা
শালভঞ্জিকা বা শলাভঞ্জিকা হৈছে ভাৰতীয় শিল্প আৰু সাহিত্যত বিভিন্ন অৰ্থৰ সৈতে পোৱা এটা শব্দ। বৌদ্ধ শিল্পত, ইয়াৰ অৰ্থ হৈছে কাষত থকা মহিলা বা যক্ষীৰ প্ৰায়ে গছত ধৰি থকা প্ৰতিমূৰ্তি বা শাল গছৰ তলত সিদ্ধাৰ্থ (বুদ্ধ)ক জন্ম দিয়া মায়াৰ উল্লেখ।
-
শিপ্ৰা গোৱেল
শিপ্ৰা গোৱেল এগৰাকী ভাৰতীয় গায়িকা। তেওঁ "ইছক বুলাৱা", "অংগ্ৰেজীৱালী মেডাম", "উংলি", "টুট্টি বোলে ৱেডিং দি", "য়াদাঁ তেৰিয়াঁ", "লাভলী ভিএছ পিইউ", "মেইনু ইছক লগা" আৰু "পাৰো" আদি গীতৰ বাবে জনপ্ৰিয়।
-
শিল্প সংগীত
শিল্প সংগীত (বিকল্পভাৱে ধ্ৰুপদী সংগীত, গুৰু সংগীত বুলিও কোৱা হয়; ইংৰাজী: Art music, classical music, cultivated music, serious music, আৰু canonic music) হৈছে উচ্চ সাংগীতিক মূল্যৰ সংগীত। ইয়াৰ অৰ্থ সাধাৰণতে উন্নত গাঁথনিগত আৰু তাত্ত্বিক বিবেচনা বা লিখিত সংগীত পৰম্পৰা।
-
শিল্পৰ ইতিহাস
শিল্পৰ ইতিহাসত মানুহে যিকোনো সংখ্যক আধ্যাত্মিক, আখ্যানমূলক, দাৰ্শনিক, প্ৰতিকী, ধাৰণাগত, তথ্যচিত্ৰ, সজ্জাগত, আনকি কাৰ্য্যকৰী আৰু অন্যান্য উদ্দেশ্যৰ বাবে নিৰ্মিত বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে যদিও ইয়াৰ নান্দনিক দৃশ্য ৰূপৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিয়া হয়।
-
শ্বাস (চলচ্চিত্ৰ)
শ্বাস ( Shwaas ) ২০০৪ চনত মুক্তি পোৱা এখন মাৰাঠী চলচ্চিত্ৰ। এইখন ২০০৪ চনৰ অস্কাৰ বঁটাত ভাৰতৰ আধিকাৰিক প্ৰৱিষ্টি আছিল আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ একাডেমী বঁটাৰ শাখাত ৬ নম্বৰ স্থান লাভ কৰিছিল। ইয়াৰ কাহিনীভাগ পুনেৰ এটা সঁচা ঘটনাৰ আধাৰত ৰচিত।
-
শ্যামচি আই (চলচ্চিত্ৰ)
শ্যামচি আই ( Shyamchi Aai; অসমীয়া অনুবাদ: শ্যামৰ মাতৃ) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত প্ৰহ্লাদ কেশৱ আত্ৰে পৰিচালিত এখন মাৰাঠী চলচ্চিত্ৰ। সানে গুৰুজীৰ একে নামৰ মাৰাঠী গ্ৰন্থ এখনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে। সংগীত বসন্ত দেশাইৰ। শ্যাম আৰু শ্যামৰ মাকৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে মাধৱ ৱজে আৰু বনমালাই।
-
ষাঠি বছৰীয়া আৱৰ্তন
ষাঠি বছৰীয়া আৱৰ্তন বা গাঞ্জি (চীনা: 干支) হ'ল ঐতিহাসিকভাৱে সময় লিপিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা ষাঠিটা পদৰ আৱৰ্তন। ইয়াৰ প্ৰতিটো পদে এবছৰ বুজাই, এটা আৱৰ্তন ত মুঠ ষাঠি বছৰ থাকে। এই প্ৰথা অসমৰ টাই-আহোম সকলৰ মাজত প্ৰচলিত যাক লাক-নি বুলি কোৱা হয়।
-
সংগীত (ভাৰতীয় পৰম্পৰা)
সংগীত (দেৱনাগৰী: Deva, IAST: ), যাক সম্গীত বা সঙ্গীতা বুলিও লিখা হয়, ভাৰতীয় পৰম্পৰাত "সংগীত আৰু সম্পৰ্কিত প্ৰদৰ্শন কলা"ক বুজায়। গাই বেকৰ মতে, "সং-" মূলটোৱে সংগীত কলাৰ প্ৰেক্ষাপটত "একত্ৰিত হোৱা, একেলগে আহি সুসমঞ্জস্যপূৰ্ণ মিশ্ৰণ, একতা" বুজায়।
-
সংস্কাৰ (১৯৭০ চলচ্চিত্ৰ)
সংস্কাৰ ( Samskara; ইংৰাজী শিৰোনাম: Funeral Rites) ইউ আৰ অনন্তমূৰ্তি ৰচিত উপন্যাসৰ আধাৰত নিৰ্মিত আৰু ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এখন কানাড়া ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক আৰু প্ৰযোজক পাট্টাভিৰাম ৰেড্ডী। এই ছবিখনক কানাড়া ভাষাৰ সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।