অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গান্ধী হিল, বিজয়বাড়া

গান্ধী হিল অথবা গান্ধী পাহাৰ (Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গান্ধী হিল অথবা গান্ধী পাহাৰ (Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।১২ পূৰ্বতে ইয়াক অ’আৰআৰ হিল নামেৰে জনা গৈছিল।৩

স্মাৰক

গান্ধী স্মাৰক স্তূপ
গান্ধী স্মাৰক স্তূপছবি: Vivek prem tej.Pattabhi · CC BY-SA 3.0
গান্ধী পাহাৰত থকা শিলালিপি
গান্ধী পাহাৰত থকা শিলালিপিছবি: Koushik · CC BY-SA 4.0

গান্ধী পাহাৰক ভাৰতৰ স্বাধীনতা আন্দোলনৰ স্মাৰক হিচাপে গণ্য কৰা হয়। জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাই এই স্মাৰকটি সজা হৈছে। গান্ধী হিল স্মৃতিসৌধত গান্ধীৰ বাণীৰ উদ্ধৃতিৰে এখন শিলৰ শ্লেব আছে। ইয়াত এটা পুথিভঁৰাল আৰু এটা প্লেনেটেৰিয়াম আছে, আৰু ই দৰ্শকসকললৈ ৰাষ্ট্ৰৰ পিতৃৰ ওপৰত এটা অনুষ্ঠান আগবঢ়ায়। ১৯৬৮ চনৰ ৬ অক্টোবৰত, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইনৰ দ্বাৰা ইয়াত এটা ৫২ ফুট (১৬ মিটাৰ) ওখ স্তূপ উন্মোচন কৰা হৈছিল। ইয়াত সাতটা ওখ স্তম্ভও আছে, প্ৰতিটো স্তম্ভ ১৫০ মিটাৰ (৪৯০ ফুট) ওখ।২৪

তথ্যসূত্ৰ

  1. ↑ Places in vijayawada. touristlink
  2. ↑ Overview of hill. vijayawadaonline portal
  3. ↑ Information about Gandhi Hill. mapsofindia
  4. ↑ Statues and structures on the hill. journeymart

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীমহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী হিল, বিজয়বাড়া” প্ৰবন্ধৰ সংশোধন ৩৮০৬৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।