কচুপথাৰ গাঁও হৈছে অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা ৰাজহ চক্ৰৰ অধীনস্থ এখন ৰাজহ গাঁঁও। এইখন গাঁৱৰ পূবে জজলী হাবি গাঁও, পশ্চিমে খোকামৰা লাওজান গাঁও, উত্তৰে টিফুক নৈ আৰু দক্ষিণে মৰাণজান গাঁও অৱস্থিত। গাঁওখনত প্ৰায় ৮০০ জন লোক বসবাস কৰে। গাঁৱৰ লোকসকলৰ প্ৰধান জীৱিকা কৃষি যদিও কিছুসংখ্যক লোক বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কামতো নিয়োজিত। গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয় আছে।
গাঁওখনৰ নামৰ উৎপত্তিৰ কাহিনী
গাঁও খনৰ নামৰ উৎপত্তি সম্বন্ধে এটা লোক কাহিনী জড়িত হৈ আছে। প্ৰবাদ অনুসৰি এই অঞ্চলটোত অতীজতে খুব ভাল কচু খেতি হৈছিল। এবাৰ এজন বুঢ়াই দুমোন ওজনৰ কচু এটা তেওঁৰ খেতি পথাৰত পাই ৰজাক ভেটি হিচাপে দিলেগৈ। তেতিয়া ৰজাই সেই অঞ্চলটোৰ নাম কচুৰ নামেৰে 'কচুপথাৰ' হিচাপে নামাকৰণ কৰিলে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কচুপথাৰ গাঁও” প্ৰবন্ধৰ সংশোধন ৬১৭৪২০ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।