চন্দ্ৰপুৰ পাহাৰেৰে আবৃত, আৰু ই মূলতঃ এক ঔদ্যোগিক অঞ্চল। ASEB থাৰ্মেল প্ৰকল্পটো চন্দ্ৰপুৰ চহৰৰ প্ৰধান ঔদ্যোগিক প্ৰকল্পসমূহৰ এক অন্যতম প্ৰকল্প। অঞ্চলটোত এনটিচি (NTC) প্ৰকল্পটো বন্ধ কৰি দিয়া হয় আৰু এএছএফচি লিমিটেড (ASFC Ltd.) প্ৰকল্পটো বৰ্তমান কাৰ্যক্ষম অৱস্থাত আছে। এই চহৰখন পবিতৰা আৰু আমচাং নামৰ দুখন বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত অৱস্থিত। ৰাজ্যিক আয়লৈ এক বৃহৎ বৰঙণি আগবঢ়াই অহা ’হনুমান খাদ্য সামগ্ৰী’ (মুৰি-চিৰা মিল), ’হনুমান ব্ৰিকছ’ হৈছে এই অঞ্চলটোত চলি থকা দুটা প্ৰধান উদ্যোগ। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰপুৰ, গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৪২০১৮৭ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।