অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গড় দ’ল

গড় দ'ল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত। গড় দ'লৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-95।

হালনাগাদ: ৫ জানুৱাৰী ২০২১ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গড় দ'ল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত।১ গড় দ'লৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-95। ইয়াৰ মাটি কালি প্ৰায় ২৫০×২৫০ বৰ্গ মিটাৰ। ইয়াত ইটাৰ দুশাৰী সাঁচ পোৱা গৈছে যাক কোনো মন্দিৰৰ বেদী বুলি অনুমান কৰা হয়। ইয়াৰ ধ্বংসাৱশেষ খ্ৰীষ্টীয় সপ্তম আৰু অষ্টম শতিকাৰ।

গড় দৌলৰ প্ৰৱেশদ্বাৰ
গড় দৌলৰ প্ৰৱেশদ্বাৰছবি: Bishnu Saikia · CC BY-SA 3.0

হিন্দু শাস্ত্ৰ মতে এই ঠাই ৰজা বাণাসুৰে তেওঁৰ জীয়েক ঊষাক ৰাখিবলৈ সজোৱা গড় আছিল। ঊষায়ে তাইৰ শৈশৱ ইয়াতেই অতিবাহিত কৰিছিল।

গড় দৌলৰ ধ্বংসাৱশেষ বহু পৰিমাণে এতিয়াও আৱিষ্কৃত হোৱা নাই। অসমৰ পুৰাতত্ত্ব অনুসন্ধান বিভাগে এই ধ্বংসাৱশেষ উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে কাম কৰি আছে লগতে ইয়াক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ এটি উদ্যান নিৰ্মাণ কৰাইছে।

তথ্যসূত্ৰ

  1. ↑ Protected Monuments in Assam. Archaeological Survey of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংৰক্ষিত স্মৃতিচিহ্নশোণিতপুৰ জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গড় দ’ল” প্ৰবন্ধৰ সংশোধন ২৫৭৮৫৮ (৫ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।