]]
উৰপদ বিল অসমৰ গোৱালপাৰা জিলাৰ আগিয়া গাঁৱত অৱস্থিত এখন প্ৰাকৃতিক বিল।
এই হ্ৰদটো গোৱালপাৰা জিলাৰ জিলা সদৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উৰপদ বিল অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক হ্ৰদ।১
একুৱাফৌনা
উৰপদ বিলত বহু জাতৰ মাছ আৰু চৰাইৰ প্ৰাকৃতিক বাসস্থান। গ্ৰেটাৰ এডজুটেণ্ট, কটন পিগমি গুজ, বায়া ৱেভাৰ্ছ, লেছাৰ হুইচেলিং হাঁহ আৰু কিংফিচাৰৰ বাবে এই হ্ৰদটো এক গুৰুত্বপূৰ্ণ বাসস্থান। এই হ্ৰদটো জলজ উদ্ভিদ যেনে লিলি ফুল আৰু সাধাৰণ জল হাইচিন্থৰ বাবেও পৰিচিত।১
সংৰক্ষণ
২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত অসমৰ মাটি সংৰক্ষণ আৰু সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উৰপদ বিল সৌন্দৰ্য্যবৰ্ধনৰ বাবে ১ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।২
আৰু চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰপদ বিল” প্ৰবন্ধৰ সংশোধন ৪৪৭৬১২ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।