উপ্পালা নদী (Uppala River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ গৈছে।১উপ্পালা নদীখনৰ দৈৰ্ঘ্য ৫০ কিলোমিটাৰ আৰু ই কেৰালাৰ ২৬সংখ্যক দীৰ্ঘতম নদী।১২৩ নদীখন কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বীৰাকাম্বা পাহাৰৰ পৰা সাগৰপৃষ্ঠৰ পৰা ১৫০ মিটাৰ উচ্চতাত উৎপত্তি হৈছে। ই মূলতঃ পশ্চিমমুখী হৈ বৈ গৈ কেৰালাৰ কাছৰগোড় চহৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ উত্তৰে অৱস্থিত উপ্পালা নগৰৰ ওচৰৰ বেকৱাটাৰৰ মাজেৰে আৰৱ সাগৰত মিলিত হৈছে। নদীখনৰ জলগ্ৰহণ ক্ষেত্ৰৰ মুঠ আয়তন ২৫০ বৰ্গকিলোমিটাৰ। ইয়াৰে ১৭৪ বৰ্গকিলোমিটাৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত।
গতিপথ
উপ্পালা নদীৰ উৎপত্তি কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বীৰকাম্বা পাহাৰৰ কালাঞ্জিমালে সংৰক্ষিত বনাঞ্চলত। প্ৰথম অৱস্থাত নদীখন কৰ্ণাটকৰ ভিটলা, পাল্লিকে আৰু পুধোট্টু আদি পাহাৰীয়া চহৰৰ মাজেৰে বৈ যায়। তাৰ পিছত নদীখন কেৰালাত প্ৰৱেশ কৰি আইথাকুমেৰ, মিয়াপাদাভু, মীঞ্জা, বেকুৰ, মুলিঞ্জা, মাজিবাইল, উপ্পালা, পয়্যা, মাঞ্জেশ্বৰ আৰু বাংগ্ৰামাঞ্জেশ্বৰ আদি ঠাইৰ মাজেৰে বৈ যায়। অৱশেষত উপ্পালাৰ ওচৰৰ হোছাবেট্টু গাঁৱৰ কাষত আৰৱ সাগৰত মিলিত হয়।৪৫
তথ্যসূত্ৰ
- ↑ (1999). Distribution of Freshwater Fishes in the Uppala River, Kasargod District, Kerala. The Journal of the Bombay Natural History Society. পৃ. 334–335
- ↑ (2011-10-01). District Census Handbook - Kasaragod District 2011. Directorate of Census Operations-Kerala
- ↑ HolidayLandmark www.holidaylandmark.com Uppala River in Kasargod, Kerala
- ↑ (1999). The Journal of the Bombay Natural History Society. Bombay Natural History Society
- ↑ Jayappa, K. S.; Narayana, A. C. (2009-01-31). Coastal Environments: Problems and Perspectives. I. K. International Pvt Ltd. ISBN 978-93-80026-28-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপ্পালা নদী” প্ৰবন্ধৰ সংশোধন ৬২৫৮০৫ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।