ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নাককাটি পাহাৰ
নাককাটি পাহাৰ অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন পৰ্যটনীয় পৰ্বত অঞ্চল। ই প্ৰাকৃতিক সৌন্দৰ্য, উচ্চ শৃংগ আৰু ট্ৰেকিঙৰ বাবে জনপ্ৰিয় স্থান হিচাপে পৰিগণিত হৈছে। এই পাহাৰৰ বিৰল আকৃতি — যাৰ এক পাৰ্শ্ব যেন “কটা নাক”ৰ দৰে দেখা যায়, যাক ইয়াৰ নামৰ উৎস বুলি ধৰা হয়।
-
নাচিয়াৰকইল চাকি
নাচিয়াৰকইল চাকি (Nachiarkoil lamp) হৈছে ভাৰতৰ তামিলনাডুৰ নাচিয়াৰ কইল চহৰৰ কাম্মালাৰ পথত শৃংখলাৰে তৈয়াৰ কৰা এক প্ৰকাৰৰ অলংকাৰিক পিতলৰ চাকি। এই পাৰম্পৰিক হস্তশিল্পত পিতলৰ দীঘল স্তম্ভৰ ওপৰত কাৰুকাৰ্য খচিত চাকি থাকে। বিভিন্ন আকাৰত তৈয়াৰ কৰা এই চাকিৰ চাৰিটা অংশ থাকে।
-
নাঞ্জানাগড় কল
নাঞ্জানাগড় কল অথবা নাঞ্জানাগড় ৰচাবালে-হানু ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চামাৰাজ নগৰ আৰু মহীশূৰ জিলাত খেতি কৰা এক ধৰণৰ কলৰ জাত। নাঞ্জানাগড় কলৰ সোৱাদ আৰু গোন্ধৰ বাবে গোটেই ভাৰতবৰ্ষ বিখ্যাত। এই কলৰ সুন্দৰ গঠনে ইয়াক আকৰ্ষণীয় কৰি তুলিছে। সঠিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ মাধ্যমত এই কল পৰিপূৰ্ণতা লাভ কৰে।
-
নামনি অসম সংমণ্ডল
নামনি অসম সংমণ্ডল (ইংৰাজী: Lower Assam division) হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৫টা প্ৰশাসনিক সংমণ্ডলৰ ভিতৰত অন্যতম। এই সংমণ্ডলটো ১৮৭৪ চনত ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে গঠন কৰা হৈছিল।
-
নামনি ছিয়াং জিলা
নামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ…
-
নামফাকে
নামফাকে অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ওচৰত অৱস্থিত এখন গাঁও। গাঁওখন টাই ফাকে জনগোষ্ঠীৰ অন্যতম প্ৰধান বসতি আৰু অসমৰ টাই ফাকে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত এই গাঁওখন ইয়াৰ ভাষা, বৌদ্ধ ধৰ্ম, পৰম্পৰাগত জীৱনধাৰা, উৎসৱ আৰু স্থাপত্যৰ বাবে পৰিচিত।
-
নিউ জলপাইগুৰি ৰেল ষ্টেচন
নিউ জলপাইগুৰি পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ শিলিগুৰি নগৰত অৱস্থিত ভাৰতীয় ৰেলৰ এটা জংচন ষ্টেচন।
-
নিজামাবাদৰ ক'লা মাটিৰ শিল্প
নিজামাবাদৰ ক'লা মাটিৰ শিল্প (Nizamabad black clay pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ নিজামাবাদত প্ৰচলিত পৰম্পৰাগত মৃৎশিল্প। ক'লা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত।
-
নিৰ্মল খেলনা আৰু শিল্প
নিৰ্মল খেলনা আৰু শিল্প (Nirmal toys and craft) ভাৰতৰ তেলেংগানা ৰাজ্যৰ আদিলাবাদ জিলাৰ নিৰ্মল চহৰত তৈয়াৰ কৰা পৰম্পৰাগত ভাৰতীয় কাঠৰ খেলনা আৰু শিল্প। ইয়াক সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি তেলেংগানাৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে।
-
নিৰ্মল চিত্ৰশৈলী
নিৰ্মল চিত্ৰশৈলী (Nirmal paintings) ভাৰতৰ তেলেংগানা ৰাজ্যৰ নিৰ্মল জিলাৰ নিৰ্মল প্ৰচলিত এবিধ পাৰম্পৰিক চিত্ৰশৈলী। চিত্ৰশিল্পী সকলে নিৰ্মল চহৰত এক সৰু উদ্যোগ গঠন কৰিছে। নিৰ্মল চহৰত শিল্পী সকলে নিজৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকৰ কলাক সৰু ব্যৱসায়ৰ ৰূপত অনুশীলন কৰিছে।
-
নেডুম্বাছেৰী
নেডুম্বাছেৰী ( IPA: [n̪eɖumbɐːeːɾi]) ভাৰতৰ কেৰালাৰ কোচি চহৰৰ উপকণ্ঠ অঞ্চল আৰু ইয়াত কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। প্ৰশাসনৰ ক্ষেত্ৰত ই এৰ্নাকুলাম জিলাৰ আলুভা তালুকৰ নেডুম্বাছেৰী পঞ্চায়তৰ অন্তৰ্গত। আংগামালি আৰু আলুভাৰ মাজত অৱস্থিত ইয়াত কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে।
-
নেবেলিভকা
নেবেলিভকা (Nebelivka) ইউক্ৰেইনৰ কিৰোভোহ্ৰাদ অব্লাস্তৰ হোলোভানিভস্ক ৰায়নত অৱস্থিত এখন গাঁও। নেবেলিভকা ইউক্ৰেইনৰ পিদভিছ’কে গ্ৰাম্য হ্ৰোমাদাৰ অন্তৰ্গত। ২০০১ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ জনসংখ্যা আছিল ৭১৩ জন। গাঁওখনত নব্যপ্ৰস্তৰ যুগৰ ট্ৰিপিলিয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান আছে।
-
নৰকন্দা (চহৰ)
নৰকন্দা হিমাচল প্ৰদেশৰ চিমলা জিলাৰ কুমাৰছাইন মহকুমাৰ এখন চহৰ আৰু নগৰ পঞ্চায়ত।ভাৰতৰ হিমাচল প্ৰদেশৰ ভাৰত-তিব্বত পথ (NH 5)ত ২৭০৮ মিটাৰ উচ্চতাত এবিধ ফাৰ (Abies pindrow) অৰণ্যত অৱস্থিত। শিমলাৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত হিমালয়ৰ পৰ্বতমালাৰে আগুৰি আছে। শীতকালত এই চহৰখন স্কিইং ৰিজৰ্ট।
-
পচাম্পলী শাড়ি
পচাম্পলী শাড়ি (Pochampally sari) বা পচাম্পল্লী ইক্কাত হৈছে ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ যদাদৰী ভুৱনাগিৰি জিলাৰ ভুদান পচাম্পলীত তৈয়াৰ কৰা শাড়ি। এই শাড়ি ইক্কাট শৈলী ৰং আৰু পৰম্পৰাগত জ্যামিতি ডিজাইনৰ বাবে জনপ্ৰিয়।
-
পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ
পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বসবাস কৰা পথাৰ শ্যামগাঁৱত অৱস্থিত এক বৌদ্ধ বিহাৰ। গাঁওখনৰ উপাসক-উপাসিকাসকলে ধৰ্মচৰ্চাৰ নিমিত্তে প্ৰতিষ্ঠা কৰা বৌদ্ধ বিহাৰ তিতাবৰ অঞ্চলৰ সৰ্বপ্ৰাচীন বৌদ্ধ ধৰ্মস্থান।
-
পদুম মন্দিৰ
পদুম মন্দিৰ (Lotus Temple), লোটাছ মন্দিৰ বা লোটাছ টেম্পল হৈছে ভাৰতৰ দিল্লীৰ নতুন দিল্লীৰ কলকাজীত অৱস্থিত বাহাই উপাসনা গৃহ। ১৯৮৬ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হোৱা এই উপাসনা গৃহটো পদুমৰ দৰে আকৃতিৰ বাবে ই চহৰখনৰ এক বিশিষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।
-
পশ্চিম চাহাৰা
পশ্চিম চাহাৰা (ইংৰাজী:Western Sahara), আফ্ৰিকাৰ উত্তৰ-পশ্চিম উপকূলৰ এটা বিতৰ্কিত ভূখণ্ড। ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই নাম দিয়া পশ্চিম চাহাৰাই হৈছে স্বাধীনতা লাভ কৰা শেষখন আফ্ৰিকান ঔপনিৱেশিক ৰাষ্ট্ৰ।
-
পশ্চিম প্ৰদেশ, শ্ৰীলংকা
পশ্চিম প্ৰদেশ শ্ৰীলংকাৰ ৯খন প্ৰদেশৰ ভিতৰত অন্যতম, দেশৰ প্ৰথম পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। ১৯ শতিকাৰ পৰাই এই প্ৰদেশসমূহৰ অস্তিত্ব আছিল যদিও ১৯৮৭ চনত শ্ৰীলংকাৰ সংবিধানৰ ত্ৰয়োদশ সংশোধনীৰ ফলত প্ৰাদেশিক পৰিষদ গঠন হোৱালৈকে ইয়াৰ কোনো আইনী মৰ্যাদা নাছিল।
-
পাংচাউ পাছ
পাংচাউ পাছ বা পান চাউং পাছ (বাৰ্মিজ: ပန်ဆေလမ်းကြောင်းာ) ৩,৭২৭ ফুট উচ্চতাত (১,১৩৬ মিটাৰ) ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰৰ শিখৰত অৱস্থিত এটা পাছ। পাছটোৱে অসম সমভূমিৰ পৰা বাৰ্মালৈ যোৱা আটাইতকৈ সহজ পথবোৰৰ এটা।
-
পাটেকীবড়ি
পাটেকীবড়ি বা পাতেকীবৰি ( Patekibori) অসমৰ মৰিগাঁও জিলাৰ এখন ঠাই য’ত শংকৰদেৱৰ জন্ম হৈছিল বুলি জনা যায়। মৰিগাঁও জিলাৰ সদৰ ঠাই লাহৰীঘাটৰ পৰা ১৮ কিলোমিটাৰ দূৰত পাটেকীবড়ি অৱস্থিত। মহাপুৰুষ শংকৰদেৱৰ এই পাটেকীবড়ি-আলিপুখুৰী নামৰ এখন গাঁৱত হৈছিল।
-
পাণ্ডু বন্দৰ
পাণ্ডু বন্দৰ (Pandu Port) অসম গুৱাহাটীৰ পাণ্ডুত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। বন্দৰটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহৎ নদী বন্দৰ। ইয়াত বহুতো যাত্ৰীবাহী জাহাজ পৰ্যটকৰ সৈতে অহা যোৱা কৰে।
-
পানীমূৰ
পানীমূৰ (Panimur) অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এটি দৰ্শনীয় স্থান। ঠাইখন পানীমূৰ জলপ্ৰপাতৰ বাবে বিখ্যাত, যাক উত্তৰ-পূবৰ নায়াগ্ৰা (Niagara of Northeast) বুলিও কোৱা হয়। জলপ্ৰপাতটো কপিলী নদীৰ দ্বাৰা গঠিত হয়। নদীখন শিলাময় ভূখণ্ডৰ ওপৰেৰে বৈ যোৱাৰ ফলত এটা বহল জলপ্ৰপাতৰ সৃষ্টি হয়।
-
পালঘাট জিলা
পালঘাট জিলা (মালয়ালম: [pɐːlɐkːɐːɖɨ̆] ⓘ) ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ ভিতৰত এখন। ১৯৫৭ চনৰ ১ জানুৱাৰীত মাদ্ৰাজ ৰাজ্যৰ পূৰ্বৰ মালাবাৰ জিলাৰ দক্ষিণ-পূব অংশ পৃথক কৰি এই জিলাখন গঠন কৰা হৈছিল। কেৰালাৰ মধ্য অংশত অৱস্থিত এই জিলাখন ইডুক্কি জিলাৰ পাছতেই ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম জিলা।
-
পাৰ্বতীপুৰ জংচন ৰেল ষ্টেচন
পাৰ্বতীপুৰ জংচন ৰেল ষ্টেচন (Parbatipur Junction railway station) বাংলাদেশৰ ৰংপুৰ বিভাগৰ দিনাজপুৰ জিলাৰ এটা ৰেল জংচন।
-
পিৰাম দ্বীপ
পিৰাম দ্বীপ বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।
-
পুকোড হ্ৰদ
পুকোড হ্ৰদ: Pookode Lake দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ ৱায়ানাড় জিলাত অৱস্থিত এক মনোৰম প্ৰাকৃতিক মিঠাপানীৰ হ্ৰদ। ই জিলাখনৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী। চিৰসেউজ অৰণ্য আৰু পাহাৰৰ ঢালৰ মাজত অৱস্থিত এই প্ৰাকৃতিক হ্ৰদটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭৭০ মিটাৰ উচ্চতাত অৱস্থিত।
-
পুটকী
পুটকী হৈছে ঝাৰখণ্ড ৰাজ্যৰ ধনবাদ জিলাৰ ধনবাদ সদৰ মহকুমাৰ অন্তৰ্গত এটা অঞ্চল। ২০২০ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা ৩,২৮১ জন। তাৰে পুৰুষ ১,৭৩৫জন আৰু মহিলা ১,৫৪৬ জন। এই অঞ্চলটোৰ মুঠ আয়তন প্ৰায় ০.২৭ বৰ্গ কিলোমিটাৰ।
-
পুথুৱাইপ
পুথুৱাইপ (পুথু ৱাইপ - নতুন ৱাইপিন) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিস্থিত এক উদীয়মান প্ৰধান উদ্যোগিক অঞ্চল। ই হাইকোৰ্ট জংশনৰপৰা ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
-
পুৰণি চহৰ (লভিভ)
লভিভৰ পুৰণি চহৰ (Lviv's Old Town) হৈছে ইউক্ৰেইনৰ লভিভ অব্লাষ্ট (প্ৰদেশ)ত অৱস্থিত লভিভ চহৰৰ ঐতিহাসিক কেন্দ্ৰ। ১৯৭৫ চনত ইয়াক ৰাষ্ট্ৰীয় ঐতিহাসিক-স্থাপত্য সংৰক্ষিত এলেকা হিচাপে স্বীকৃতি দিয়া হয়।লাভিভৰ পুৰণি চহৰখন এক গুৰুত্বপূৰ্ণ ঐতিহাসিক কেন্দ্ৰ, যিখনে ১৯৯৮ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে…
-
পুৰণি দিখৌ দলং
পুৰণি দিখৌ দলং অসমৰ শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। ১৯২৯ আৰু ১৯৩৫ চনৰ কালচোৱাৰ মাজত বৃটিচ চৰকাৰে এই দলংখন নিৰ্মাণ কৰিছিল। লোহা আৰু কাঠেৰে নিৰ্মাণ কৰা এই দলংখন সেই সময়ত নদীত জাহাজ আহিলে মাজৰ অংশ ডাঙিব পৰাকৈ সজা হৈছিল।