পাৰ্বতীপুৰ জংচন ৰেল ষ্টেচন (Parbatipur Junction railway station) বাংলাদেশৰ ৰংপুৰ বিভাগৰ দিনাজপুৰ জিলাৰ এটা ৰেল জংচন।
ইতিহাস
ব্ৰিটিছ যুগত অসম আৰু উত্তৰ বংগৰ সকলো ৰেল সংযোগ বংগৰ পূব অংশ মাজেৰে সম্পন্ন হৈছিল। ১৮৭৮ চনৰ পৰা কলকাতাৰ পৰা শিলিগুৰিলৈ ৰেলপথেৰে যাবলৈ দুই ধাপত ৰেলভ্ৰমণ কৰিবলগীয়া হৈছিল। প্ৰথমটো ধাপত ইষ্টাৰ্ণ বেংগল ৰেলৱেৰ ৰেলপথেৰে কলিকতা ষ্টেচনৰ (পিছলৈ শিয়ালদহ নামেৰে নামাকৰণ কৰা হয়) পৰা পদ্মা নদীৰ দক্ষিণ পাৰৰ দামুকদিয়া ঘাটলৈ ১৮৫ কিলোমিটাৰ যাত্ৰা, তাৰ পিছত ফেৰীৰে নদী পাৰ দ্বিতীয়টো ধাপ আৰম্ভ হয়। এইটো ধাপত নৰ্দান বেংগল ষ্টেট ৰেলৱেৰ ৩৩৬ কিলোমিটাৰ মিটাৰগজ লাইনে পদ্মা নদীৰ উত্তৰ পাৰৰ সাৰাঘাটক শিলিগুৰিৰ সৈতে সংযোগ কৰিছিল।১
১৯১২ চনত পদ্মা নদীৰ ওপৰেৰে ১.৮ কিলোমিটাৰ দীঘল হাৰ্ডিঞ্জ দলং নিৰ্মাণ হয়।২ ১৯২৬ চনত দলংখনৰ উত্তৰ দিশৰ মিটাৰগজ অংশটো ব্ৰডগজলৈ ৰূপান্তৰিত কৰা হয় আৰু এনেকৈয়ে সমগ্ৰ কলকাতা - শিলিগুৰি পথটো ব্ৰডগজলৈ পৰিণত হয়।১
১৮৭৮ চনত চিলাহাটী-পাৰ্বতীপুৰ-সান্তাহাৰ-দৰ্শনা ৰেলপথত পাৰ্বতীপুৰ ৰেল ষ্টেচন প্ৰতিষ্ঠা হোৱাৰ পাছত ই অধিক ৰেল সংক্ৰান্তীয় উন্নয়নৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই উন্নয়নৰ এটা পূব দিশ আৰু আনটো পশ্চিম দিশত সম্পন্ন হৈছিল। নৰ্থ বেংগল ষ্টেট ৰেলৱেই ১৮৭৯ চনত কওনিয়ালৈ এটা মিটাৰগজ ৰেলপথ মুকলি কৰে। আনহাতে কওনিয়াৰ পৰা ধাৰলা নদীলৈ ইষ্টাৰ্ণ বেংগল ষ্টেট ৰেলৱেই দুটা নেৰ’গজ লাইন স্থাপন কৰে। ১৯০১ চনত কওনিয়া ধাৰলা ৰেলপথ মিটাৰগজলৈ ৰূপান্তৰিত কৰা হয়। ১৯০৮ চনত কওনিয়া-ধাৰলা ৰেলপথ আমিনগাঁওলৈকে সম্প্ৰসাৰণ কৰা হয়। ১৮৮৪ চনত আসাম বেহাৰ ষ্টেট ৰেলৱেই পশ্চিম দিশলৈ নিৰ্মাণ আৰম্ভ কৰে আৰু ১৮৮৯ চনৰ ভিতৰত পাৰ্বতিপুৰ বিহাৰৰ কাটিহাৰৰ সৈতে সংযুক্ত পৰিল।৩
ভাৰত বিভাজনৰ লগে লগে বাংলাদেশৰ বাহিৰৰ ৰেল যোগাযোগ হেৰাই গ’ল যদিও পৰৱৰ্তী সময়তো বাংলাদেশৰ বাবে পাৰ্বতীপুৰ এক গুৰুত্বপূৰ্ণ ৰেল সংযোগস্থল হৈ থাকিল।
তথ্যসূত্ৰ
- ↑ India: the complex history of the junctions at Siliguri and New Jalpaiguri. IRFCA
- ↑ Chowdhury, Sifatul Quader. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ R.P. Saxena. Indian Railway History timeline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্বতীপুৰ জংচন ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৪৪৩০৩২ (৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।