নামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ জনজাতিৰ৷
ইতিহাস
২০১৩ চনৰ ২১ মাৰ্চত সেইসময়ৰ মুখ্যমন্ত্ৰী নবাম টুকীৰ অধীনৰ অৰুণাচল প্ৰদেশ ৰাজ্যিক চৰকাৰে নামনি ছিয়াং জিলা সৃষ্টিৰ প্ৰস্তাৱটোত অনুমোদন জনায়৷১ পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ এই নতুন জিলা সৃষ্টিৰ সিদ্ধান্ত লোৱা হয়৷২
জিলাখনৰ সদৰ ঠাইক লৈ কিছু মতবিৰোধ সৃস্টি হোৱাত এই সিদ্ধান্ত কাৰ্যকৰী কৰাত পলম হয়৷৩ অৱশেষত ২০১৭ চনৰ ২২ ছেপ্টেম্বৰত লিকাবালিক অস্থায়ী সদৰ হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে জিলাখন গঠনৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰে৷৪৫
প্ৰশাসন
নামনি ছিয়াং জিলাখন লিকাবালি আৰু নাৰি-কয়ো (Nari-Koyu) বিধানসভা সমষ্টিৰে গঠিত৷
জনসংখ্যা
২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ৮০,৫৯৭ জন৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ (Galo) জনজাতিৰ৷
ভাষা
জিলাখনত ব্যৱহৃত মূল ভাষা হৈছে গাল’৷ এই ভাষাটো চীন-তিব্বতীয় মূলৰ৷৬
তথ্যসূত্ৰ
- ↑ (22 March 2013). Arunachal clears bill for four new districts. The Times of India
- ↑ (2013-01-16). Arunachal to get four new districts. timesofindia
- ↑ (8 August 2014). New district. The Telegraph
- ↑ Lepcha, Damien. (23 September 2017). Lower Siang starts functioning. The Telegraph India
- ↑ (22 September 2017). Khandu Cabinet approves Operation of Lower Siang District with HQ Likabali. Arunachal24.in
- ↑ M. Paul Lewis. (2009). Galo: A language of India. Ethnologue: Languages of the World. SIL International
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামনি ছিয়াং জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৫২৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।