নাঞ্জানাগড় কল অথবা নাঞ্জানাগড় ৰচাবালে-হানু ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চামাৰাজ নগৰ আৰু মহীশূৰ জিলাত খেতি কৰা এক ধৰণৰ কলৰ জাত। নাঞ্জানাগড় কলৰ সোৱাদ আৰু গোন্ধৰ বাবে গোটেই ভাৰতবৰ্ষ বিখ্যাত। এই কলৰ সুন্দৰ গঠনে ইয়াক আকৰ্ষণীয় কৰি তুলিছে। সঠিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ মাধ্যমত এই কল পৰিপূৰ্ণতা লাভ কৰে। এই কলৰ সোৱাদ, গোন্ধ, ভৌগোলিক সীমাবদ্ধতা আৰু জনপ্ৰিয়তাৰ কাৰণে ভাৰত চৰকাৰে ইয়াক ভাৰতৰ ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিছে। ১ ২৩
বিশেষত্ব
নাঞ্জানাগড় কলৰ বিশেষত্ব হল ইয়াৰ সোৱাদ, গোন্ধ, আকাৰ-আকৃতি যি অন্যান্য কলতকৈ ভিন্ন। সঠিক মাত্ৰাত ৰাসায়নিক সাৰৰ ব্যৱহাৰ আৰু অভিজ্ঞতা পূৰ্ণ জৈৱিক কৃষি মাধ্যমত এই কল উৎপাদিত হয়। ইয়াৰ আন এটা বিশেষত্ব হল, যদি এই কল অন্য স্থানত খেতি কৰা হয় তেন্তে এই কলৰ বৃদ্ধি হবলৈ অধিক সময় লাগে আকাৰত সৰু হয়। সেইদৰে খাবলৈ সুস্বাদু নহয়। নাঞ্জানাগড় কলৰ জিনগত বিশিষ্ট এই কলাক আন কলৰ পৰা পৃথক কৰিছে।৪
কৃষি
নাঞ্জানাগড় কল খেতিৰ বাবে শুষ্ক আৰু আদ্ৰ জলবায়ু প্ৰয়োজন। নাঞ্জানাগড় কলৰ ভাল বৃদ্ধিৰ বাবে অক্ষাংশ ৩০উঃ ৰ পৰা ৩০দঃ বিশেষ ভাবে উপযোগী। ৫
ভৌগোলিক অস্তিত্ব
উদ্যানশস্য বিভাগে ভাৰত চৰকাৰৰ ওচৰত নাঞ্জানাগড় কলৰ ভৌগোলিক অস্তিত্ব নিবন্ধনৰ বাবে ১৯৯৯ চনৰ ধাৰা অনুসৰি আবেদন জনাইছিল। আবেদনৰ পৰিপ্ৰেক্ষত ৩ বছৰ পিছত ২০০৫ চনত ভাৰতৰ ভৌগোলিক অস্তিত্ব নিদৰ্শন হিচাপে ভৌগোলিক পৰিচায়কৰ স্বীকৃতি পায়। ৬
তথ্যসূত্ৰ
- ↑ (2016). Mangoes and grapes give K'taka farmers sweet taste of success. Times of India
- ↑ (2005). Journal 8-12. 8. Government of India. পৃ. 45-49
- ↑ (2015). Farmers Come Together to Save Nanjangud Rasabale. the new indian express
- ↑ (2005). Journal 8-12. 8. Government of India. পৃ. 48
- ↑ (2005). Journal 8-12. 8. Government of India. পৃ. 46
- ↑ (2005). Journal 8-12. 8. Government of India. পৃ. 44
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাঞ্জানাগড় কল” প্ৰবন্ধৰ সংশোধন ৪০৩৪৯৭ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।