অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নিউ জলপাইগুৰি ৰেল ষ্টেচন

নিউ জলপাইগুৰি পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ শিলিগুৰি নগৰত অৱস্থিত ভাৰতীয় ৰেলৰ এটা জংচন ষ্টেচন।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নিউ জলপাইগুৰি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ শিলিগুৰি নগৰত অৱস্থিত ভাৰতীয় ৰে’লৰ এটা জংচন ষ্টেচন।

অৱস্থান

হিমালয়ৰ পাদদেশত অৱস্থিত শিলিগুৰিৰ নগৰাঞ্চল পশ্চিমবঙ্গৰ দুখন জিলাত বিয়পি আছে: দাৰ্জিলিং জিলা আৰু জলপাইগুৰি জিলা। শিলিগুৰি নগৰাঞ্চলত থকা ৩টা ৰেল ষ্টেচনৰ শিলিগুৰি টাউন আৰু শিলিগুৰি জংচন দাৰ্জিলিং জিলাত আৰু নিউ জলপাইগুৰি জলপাইগুৰি জিলাৰ অন্তৰ্ভূক্ত।১ শিলিগুৰি উত্তৰবঙ্গৰ আটাইতকৈ ডাঙৰ আৰু দ্ৰুত বিকশিত নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি গণ্য কৰা হয়।২

ইতিহাস

উত্তৰ বঙ্গ, ছিক্কিম, ভূটান আৰু অসমৰ দুৱাৰমুখ স্বৰূপে শিলিগুৰিৰ এক বিশেষ গুৰুত্ব আছিল। স্বাধীনতাৰ আগৰ কালচোৱাত কলিকতাৰ সৈতে বঙ্গৰ পূব অংশৰ মাজেৰে উত্তৰ বঙ্গ আৰু অসমৰ ৰেল সংযোগ আছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনত বঙ্গৰ পূব অংশটো পাকিস্তানৰ অন্তৰ্ভূক্ত হ'ল। ফলস্বৰূপে পশ্চিমবংগৰ দক্ষিণাঞ্চল তথা ভাৰতৰ মুখ্যভূমিৰ সৈতে উত্তৰ বঙ্গ আৰু অসমৰ ৰেল সংযোগ সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিল।৩ সেয়েহে আসাম লিংক প্ৰজেক্টৰ অধীনত ১৯৪৮ চনৰ ২৬ জানুৱাৰীৰ পৰা শিলিগুৰি জংচন ষ্টেচন হৈ অসমৰ ফকিৰাগ্ৰামৰ পৰা বিহাৰৰ কিষানগঞ্জলৈ এটা মিটাৰগ'জ পথ নিৰ্মাণৰ কাম যুদ্ধকালীন ক্ষীপ্ৰতাৰে আৰম্ভ হ'ল আৰু ১৯৪৯ চনৰ ডিচেম্বৰ মাহত এই কাম সমাপ্ত হ'ল। নৱনিৰ্মিত পথচোৱাৰে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা প্ৰথম যাত্ৰীবাহী ৰেল চলিবলৈ ধৰে।৩৪

১৯৬০ৰ দশকত ভাৰতীয় ৰেলে প্ৰজেক্ট ইউনিগ'জৰ অধীনত মিটাৰগ'জ ৰেলপথসমূহক ব্ৰডগ'জলৈ পৰিবৰ্তন কৰাৰ কাম আৰম্ভ কৰে আৰু শিলিগুৰি নগৰৰ দক্ষিণ দিশেৰে এটা নতুন ব্ৰডগ'জ ৰেলপথ বহুওৱা হয়। সেয়েহে শিলিগুৰি টাউন ষ্টেচনৰ দক্ষিণে এটা নতুন ৰেল ষ্টেচন স্থাপন কৰিবলগীয়া হ'ল। ষ্টেচনটোৰ নাম নিউ শিলিগুৰি ৰখাৰ পোষকতা কৰা হৈছিল যদিও অৱশেষত নিউ জলপাইগুৰি ৰখা হ'ল। ১৯৬৪ চনলৈ ই অঞ্চলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেচনলৈ পৰিবৰ্তন হয়। এই ষ্টেচনটো ব্ৰডগ'জ (কিষাণগঞ্জ, বাৰসোইলৈ) আৰু মিটাৰগ'জ (শিলিগুৰি জংচন, আলিপুৰ দুৱাৰলৈ) উভয় ৰেলপথেৰে সংযোজিত হৈ আছিল। শিলিগুৰি টাউন ষ্টেচনলৈ থকা দাৰ্জিলিং হিমালয়ান নেৰ'গ'জ লাইনো নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হৈছিল।৩ নিউ জলপাইগুৰি আৰু শিলিগুৰি জংচনৰ মাজৰ মিটাৰগ'জ ৰেলপথটো পিছত ব্ৰডগ'জলৈ পৰিবৰ্তন কৰা হয়।

সা-সুবিধা

নিউ জলপাইগুৰিত ২টা ২খনীয়া বিচনাৰ বাতানুকুল ৰিটায়াৰিং ৰুম, ৬টা দুখনীয়া বিচনাৰ অবাতানুকুল ৰিটায়াৰিং ৰুম, ১টা তিনিখনীয়া বিচনাৰ ডৰমেট'ৰী আৰু ১টা বাৰখনীয়া বিচনাৰ ডৰমেট'ৰী আছে।৫ অন্যান্য সা-সুবিধাবোৰ হ'ল- কম্পুটাৰাইজড্ যাত্ৰী আৰক্ষণ কেন্দ্ৰ, আমিষ আৰু নিৰামিষ ভোজন গৃহ আৰু গ্ৰন্থ বিপনী।৬

যাত্ৰীৰ গতি

টিকট বিক্ৰীৰ লেখেৰে সৰ্বোচ্চ ১০০টা ষ্টেচনৰ ভিতৰত নিউ জলপাইগুৰিও আছে।৭

ব্যস্ততাপূৰ্ণ ষ্টেচন

১০০খনতকৈয়ো অধিক ৰেল নিউ জলপাইগুৰিৰ মাজেৰে পাৰ হৈ যায়। ২০১২ৰ পৰিসংখ্যা মতে ৭খন এক্সপ্ৰেছ আৰু ৬খন যাত্ৰীবাহী ৰেলৰ যাত্ৰাৰ আৰম্ভণি আৰু সমাপ্তি নিউ জলপাইগুৰি ষ্টেচনত হয়।৮

গুৱাহাটী ৰাজধানী, ব্ৰহ্মপুত্ৰ মেইল, দাৰ্জিলিং মেইল, হাওৰা-নিউ জলপাইগুৰি শতাব্দী এক্সপ্ৰেছ আদি বহুকেইখন মৰ্যদাপূৰ্ণ ৰেল নিউ জলপাইপাইগুৰিয়ে চম্ভালে।৮ ভাৰতীয় ৰেলৰ সৰ্বাধিক দীঘলীয়া পথৰ ৰেল 'ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ' এই ষ্টেচনৰ মাজেৰে পাৰ হৈ যায়। এই ৰেলখনে ৪২৮৬ কিঃমিঃ দূৰত্ব ৮২:৩০ ঘণ্টাত অতিক্ৰম কৰে। 'গুৱাহাটী-থিৰুঅনন্তপুৰম এক্সপ্ৰেছ' (৩,৪৭৪ কিঃমিঃ), 'গুৱাহাটী-ওখা এক্সপ্ৰেছ' (৩,২২২ কিঃমিঃ), 'গুৱাহাটী-দাদৰ এক্সপ্ৰেছ' (২,৬৫৭ কিঃমিঃ) আদি আন কেইখনমান দীঘলীয়া গতিপথৰ ৰেলেও নিউ জলপাইগুৰি স্পৰ্শ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Siliguri Jalpaiguri Development Authority
  2. ↑ Siliguri Online
  3. ↑ India: the complex history of the junctions at Siliguri and New Jalpaiguri. IRFCA
  4. ↑ Indian Railway History Timeline
  5. ↑ Retiring rooms in Northeast Frontier Railway. Indian Railways
  6. ↑ New Jalpaiguri railway station. Make my trip
  7. ↑ Indian Railways Passenger Reservation Enquiry. Availability in trains for Top 100 Booking Stations of Indian Railways. IRFCA
  8. ↑ New Jalpaiguri Railway Station details. indiantrains.org
  9. ↑ Trivia. IRFCA

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰেল ষ্টেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউ জলপাইগুৰি ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৫৩০৩৩৪ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।