ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
টাংগান্যিকা হ্ৰদ
টাংগান্যিক হ্ৰদ আফ্ৰিকাত অৱস্থিত এটা বৃহৎ হ্ৰদ। এই হ্ৰদ ছাইবেৰিয়াৰ বৈকাল হ্ৰদৰ পিছতেই আয়তনৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহৎ নিৰ্মল পানীৰ হ্ৰদ আৰু গভীৰতাৰ ফালৰ পৰা দ্বিতীয় বুলি গণ্য কৰা হয়। তদুপৰি ই বিশ্বৰ সৰ্বোচ্চ দৈৰ্ঘ্যৰ হ্ৰদ।
-
টাই ভেটি
টাই ভেটি (ইংৰাজী ভাষা:Tai Bheti) হ'ল চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰা আগতে খেতি কৰি থাকি যোৱা এটা অঞ্চল। বৰ্তমান ঠাইখন আহোম জনসংখ্যাৰে আবৃত আৰু পৌৰাণিক পৰ্যটন স্থলী ৰূপে পৰিণত হৈছে। মুখ্য পৰ্যটনৰ আকৰ্ষণ হল স্থানীয় ম'চাম আৰু ফুৰালুং সংঘৰ দ্বাৰা পৰিচালিত হাবুং হ'ফি বা ৰু'এন চাও ছেঙখন।
-
টানবাজাৰ
টানবাজাৰ ( Tanbazar; টানবাজাব় যৌনপল্লি) মধ্য বাংলাদেশৰ নাৰায়নগঞ্জৰ ২০০০ কোঠাযুক্ত এখন পতিতালয় আছিল, যিখন ১৯৯৯ চনত বন্ধ কৰি দিয়া হৈছে। ৩৫০০জনী পতিতা বাস কৰা এইখনে দেশখনৰ বৃহত্তম পতিতালয় আছিল।
-
টালিছ পৰ্বতমালা
টালিছ পৰ্বতমালা (Talysh Mountains) হৈছে আজাৰবাইজানৰ লংকাৰান-আস্তাৰা অৰ্থনৈতিক অঞ্চল আৰু ইৰাণৰ আৰ্দাবিল আৰু গিলান প্ৰদেশৰ এটা পৰ্বতমালা
-
টিহু-দেখাটা
টিহু-দেখাটা (Tihu-dekhata) হৈছে ইতিহাসৰ পাতত নাম নথকা ঐতিহ্যমণ্ডিত এখনি সৰু গাঁও। এই গাঁওখন বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত সৰিহ মৌজাৰ দক্ষিণ দিশত অৱস্থিত। গাঁওখনৰ আন এটা নাম হৈছে হেলনা, যিটো নামেৰে গাঁওখন জনাজাত; টিহু-দেখাটা গাঁওখনৰ বিভাগীয় নাম।
-
ড'ব্ৰ'ভ'ডি
ড'ব্ৰ'ভ'ডি (ইউক্ৰেইনীয়ান: Доброводи; ইংৰাজী: Dobrovody) হৈছে ইউক্ৰেইনৰ চেৰকাছি অব্লাষ্টৰ উমান ৰায়নত অৱস্থিত এখন গাঁও। গাঁওখন দ্মিত্ৰুশ্কি গ্ৰাম্য হ্ৰমাডাৰ অন্তৰ্গত।
-
ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ
ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ অসমীয়া সংগীতজ্ঞ, কবি আৰু চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাৰ স্মৃতিত নিৰ্মিত এটা স্মাৰক প্ৰাংগণ আৰু সাংস্কৃতিক স্থান। ই ভাৰতৰ অসমৰ গুৱাহাটীৰ জালুকবাৰী অঞ্চলত, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত অৱস্থিত।
-
ডং
ডং ভাৰতৰ অৰুণাচল প্ৰদেশৰ অনজৌ জিলাৰ ডং উপত্যকাত অৱস্থিত এখন সৰু গাঁও। গাঁওখন ভাৰতৰ পূব প্ৰান্তৰ অন্যতম বসতিস্থান আৰু ভাৰত, চীন আৰু ম্যানমাৰৰ সীমান্ত সংযোগস্থলৰ ওচৰত অৱস্থিত। ডং সূৰ্যোদয় চাবলৈ যোৱা পৰ্যটকৰ বাবে জনাজাত।
-
ডান ব্ৰিষ্ট
ডান ব্ৰিষ্ট ( Dun Briste Sea Stack) আয়াৰলেণ্ডত কাৰ্বনিফেৰাছ যুগত, ই সম্ভৱতঃ মিচিচিপিয়ান যুগত, প্ৰায় ৩৫০ মিলিয়ন বছৰ আগতে গঠিত হোৱা এক প্ৰাকৃতিকভাৱে তৈয়াৰী সাগৰীয় খুঁটি বা স্তম্ভ যাক ভূ-ৰূপবিজ্ঞানত ষ্টেক বুলি কোৱা হয়।
-
ডিউ দ্বীপ
ডিউ দ্বীপ বা দিউ দ্বীপ হৈছে গুজৰাটৰ কাঠিয়াৱাৰ উপদ্বীপৰ দক্ষিণ উপকূলত থকা এটা দ্বীপ, যিটো মূল ভূখণ্ডৰ পৰা জোৱাৰ-ভাটাৰ খালৰ দ্বাৰা পৃথক। ইয়াৰ আয়তন ৩৮ কিলোমিটাৰ বৰ্গফুট, আৰু জনসংখ্যা ৪৪,১১০ (২০০১ চনৰ লোকপিয়ল)।
-
ডিজু চাহ বাগিচা
ডিজু চাহ বাগিচা লখিমপুৰ জিলাৰ অন্তৰ্গত ডিজুত অৱস্থিত এখন চাহ বাগিচা। এই বাগিচাখন উত্তৰ লখিমপুৰ চহৰৰপৰা উত্তৰ-পশ্চিম দিশত, প্ৰায় বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অঞ্চলটো অসম-অৰুণাচল সীমান্তত অৱস্থিত। ডিজুৰ পূৱ সীমাৰে ৰঙানদী বৈ গৈছে।
-
ডিমা হাছাও জিলাৰ মিটাৰগজ ৰে’ললাইন
ডিমা হাচাও জিলাৰ মিটাৰগজ ৰে’ললাইন বৰ্তমান এক বিলুপ্ত ৰেলপথ৷ ২০১৫ চনত লামডিং বদৰপুৰ ব্ৰডগজ ৰে’লসেৱা আৰম্ভ হোৱাৰ পিছত মিটাৰগজ ৰে’ললাইন সম্পূৰ্ণৰূপে উঠি যায়৷ সম্ভাৱনা থকাতো ইয়াক সংৰক্ষণৰ কোনো ব্যৱস্থা কৰা নহ’ল৷ ভাৰতীয় ৰে’ল ইতিহাস আৰম্ভ হৈছিল ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বেৰ পৰা থানেলৈ ২১ মাইল দূৰত্ব…
-
ডিমৌ, ধেমাজি
ডিমৌ (ইংৰাজী: Dimow), লোকপিয়লৰ তথ্যত ডিমৌ চাৰিআলি নামেৰে নথিভুক্ত, ভাৰতৰ অসম ৰাজ্যৰ ধেমাজি জিলাৰ চিচিবৰগাঁও মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ডিমৌ চাৰিআলি গাঁৱৰ মুঠ জনসংখ্যা আছিল ৭৩১ জন আৰু মুঠ পৰিয়ালৰ সংখ্যা আছিল ১৪৬টা।
-
তালিয়াংকি (প্ৰত্নতাত্ত্বিক স্থান)
তালিয়াংকি (Talianki; ইউক্ৰেইনীয়ান: Тальянки) হ’ল এক অত্যন্ত বিশাল আৰু গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান। এই স্থানডোখৰ বৰ্তমানৰ ইউক্ৰেইন দেশৰ চেৰকাচি ওব্লাষ্ট অঞ্চলত অৱস্থিত একে নামৰ এটা আধুনিক গাঁৱৰ ওচৰত অৱস্থিত।
-
তাৰাছ পাহাৰ
তাৰাছ পাহাৰ (ইউক্ৰেইনীয়: Тарасова гора) বা চেৰনেচা হোৰা (Чернеча гора, অৰ্থাৎ "সন্ন্যাসীৰ পাহাৰ") হৈছে ইউক্ৰেইনৰ কানিভ চহৰৰ সমীপত দ্নীপাৰ নদীৰ পাৰত অৱস্থিত এখন পাহাৰ। ই শ্বেভচেংক’ ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু সাংস্কৃতিক স্থান।
-
তিৰুৰ পাণ
তিৰুৰ পাণ (Tirur Betel Leaf) হৈছে ভাৰতৰ কেৰালাৰ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত পাণপাতৰ জাত। এই পান মূলতঃ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ তিৰুৰ, তানুৰ, তিৰুৰাংগাড়ি, কুট্টিপুৰম, মালাপ্পুৰম আৰু ভেংগাৰা ব্লক পঞ্চায়তসমূহত খেতি কৰা হয়।
-
তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ
উত্তৰ চাইপ্ৰাচ বা আনুষ্ঠানিকভাৱে উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্য ((Turkish Republic of Northern Cyprus, TRNC) হৈছে চাইপ্ৰাচ দ্বীপৰ উত্তৰ-পূব অংশত অৱস্থিত এখন বাস্তৱিক (de facto) ৰাষ্ট্ৰ। এই দেশক কেৱল তুৰস্কইহে স্বীকৃতি দিছে। এই ভূখণ্ডক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে চাইপ্ৰাচ ৰিপাব্লিকৰ অংশ বুলি গণ্য কৰে।
-
তেতেলিয়া
তেতেলিয়া হৈছে কামৰূপ (মহানগৰ) জিলাৰ সোণাপুৰ ব্লকৰ অন্তৰ্গত এখন গাঁও। অসমৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত এই গাঁওখন অৱস্থিত। তেতেলিয়া, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে জনাজাত, আৰু ইয়াৰ চাৰিওফালে সেউজীয়া অৰণ্য, পাহাৰ আৰু নদী আছে।
-
তোষ, হিমাচল প্ৰদেশ
তোষ (Tosh) গাঁও ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। এই গাঁওখন পাৰ্বতী উপত্যকাৰ পাৰ্বতী নদীৰ সোঁ পাৰৰ এক পৰ্বতীয়া ঢালত, সাগৰ পৃষ্ঠৰপৰা প্ৰায় ২,৪০০ মিটাৰ (৭,৯০০ ফুট) উচ্চতাত অৱস্থিত আৰু ই চাৰিওফালে পৰ্বতমালাৰে পৰিবেষ্টিত (তোষ হৈছে এই উপত্যকাৰ অন্তিমখন গাঁও)।
-
ত্ৰিপুৰা (দেশীয় ৰাজ্য)
ত্ৰিপুৰা ৰাজ্য বা হিল তিপ্পেৰা (Tripura state) ব্ৰিটিছ ভাৰতৰ আৰু ব্ৰিটিছৰ বিদায়ৰ পিছতো প্ৰায় দুবছৰ অস্তিত্ব থকা ভাৰতৰ এখন দেশীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল মাণিক্য বংশৰ আছিল আৰু ১৯৪৭ চনৰ আগষ্ট মাহলৈকে ৰাজ্যখন ব্ৰিটিছৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ আছিল, যাৰ পৰা ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ৰ দ্বাৰা…
-
থিৰুমুল্লাভাৰম সমুদ্ৰতট
থিৰুমুল্লাভাৰম সমুদ্ৰতট (Thirumullavaram Beach) কেৰালাৰ কোল্লাম চহৰৰ অন্যতম জনপ্ৰিয় সমুদ্ৰতট আৰু ৰাজ্যখনৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী। এই সমুদ্ৰতট থিৰুমুল্লাভৰম অঞ্চলত অৱস্থিত আৰু কোল্লাম চহৰৰ এটা গুৰুত্বপূৰ্ণ চুবুৰী।
-
থোট্টাডা
থোট্টাডা: Thottada,ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ এখন উপকূলীয় লোকপিয়ল চহৰ। ই কান্নুৰ চহৰৰ উপকণ্ঠ অঞ্চল। ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) দক্ষিণে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত।
-
থোপ্পুম্পাড়ী
থোপ্পুম্পাড়ী (തോപ്പുംപടി) হৈছে কোচি, কেৰালাৰ অন্তৰ্গত এখন নগৰ। থোপ্পুম্পাড়ী দলঙে উইলিংডন দ্বীপক ফ’ৰ্ট কোচি উপদ্বীপৰ সৈতে সংযোগ কৰে।
-
দাওধৰা
দাওধৰা ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত দাওধৰা এখন ৰাজহ গাঁও। এই গাঁওখন ৰাজধানী চহৰ গুৱাহাটীৰপৰা প্ৰায় ১২৯ কিলোমিটাৰ দূৰত আৰু জিলা সদৰ মুছলপুৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি দাওধৰাৰ স্থান ক'ড বা গাঁৱৰ কোড ৩০৪২৭২।
-
দাৰ্জিলিং ৰ'পৱে
দাৰ্জিলিং ৰ'পৱে (Darjeeling Ropeway ) পশ্চিমবংগৰ দাৰ্জিলিঙত আছে। ই ৰঞ্জিত ভেলী ৰ'পৱে নামেৰেও জনাজাত। ই ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীঘল ৰ'পৱে। এই ৰ'পৱেটো দাৰ্জিলিং চহৰৰ উত্তৰ দিশৰপৰা ৰম্মন নদীৰ পাৰত অৱস্থিত চিংলা বজাৰলৈ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ কি: মি:।
-
দুধমতী
দুধমতী (মৈথিলী: दूधमती) হৈছে ভাৰতীয় উপমহাদেশৰ মিথিলা অঞ্চলৰ সমতল ভূমিত বৈ যোৱা এখন পবিত্ৰ নদী। এই নদীখনৰ উৎপত্তি নেপালৰ ক্ষীৰেশ্বৰনাথ পৌৰসভাৰ ৱাৰ্ড সংখ্যা পাঁচত অৱস্থিত অৰ্জাৱন গাঁৱত। দুধমতী নদীখন জনকপুৰধামৰ মাজেৰে বৈ যায়।
-
দোতমা
দোতমা হৈছে উত্তৰ-পূবৰ ভাৰতৰ অসম ৰাজ্যৰ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ এখন নগৰ। এই ঠাইখন জিলা আয়ক, বিকাশমূলক ব্লক আৰু চৰকাৰী দপ্তৰৰ বাবে মুখ্য কেন্দ্ৰ।
-
ধুবুৰী বন্দৰ
ধুবুৰী বন্দৰ (Dhubri Port) অসমৰ ধুবুৰীত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। এই বন্দৰটো ৰাষ্ট্ৰীয় জলপথ ২ত অৱস্থিত। পোৰ্ট টাৰ্মিনেলৰ বাবে ই গুৰুত্বপূৰ্ণ। ই ৰাষ্ট্ৰীয় জলপথ ২ ৰ পশ্চিম প্ৰান্তত বাংলাদেশ সীমান্তৰ ওচৰত অৱস্থিত।
-
নওগাঁৰ পেৰা সন্দেশ
নওগাঁৰ পেৰা সন্দেশ ( Pera Sondesh of Naogaon; নওগাঁব় প্যাব়া সন্দেশ) বাংলাদেশৰ নওগাঁ জিলাত উৎপাদিত গাখীৰৰে তৈয়াৰ কৰা এবিধ মিঠাই। বৰ্তমানে বাংলাদেশৰ অন্যান্য ঠাইতো এই পেৰা সন্দেশ তৈয়াৰ কৰা হ’লেও সৰ্ব প্ৰথমে নওগাঁ জিলাতে তৈয়াৰ কৰা হৈছিল।স্বাদ ও মানে অতুলনীয় নওগাঁৰ প্যাৰা সন্দেশ আৰম্ভণিতে কেবল…
-
নন্দা দেৱী
নন্দা দেৱী কাঞ্চনজংঘাৰ পিছতেই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত, আৰু সম্পূৰ্ণৰূপে দেশখনৰ ভিতৰত অৱস্থিত আটাইতকৈ ওখ পৰ্বত, কাৰণ কাঞ্চনজংঘা ভাৰত আৰু নেপালৰ সীমান্তত অৱস্থিত।