অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নামনি অসম সংমণ্ডল

নামনি অসম সংমণ্ডল (ইংৰাজী: Lower Assam division) হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৫টা প্ৰশাসনিক সংমণ্ডলৰ ভিতৰত অন্যতম। এই সংমণ্ডলটো ১৮৭৪ চনত ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে গঠন কৰা হৈছিল।

হালনাগাদ: ২৫ জুন ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নামনি অসম সংমণ্ডল (ইংৰাজী: Lower Assam division) হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৫টা প্ৰশাসনিক সংমণ্ডলৰ ভিতৰত অন্যতম। এই সংমণ্ডলটো ১৮৭৪ চনত ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে গঠন কৰা হৈছিল। আৰম্ভণিতে ইয়াত পশ্চিম অসমৰ অবিভক্ত কামৰূপ জিলা, মধ্য অসমৰ অবিভক্ত দৰং আৰু নগাঁও জিলা আৰু মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰ অন্তৰ্ভুক্ত আছিল। বৰ্তমান এই সংমণ্ডলৰ সদৰ স্থান হৈছে গুৱাহাটী।

ইতিহাস

ঐতিহাসিকভাৱে নামনি অসমৰ অঞ্চলসমূহ বিভিন্ন সময়ত স্থানীয় ৰাজবংশৰ দ্বাৰা শাসিত হৈছিল। প্ৰাচীন কালত ই কামৰূপ ৰাজ্যৰ অংশ আছিল। পৰৱৰ্তী সময়ত কোচ, বংগৰ চুলতান আৰু ভূঞাসকলৰ মাজত এই অঞ্চলের নিয়ন্ত্ৰণক লৈ সংঘাত হৈছিল। ১৪৯৮-১৫০২ চনৰ আশে-পাশে গৌড়ৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে কামতা ৰাজ্যৰ একাংশ জয় কৰি নিজ পুত্ৰ শ্বাহজাদা দানিয়ালক এই অঞ্চলৰ শাসনকৰ্তা পাতিছিল। পিছলৈ হাৰুপ নাৰায়ণৰ নেতৃত্বত অসমীয়া ভূঞাসকলে দানিয়ালৰ বিৰুদ্ধে অভিযান চলাই তেওঁক পৰাস্ত কৰে। ১৯ শতিকালৈকে নামনি অসমৰ কিছু অংশ ভূটান ৰাজ্যৰ অধীনতো আছিল, যিটো ১৮৬৫ চনৰ দুৱাৰ যুদ্ধৰ পিছত ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত হয়।

জিলাসমূহ

নামনি অসম সংমণ্ডলত বৰ্তমান ১২খন জিলা অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ৩খন জিলা (কোকৰাঝাৰ, চিৰাং আৰু বাক্সা) বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰৰ অন্তৰ্গত। জিলাসমূহৰ তালিকা তলত দিয়া হ'ল:

জিলাৰ ক'ডজিলাসদৰ ঠাইজনসংখ্যা (২০১১)মাটিকালি (বৰ্গ কিমি)জনবসতিৰ ঘনত্ব (প্ৰতি বৰ্গ কিমিত)
BKবাক্সামুছলপুৰ৯৫০,০৭৫২,৪৫৭৩৮৭
-বজালীপাঠশালা২৫৩,৮১৬৬০০৪২৩
BPবৰপেটাবৰপেটা১,৪৩৯,৮০৬২,৬৭৯৫৪৪
BOবঙাইগাঁওbongaigaon৭৩৮,৮২৩১,০৯৩৬৭৬
CHচিৰাংকাজলগাঁও৪৮২,১৬২১,১৭০৪১২
DUধুবুৰীধুবুৰী১,৩৯৪,১৪৪১,৬০৮৮৬৭
GPগোৱালপাৰাগোৱালপাৰা১,০০৮,১৮৩১,৮২৪৫৫৩
KMকামৰূপ মহানগৰগুৱাহাটী১,২৫৩,৯৩৮১,৫২৮৮২১
KUকামৰূপৰঙিয়া১,৫১৭,৫৪২৩,১০৫৪৮৯
KJকোকৰাঝাৰকোকৰাঝাৰ৮৮৭,১৪২৩,১৬৯২৮০
NBনলবাৰীনলবাৰী৭৭১,৬৩৯২,২৫৭৩৪২
SSMদক্ষিণ শালমাৰা-মানকাচৰহাটশিঙিমাৰী৫৫৫,১১৪৫৬৮৯৭৭
সৰ্বমুঠ১২খন জিলা—১,১২,৫২,৩৬৫২২,০২৪৫১১

জনগাঁথনি

২০১১ চনৰ চৰকাৰী লোকপিয়লৰ তথ্য অনুসারে নামনি অসম সংমণ্ডলৰ মুঠ জনসংখ্যা হৈছে ১,১২,৫২,৩৬৫ জন।

ভাষাসমূহ

২০১১ চনৰ লোকপিয়ল অনুসৰি এই সংমণ্ডলত ব্যৱহৃত প্ৰধান ভাষাসমূহ হৈছে:

ধৰ্ম

নামনি অসম সংমণ্ডলৰ ধৰ্মীয় গাঁথনি নিম্নৰূপ:

  • হিন্দু ধৰ্ম: ৪৯.২% (৫৬,৫৯,০৬৩ জন)
  • ইছলাম: ৪৭.৬% (৫৪,৭৪,২২৩ জন)
  • অন্যান্য (খ্ৰীষ্টান, বৌদ্ধ, জৈন ধৰ্ম ইত্যাদি): ৩.২১%

লগতে চাওক

  • বৰাক উপত্যকা সংমণ্ডল
  • মধ্য অসম সংমণ্ডল
  • উত্তৰ অসম সংমণ্ডল
  • উজনি অসম সংমণ্ডল

উৎস প্ৰন্থ

  • Baruah, S L (1986), A Comprehensive History of Assam, New Delhi: Munshiram Manoharlal Publishers Pvt. Ltd.
  • Bose, Manilal (1985). Development of Administration in Assam: With Special Reference to Land. Concept Publishing Company.
  • Nath, D. (1989), History of the Koch Kingdom, C. 1515–1615, Mittal Publications.

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামনি অসম সংমণ্ডল” প্ৰবন্ধৰ সংশোধন ৬১৪৪৩৭ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।