পচাম্পলী শাড়ি (Pochampally sari) বা পচাম্পল্লী ইক্কাত হৈছে ভাৰতৰ তেলংগানা ৰাজ্যৰ যদাদৰী ভুৱনাগিৰি জিলাৰ ভুদান পচাম্পলীত তৈয়াৰ কৰা শাড়ি। এই শাড়ি ইক্কাট শৈলী ৰং আৰু পৰম্পৰাগত জ্যামিতি ডিজাইনৰ বাবে জনপ্ৰিয়। এই শাড়িত জটিল জ্যামিতি ডিজাইনবোৰ শিপিনীসকলৰ দক্ষ হাতত এক নতুন দিশ লাভ কৰি বজাৰত সুন্দৰ শাড়ি আৰু বস্ত্ৰ উপাদানলৈ ৰূপান্তৰিত হয়। ভাৰত চৰকাৰৰ চৰকাৰী বিমান বাহক এয়াৰ ইণ্ডিয়াৰ বিমান সেৱকসকলে বিশেষভাৱে এই ইক্কাত বয়নৰ পচাম্পলী শাড়ি পিন্ধে।১২
ইতিহাস
প্ৰাচীন ইক্কাত বয়নৰ অন্যতম কেন্দ্ৰ আছিল চুবুৰীয়া ওড়িশা আৰু গুজৰাটৰ সৈতে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানাত।৩ তেলঙ্গানাত পচাম্পলী ইক্কাত নিৰ্মাণ কৰা ঠাইবোৰত ইয়াক পাগুডুবান্ধু, চিটকী আৰু বুদ্দাৱশী বুলি জনা যায়। ভাৰতৰ অন্যান্য প্ৰান্ততহে পচাম্পলী শাৰী বুলি কোৱা হয়। পচাম্পলী নামটো এখন গাঁৱৰ নামৰ পৰা আহিছে য'ত এই শাৰীখন তৈয়াৰ কৰা হয়। ভাৰতৰ অন্যান্য প্ৰান্তত নিৰ্মিত ইক্কাতৰ পৰা পাচমপালি ইক্কাতৰ নক্সাৰ নিজা অনন্য বৈশিষ্ট্য আছে। প্ৰাচীন কালত বয়ন কেন্দ্ৰবোৰ বিজয়গদা আৰু চেন্নাইৰ মাজৰ চিৰালা আৰু জেনট্ৰেপেটা চহৰত অৱস্থিত আছিল। কিন্তু পিছত ই বিভিন্ন কাৰণত বন্ধ হৈ গৈছিল। বৰ্তমান বেছিভাগ বয়ন পাচমপালি গাঁৱত হয়, য'ত ৫০০০ৰো অধিক বস্ত্ৰ নিৰ্মাণকাৰী বাস কৰে।৩ ই ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ পৰীক্ষাৰ তালিকাত ভাৰতৰ কিংবদন্তি শাড়ি বয়ন গোট হিচাপে স্থান লাভ কৰিছে।
ভৌগোলিক সংকেত বিশেষাধিকাৰসমূহ
পচাম্পলী শাড়িয়ে ২০০৫ চনত যোগ্যতাৰ অধিকাৰ সুৰক্ষা বা ভৌগোলিক ইণ্ডিকেচনৰ স্থিতি লাভ কৰিছিল।৪ পচাম্পলী ইক্কত পচাম্পলী হস্ততাঁত শিপিনী সমবায় সমিতি লিমিটেড আৰু পচাম্পলী হস্ততাঁত টাই আৰু ডাই চিল্ক শাৰী নিৰ্মাণ সংস্থাৰ পঞ্জীভুক্ত সম্পত্তি। ৫
তথ্যসূত্ৰ
- ↑ (2004-01-17). Pochampally sarees go places. দ্য হিন্দু
- ↑ (2004-02-09). Pochampally silk sarees for AI airhostesses. দ্য হিন্দু Business Line
- ↑ Ikat Textiles of India
- ↑ "Facilitation of IPR Protection through Geographical Indications: Pochampally।" Ministry of Textiles, Government of India। ২০১৫-০৪-২৭ তাৰিখে মূল থেকে আৰ্কাইভ কৰা। সংগ্ৰহেৰ তাৰিখ ২০১৫-০৪-২১।
- ↑ "GI Research: Pochampally". Ministry of Textiles, Government of India. Archived from the original on 12 May 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পচাম্পলী শাড়ি” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৪৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।