পুথুৱাইপ (পুথু ৱাইপ - নতুন ৱাইপিন) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিস্থিত এক উদীয়মান প্ৰধান উদ্যোগিক অঞ্চল। ই হাইকোৰ্ট জংশনৰপৰা ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
জনগাঁথনি
ভাৰত চৰকাৰৰ লোকপিয়ল ২০১১ অনুসৰি পুথুৱাইপৰ জনসংখ্যা প্ৰায় ২৩,৭১৭ জন। জনসংখ্যাৰ ৪৮.৮৮% পুৰুষ আৰু ৫১.১২% মহিলা।১
স্থান আৰু চৌপাশ
পুথুৱাইপ ৱাইপিন দ্বীপৰ এটা অংশ। ইয়াৰ পূবে ভেম্বানাদ হ্ৰদ, পশ্চিম আৰু দক্ষিণে আৰৱ সাগৰ আৰু উত্তৰে নজাৰাক্কাল অৱস্থিত। অঞ্চলটোৰ প্ৰধান পথসমূহ হ’ল ৱাইপিন-মুনামবাম পথ আৰু এল এন জি টাৰ্মিনেল পথ। ৱাইপিন দ্বীপৰ অন্যতম গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত ই এক অন্যতম। পুথুৱাইপ ইয়াৰ লাইটহাউছ (পোহৰঘৰ) সৈকতৰ বাবে বৰ জনপ্ৰিয়।
উদ্যোগসমূহ
পুথুৱাইপিনত অৱস্থিত উদ্যোগসমূহ মূলতঃ প্ৰাকৃতিক পুনৰ-গেছীয়কৰণ প্ৰকল্প আৰু পেট্ৰ’লিয়াম প্ৰকল্পসমূহৰ সৈতে জড়িত।
এল এন জি টাৰ্মিনেল
পেট্ৰ’নেট এল এন জি লিমিটেডৰ (Petronet LNG Ltd) কোচি এল এন জি টাৰ্মিনেল হৈছে দক্ষিণ ভাৰতৰ প্ৰথমটো আৰু দেশৰ চতুৰ্থটো এল এন জি টাৰ্মিনেল।২
এই প্ৰকল্পটো কোচি প’ৰ্ট ট্ৰাষ্টৰদ্বাৰা আৱণ্টন কৰা মাটিত পুথুৱাইপ বিশেষ অৰ্থনৈতিক অঞ্চলত (SEZ) স্থাপন কৰা এক সেউজক্ষেত্ৰ (Greenfield) এল এন জি পুনৰ-গেছীয়কৰণ টাৰ্মিনেল। এই টাৰ্মিনেলটোৰ ক্ষমতা প্ৰতি বছৰে ৫ নিযুত টন।
- ছিংগল বায়’ মূৰিঙ
ই হ’ল উপকূলৰ সমীপত নাঙল মাৰি ৰখা এটা লোডিং বয়, যিয়ে পেট্ৰ’লিয়াম সামগ্ৰী লোড বা আনলোড কৰা টেংকাৰসমূহৰ বাবে এটা মূৰিঙ পইণ্ট আৰু সংযোগকাৰী হিচাপে কাম কৰে। ই বি পি চি এলৰ (BPCL) এক সহযোগী প্ৰতিষ্ঠান কোচি ৰিফাইনেৰীজ লিমিটেডৰ (KRL)দ্বাৰা পৰিচালিত হয়।
- বাংকাৰিং টাৰ্মিনেল
জাহাজৰ বাবে ইন্ধন যোগান ধৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বাংকাৰিং টাৰ্মিনেলৰ পৰিকল্পনা কৰিছে কোচিন প’ৰ্ট ট্ৰাষ্টে। বাংকাৰিং উদ্যোগে আঙুলিয়াই দিয়ে যে ২০১১ চনৰ জানুৱাৰী মাহত আইচিটিটি আৰম্ভ হোৱাৰ লগে লগে কলম্বোৰপৰা কোচিলৈ ডাঙৰ ট্ৰেন্সশ্বিপমেণ্ট ব্যৱসায় স্থানান্তৰিত হ’ব। ইয়াৰ ফলত অধিকসংখ্যক উপকূলীয় ফিডাৰ জাহাজকে ধৰি অধিক পৰিমাণৰ জাহাজ যাতায়াত আকৰ্ষণ হ’ব। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথৰ ওচৰত থকাৰ বাবে বন্দৰটোৰ কৌশলগত অৱস্থানে মাতৃ জাহাজসমূহক কোচিলৈ আকৰ্ষণ কৰিব। ২০১১ চনৰ মাজভাগত নিৰ্মাণৰ কাম আৰম্ভ হয়।
- জাহাজ মেৰামতি কমপ্লেক্স
কোচিন বন্দৰ ট্ৰাষ্টে পুথুভিপেত জাহাজ মেৰামতি কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনাও কৰিছে।
পৰ্যটন

- পুথুৱাইপি বিচ
আটাইতকৈ কম দৰ্শনাৰ্থী অহা অথচ অতি অপূৰ্ব এখন বিচ হৈছে পুথুৱাইপ বিচ। পৰ্যটনৰ বাবে এই বিচখন এতিয়ালৈকে উন্নত কৰি তোলা হোৱা নাই, আৰু স্থানীয় প্ৰশাসনে কোচি চহৰৰ উপনগৰ হিচাপে চৰাই বিচৰ এক বিকল্প হিচাপে এই ঠাইখনৰ প্ৰচাৰৰ বাবে বহু প্ৰচেষ্টা চলাব ধৰিছে। ইয়াত এটা পোহৰঘৰো (লাইটহাউছ) অৱস্থিত। বিচখনৰপৰা আধা কিলোমিটাৰতকৈও কম দূৰত্বত এই পোহৰঘৰটো আছে। এই পোহৰঘৰটো ভাৰতৰ অন্যতম ওখ পোহৰঘৰ। বিচখনৰ উত্তৰ দিশত এটা অগভীৰ খাল আছে। বিয়লি ৩:০০ বজাৰপৰা বিয়লি ৫:০০ বজালৈকে পোহৰঘৰটোত প্ৰৱেশৰ অনুমতি দিয়া হয়।৩
- মেগা অ'চেনাৰিয়াম
৩০০ কোটি টকাৰ বিনিয়োগেৰে ৬৫ একৰ এলেকাত পুথুৱাইিপত এটা মেগা অ’চেনেৰিয়াম আহি আছে। এইটো দেশৰ প্ৰথমটো অ’চেনাৰিয়াম আৰু এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব।
তথ্যসূত্ৰ
- ↑ Religious census 2011. Government of India
- ↑ Petronet LNG Terminal Kochi. PetronetLNG/
- ↑ Puthuvype Beach (Ernakulam). TripAdvisor IN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুথুৱাইপ” প্ৰবন্ধৰ সংশোধন ৬৩৮৩৫০ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।