পুৰণি দিখৌ দলং অসমৰ শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। ১৯২৯ আৰু ১৯৩৫ চনৰ কালচোৱাৰ মাজত বৃটিচ চৰকাৰে এই দলংখন নিৰ্মাণ কৰিছিল১। লোহা আৰু কাঠেৰে নিৰ্মাণ কৰা এই দলংখন সেই সময়ত নদীত জাহাজ আহিলে মাজৰ অংশ ডাঙিব পৰাকৈ সজা হৈছিল। বৰ্তমান দলংখন পৰিত্য়ক্ত২ যদিও দলংখনৰ সংৰক্ষণৰ ব্য়ৱস্থাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলা হৈছে৩।
ইতিহাস
দলং নিৰ্মাণৰ আগতে সেই স্থানত নদীত থকা আমগুৰি ঘাটেৰে অসম ট্ৰাংক ৰ'ডেৰে অহা যোৱা কৰা মানুহ আৰু বস্তু-বাহানি নাওঁ দি দিখৌ নদী পাৰ কৰা হৈছিল। সেয়ে যাতায়াতৰ সুচলৰ বাবে এই স্থানত তদানীন্তন বৃটিছ চৰকাৰে উক্ত স্থানত এখন দলং নিৰ্মানৰ সিদ্ধান্ত লয়।
দলংখন সজাৰ ক্ষেত্ৰত এক জটিলতা আছিল। সেই সময়ত দিখৌ নদী এক গুৰুত্বপূৰ্ণ জলপথ আছিল। দিখৌ নদীৰ নদীপথেৰে বাণিজ্য়িক যাতায়ত আৰু নাজিৰাত থকা আসাম টী কোম্পানীৰ চাহপাতকে আদি কৰি বিভিন্ন বেহা-বেপাৰৰ সম্বল কঢ়িওৱাৰ সুবিধা ব্য়াহত নহ'বৰ বাবে লোহাৰ এই দলংখনৰ মাজৰ প্ৰায় ৩০ মিটাৰৰ এক অংশ কাঠেৰে সাজি জাহাজ আহিলে কপিকলেৰে ডাঙি দিব পৰাকৈ নিৰ্মান কৰিবলগা হয়।
নিৰ্মাণ
দলং সজাৰ দায়িত্ব ইংলেণ্ডৰ ব্ৰেথৱেইথ কোম্পানীক দিয়া হয়। এই কোম্পানীয়ে কলিকতাত ব্ৰেথৱেইথ কোং(ইণ্ডিয়া) লিমিটেড স্থাপন কৰি এই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। দলংখন নিৰ্মাণ কৰাৰ বাবে ব্ৰিটিছ ষ্টীল কোম্পানী আৰু টাটা আইৰণ এণ্ড ষ্টীল কোম্পানীৰ পৰা লোহা আৰু ষ্টীলৰ সামগ্ৰীসমূহ অনা হৈছিল।
মাংকি ড্ৰাইভ কৌশলেৰে খুঁটা পুতি স্ক্ৰু পাইল ড্ৰাইভিং কাৰিকৰী পদ্ধতিৰে এই দলং নিৰ্মাণ কৰা হৈছিল। মাজৰ অংশ উঠোৱা-নমোৱা কৰা কপিকল চলাবৰ বাবে কৰিবৰ বাবে দলঙৰ ওপৰত এক মেচিন ঘৰ স্থাপন কৰা হৈছিল ৷
নদীয়েদি জাহাজ আহিলে জাহাজ পৰিচালকে এক মাইল দূৰৰ পৰা সংকেত দিয়ে। লগে লগে দলঙত থকা চকীদাৰে দলঙৰ দুয়োমূৰত জপনা লগাই আহ-যাহ বন্ধ কৰি দিয়ে। তাৰ পাছতে কপিকলৰ সহায়ত জাহাজৰ মাজ অংশ উঠাই দিয়া হয় আৰু জাহাজখন পাৰ হৈ গ'লে পুনৰ কপিকলৰ সহায়ত উঠোৱা অংশ নমাই দিয়ে। জিলা প্ৰশাসনৰ তথ্য আৰু শিৱসাগৰৰ বুৰঞ্জীবিদ লোকেন্দ্ৰ কুমাৰ দাসৰ লিখনিত এইসমূহ তথ্য বিদ্যমান আৰু সহজলভ্য ৪।
মাচুল
সেই সময়ত দলং পাৰ কৰিলে মাচুল দিব লাগিছিল। চাইকেলৰ মাচুল আছিল ১ অনা ২পইচা, মটৰ গাড়ীৰ ১ টকা, গৰু গাড়ীৰ ৬ অনা, মালভৰ্তি ট্ৰাকৰ ২ টকা, খালি ট্ৰাকৰ ১ টকা ৮ অনা। এই মাচুল সংগ্ৰহৰ ব্যৱস্থা ১৯৩৫ চনৰ পৰা ১৯৩৭ চনলৈকে বৰ্তি আছিল৪।
অসমীয়া অভিযন্তা আৰু অন্যান্য ব্যক্তিৰ অৱদান
বুৰঞ্জীবিদ লোকেন্দ্ৰ কুমাৰ দাসে লিখামতে৪ ব্ৰেথৱেইথ কোম্পানীৰ নেতৃত্বত দিখৌ নদীৰ ওপৰত এই দলং নিৰ্মাণৰ দায়িত্বত আছিল সেই সময়ৰ অসমীয়া অভিযন্তা হৰিপ্ৰসাদ বৰুৱা৫। এই দলংখনৰ প্ৰথম চকীদাৰকেইজন আছিল ক্ৰমে সৰুপাই, পিয়াৰ মহম্মদ, বলো কলিতা আৰু বাৰেঘৰ সত্ৰৰ এগৰাকী ব্যক্তি। মাচুল সংগ্ৰহ কৰিছিল যদুনাথ ওজা আৰু যোগানন্দ বৰুৱাই।
শেহতীয়া স্থিতি
কাষৰীয়া নৰনিৰ্মীত ডঃ মইদুল ইচলাম বৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাচৰে পৰা৬ দিখৌৰ পুৰণি দলংখন প্ৰায় ২০০০ চন মানৰ পৰা পৰিত্য়ক্ত অৱস্থাত আছে ৪২। উক্ত সময়ৰে পৰা সময়ে সময়ে দলংখনৰ পুনৰ্নিৰ্মাণ বা সংৰক্ষণৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা হৈ আহিছে। ডিচেম্বৰ ১, ২০২৩ তাৰিখৰ এখন ৱেবিনাৰত অসমৰ গড়কাপ্তানী বিভাগৰ বিষয়া আৰু ICOMOS India-ৰ উপসভাপতি ৰীমা হুজাৰ মাজত দলংখনৰ পুনৰ্নিৰ্মাণ তথা ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইটলৈ উন্নীতকৰণৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা হয় ৭। অন্য়ান্য় দল-সংগঠনৰ পৰাও এই বিষয়ে দাবী উঠাই থকা হৈছে৮৩
তথ্যসূত্ৰ
- ↑ অসমৰ এখন দাঙি দিব পৰা দলং! তলেৰে পাৰ হৈছিল সৰু-সৰু জাহাজ! কিন্তু বৰ্তমান অস্তিত্বৰ সংকটত পৰিছে দলংখন. assam.news18.com
- ↑ Dikhow Bridge: Assam's Forgotten British-Era Lifeline Echoes With Neglect. ETV Bharat
- ↑ Citizens, political leaders rally to save british era bridge in Sivasagar. The Times of India
- ↑ দিখৌ নৈ ওপৰৰ সেই কপিকলযুক্ত দলংখনে আজি বৰকৈ উচুপিছে - PATHETIC CONDITION DEKHOW BRIDGE. ETV Bharat
- ↑ A German Goblin, a Bridge on the Dikhow, and the Art of Translation By Bikram Bora. medium.com
- ↑ Dikhow bridge controversy heritage vs development in Sivasagar Assam. The Times of India
- ↑ Assam’s historic Dikhow bridge: Can it be saved and become world heritage site?
- ↑ Congress writes to CM seeking urgent action to restore British-era Bridge in Sivasagar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰণি দিখৌ দলং” প্ৰবন্ধৰ সংশোধন ৫৩২৪১০ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।