নেবেলিভকা (Nebelivka) ইউক্ৰেইনৰ কিৰোভোহ্ৰাদ অব্লাস্তৰ হোলোভানিভস্ক ৰায়নত অৱস্থিত এখন গাঁও।১ নেবেলিভকা ইউক্ৰেইনৰ পিদভিছ’কে গ্ৰাম্য হ্ৰোমাদাৰ অন্তৰ্গত। ২০০১ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ জনসংখ্যা আছিল ৭১৩ জন।
গাঁওখনত নব্যপ্ৰস্তৰ যুগৰ ট্ৰিপিলিয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান আছে। প্ৰায় খ্ৰীষ্টপূৰ্ব ৪,০০০ চনৰ এই বসতিস্থলটো ট্ৰিপিলিয়া সংস্কৃতিৰ অন্যতম বৃহৎ বসতি আছিল। ইয়াৰ বিস্তৃতি প্ৰায় ২৬০–৩০০ হেক্টৰ আৰু ইয়াত সৰ্বাধিক প্ৰায় ১৭,০০০ লোক বাস কৰিছিল বুলি অনুমান কৰা হয়।২
গাঁওখনত অন্যান্য প্ৰত্নতাত্ত্বিক নিদৰ্শনো পোৱা গৈছে। ইয়াৰ ভিতৰত ব্ৰঞ্জ যুগৰ কুৰ্গান (খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দ), লোহা যুগৰ বসতিৰ প্ৰমাণ, চেৰ্নিয়াখভ সংস্কৃতিৰ (খ্ৰীষ্টীয় দ্বিতীয়–পঞ্চম শতিকা) নিদৰ্শন আৰু ১৭শ–১৮শ শতিকাৰ মৃৎপাত্ৰ উল্লেখযোগ্য। ১৯২০ চনৰ জানুৱাৰী মাহত, ইউক্ৰেইনৰ পিপলছ আৰ্মিৰ ব্লেক জাপোৰিঝিয়ান অশ্বাৰোহী ৰেজিমেণ্ট প্ৰথম শীতকালীন অভিযানৰ অংশ হিচাপে নেবেলিভকাত অৱস্থান কৰিছিল।৩
নেবেলিভকাৰ চৌপাশৰ ভূদৃশ্যৰ মাটিৰ তলত আৰু ওচৰৰ প্ৰত্নতাত্ত্বিক স্থানসমূহত প্ৰায় ৬,০০০ বছৰ পুৰণি এনে কিছুমান অৱশেষ পোহৰলৈ আহিছে, যিবোৰ সম্ভৱতঃ পৃথিৱীৰ প্ৰথম যুগৰ কিছুমান নগৰৰ আছিল। এই কম ঘনত্বৰ, বহল অঞ্চলজুৰি সিঁচৰতি হৈ থকা প্ৰত্নতাত্ত্বিক স্থানসমূহক মেগাছাইট বুলি কোৱা হয়। এই নামটোৱে সেইবোৰৰ বিশাল আকাৰ আৰু ৰহস্যময় উৎপত্তি দুয়োটাকে সূচায়। এতিয়া কিছুমান বিজ্ঞানীয়ে যুক্তি আগবঢ়াইছে যে এই বসতিসমূহে প্ৰাচীন নগৰীয়া জীৱনৰ এক স্বতন্ত্ৰ ৰূপক প্ৰতিনিধিত্ব কৰিছিল, যিটো এতিয়ালৈকে বহুলাংশে অস্বীকৃত হৈ আহিছে। ইংলেণ্ডৰ ডাৰহাম বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ববিদ জন চেপমেনে কয় যে, মেগাছাইটসমূহ আছিল এনে নগৰ, যাৰ সৈতে অতীতৰ আন কোনো নগৰৰ তুলনা কৰিব নোৱাৰি।৪

১৮ জুলাই ২০২০লৈকে নেবেলিভকা নোভোআৰখানহেলস্ক ৰায়নৰ অন্তৰ্গত আছিল। ইউক্ৰেইনৰ প্ৰশাসনিক সংস্কাৰৰ সময়ত ২০২০ চনৰ জুলাই মাহত নোভোআৰখানহেলস্ক ৰায়ন বিলুপ্ত কৰা হয় আৰু ইয়াৰ ভূ-খণ্ড হোলোভানিভস্ক ৰায়নত সংযুক্ত কৰা হয়। এই সংস্কাৰৰ ফলত কিৰোভোহ্ৰাদ অব্লাস্তৰ ৰায়নৰ সংখ্যা চাৰিটালৈ হ্ৰাস কৰা হয়।৫৬
তথ্যসূত্ৰ
- ↑ Подвысоцкая громада. Портал об'єднаних громад України
- ↑ Müller, Johannes; Rassmann, Knut; Videiko, Mykhailo. (2016-01-22). Trypillia Mega-Sites and European Prehistory: 4100-3400 BCE. Routledge. ISBN 9781317247920
- ↑ Коваленко, Сергій. (2012). Чорні Запорожці: історія полку. Стікс
- ↑ Science News www.sciencenews.org Ancient 'megasites' may reshape the history of the first cities
- ↑ (2020-07-18). Про утворення та ліквідацію районів. Постанова Верховної Ради України № 807-ІХ.. Голос України
- ↑ Нові райони: карти + склад. Міністерство розвитку громад та територій України
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেবেলিভকা” প্ৰবন্ধৰ সংশোধন ৬২৮৭৪১ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।