অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পিৰাম দ্বীপ

পিৰাম দ্বীপ বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পিৰাম দ্বীপ বা পিৰাম বেট আৰৱ সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।

ভূগোল

ভৱনগৰ জিলাৰ এখন চহৰ আৰু পূৰ্বৰ সাগৰীয় বন্দৰ ঘোঘাৰ পৰা ৭.২ নটিকেল মাইল দূৰত্বত অৱস্থিত এই দ্বীপটো। দ্বীপটো ১৮৬ একৰ মাটিত বিস্তৃত যদিও ইয়াৰ আধা অংশ উচ্ছন্ন ভূমি।১

ইতিহাস

সমগ্ৰ ইতিহাসতে এই দ্বীপটো ঘোঘাৰ সৈতে সংযুক্ত হৈ আছে। চতুৰ্দশ শতিকাৰ প্ৰথম বছৰবোৰত এই দ্বীপটো দিল্লী চুলতান ৰাজ্যৰ মুছলমান সৈনিকৰ অধীনত আছিল। ১৩২৫ চনত উমৰালাৰ গোহিল প্ৰধান তথা ভৱনগৰ ৰাজ্যিক পৰিয়ালৰ পূৰ্বপুৰুষ মোখাদাজী গোহিলে দ্বীপটো দখল কৰে। তেওঁ দ্বীপটোক নিজৰ মুখ্য কাৰ্যালয় কৰি দুৰ্গ নিৰ্মাণ কৰিছিল আৰু কেম্বে উপসাগৰৰ ওপৰেৰে পাৰ হৈ যোৱা সকলো জাহাজৰ পৰা টোল আদায় কৰিছিল। গালফত তেওঁ এজন বিখ্যাত জলদস্যু হৈ পৰিছিল। তেওঁৰ এই জোৰদাৰ তথ্য দিল্লী চুলতানৰ সম্ৰাট মহম্মদ বিন টুগলুকৰ জ্ঞানত আহিছিল যিয়ে তেতিয়া গুজৰাটত হোৱা বিদ্ৰোহ দমন কৰি আছিল। ১৩৪৭ চনত তুগলুকে ঘোঘাক আক্ৰমণ কৰি মোখাদাজীক হত্যা কৰে। তেওঁ পিৰাম দ্বীপৰ দুৰ্গ ধ্বংস কৰে। তেওঁ ঘোঘা আৰু পিৰামক মোখাদাজীৰ পুত্ৰ ডুংগাৰজীৰ হাতত এৰি থৈ গ'ল।২৩

দুৰ্গটো ধ্বংস হোৱাৰ পিছত দ্বীপটো অন্ধকাৰত পৰিল। অষ্টাদশ শতিকাৰ মাজভাগত (প্ৰায় ১৭২৯ চনত) মুল্লা মহম্মদ আলী নামৰ চুৰাটৰ এজন ব্যৱসায়ীয়ে নিজকে স্বতন্ত্ৰ মুখীয়াল হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে পিৰামৰ ওপৰত এটা দুৰ্গ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ই ভৱনগৰ ৰাজ্যৰ ৰাজপৰিয়ালৰ অধীনত পৰে যিয়ে দ্বীপটোৰ দক্ষিণ-পশ্চিম কোণত সামুদ্ৰিক কাৰ্যকলাপৰ ওপৰত চকু ৰাখিবলৈ এটা দুৰ্গ নিৰ্মাণ কৰিছিল। ব্ৰিটিছে ১৮৬৪-৬৫ চনত মল্লৰ দুৰ্গৰ ধ্বংসাৱশেষৰ পৰা দুৰ্গটোৰ ওপৰত ২৪ মিটাৰ উচ্চতাৰ বৃত্তাকাৰ শিলৰ লাইটহাউচ টাৱাৰ নিৰ্মাণ কৰিছিল।৪ এই লাইটহাউচ আৰু কোৱাৰ্টাৰসমূহ এতিয়া ভাৰত চৰকাৰৰ লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয়ৰ মালিকানাধীন যিটো দ্বীপটোৰ একমাত্ৰ বসতিস্থল আছিল যিটো ২০১০ চনত বন্ধ হৈ গৈছিল। ৫ এই দ্বীপটোৰ মালিকীস্বত্ব ভৱনগৰৰ ৰজাঘৰৰ মৃতক সিদ্ধৰাজসিংহ ৰাওলৰ। ভাৰতৰ কেইটামান ব্যক্তিগত মালিকানাধীন কুমাৰী দ্বীপৰ ভিতৰত ই অন্যতম। ২০১২ চনত তেওঁ ইয়াক বিক্ৰী কৰাৰ উদ্দেশ্য আছিল।১

পুৰাজীৱবিজ্ঞান আৰু পুৰাতত্ত্ব

এই দ্বীপটোৱে মাইয়চিন যুগৰ শেষৰ ফালে পলস উন্মোচন কৰে, যিটো ছিৱালিক পাহাৰৰ সমতুল্য।৬ পোৱা জীৱাশ্মসমূহৰ ভিতৰত শিভাথেৰিন জিৰাফ, ব্ৰামাথেৰিয়াম আৰু শিভাথেৰিয়াম আদি জীৱাশ্ম অন্যতম। প্ৰাগঐতিহাসিক ইকুইড হিপাৰিয়ানৰ জীৱাশ্মও এই দ্বীপটোত পোৱা গৈছিল। পিৰামিছক প'ড'কনেমিডিডে পৰিয়ালৰ অন্তৰ্গত কাষৰ ডিঙিৰ কচ্ছপ বুলিও জনা যায়, যিটো গোট ভাৰত বা এছিয়াত আৰু পোৱা নাযায় আৰু আজি কেৱল দক্ষিণ আমেৰিকা আৰু মাদাগাস্কাৰতহে পোৱা যায়।৭ দ্বীপটোৰ চাৰিওফালে পোৱা কেইবাখনো জাহাজৰ ধ্বংসাৱশেষ চতুৰ্দশ শতিকাৰ।১

পিৰাম দ্বীপ
পিৰাম দ্বীপছবি: Tekina · CC BY-SA 3.0

উদ্ভিদ আৰু প্ৰাণী

দ্বীপটোত মেংগ্ৰোভ গছ-গছনি আছে আৰু লগতে দুটা বিপন্ন প্ৰজাতিৰ সাগৰীয় কাছৰ বাহ সজা ঠাই আছে; অলিভ ৰিডলি সাগৰীয় কচ্ছপ আৰু গ্ৰীণ সাগৰীয় কাছ, আৰু প্ৰায় পঞ্চাশটা প্ৰজাতিৰ চৰাই, বেছিভাগেই সাগৰীয় চৰাই। আগষ্ট–ছেপ্টেম্বৰ মাহত বাহ সাজিবলৈ সাগৰীয় কাছ উপস্থিত হয়।

তথ্যসূত্ৰ

  1. ↑ John, Paul. (17 June 2012). Gujarat's Jurassic Park up for sale. The Times of India
  2. ↑ Virbhadra Singhji, The Rajputs of Saurashtra, Bombay, Popular Prakashan (1994), p. 44
  3. ↑ (1879). Gazetteer of the Bombay Presidency: Ahmedabad (Public Domain text). Government Central Press. পৃ. 350–353
  4. ↑ Bhanti, R. K. (2000). Indian Lighthouses - An Overview. Directorate General of Lighthouse and Lightships, Government of India. পৃ. 82
  5. ↑ (16 April 2009)
  6. ↑ Nanda, A.C.; Sehgal, R.K.; Chauhan, P.R. (August 2018). Siwalik-age faunas from the Himalayan Foreland Basin of South Asia. Journal of Asian Earth Sciences. পৃ. 54–68
  7. ↑ Ferreira, Gabriel S.; Bandyopadhyay, Saswati; Joyce, Walter G. (2018-11-15). A taxonomic reassessment of Piramys auffenbergi, a neglected turtle from the late Miocene of Piram Island, Gujarat, India. PeerJ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ দ্বীপদ্বীপভাৰতগুজৰাট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিৰাম দ্বীপ” প্ৰবন্ধৰ সংশোধন ৫৫৯৬৬৪ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।