ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বৃহৎ হ্ৰদসমূহ
বৃহৎ হ্ৰদসমূহ (অন্য নাম- Laurentian Great Lakes, বা Third Coast, বা Great Lakes of North America) উত্তৰ আমেৰিকাত কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাত অৱস্থিত ভালেসংখ্যক নিৰ্মলপানীৰ হ্ৰদৰ সমষ্টি৷ এই হ্ৰদসমূহ চেইন্ট লৰেঞ্চ নদী (Saint Lawrence River)ৰ যোগেদি আটলান্টিক মহাসাগৰৰ লগত সংযোজিত ৷…
-
বেকাল
বেকাল (Bekal) ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিম উপকূলৰ কাছাৰগোড জিলাৰ এখন সৰু চহৰ।
-
বেগুচৰাই
বেগুচৰাই (Begusarai) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ উদ্যোগিক আৰু বিত্তীয় ৰাজধানী। বিহাৰৰ ৩৮খন জিলাৰ ভিতৰত অন্যতম বেগুচৰাই জিলাৰ ই প্ৰশাসনিক সদৰ। এই জিলাখন ভাৰতৰ মিথিলা অঞ্চলৰ গংগা নদীৰ উত্তৰ পাৰত অৱস্থিত।
-
বেতবাৰী (মৌজা)
বেতবাৰী (Betbari) হৈছে শিৱসাগৰ জিলাৰ এক অন্যতম বৃহৎ মৌজা। অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো বেতবাৰী আছে যদিও দিচাংপৰীয়া এইখন বেতবাৰীৰ কথা সুকীয়া। প্ৰবল পৰাক্ৰমী আহোম ৰাজতন্ত্ৰৰ দুখনকৈ ৰাজধানী গড়গাঁও (হেমেনাবাৰী) আৰু ৰংপুৰ (কলঞ্চুপাৰ) ৰ নিচেই কাষৰীয়া এইখন বেতবাৰীৰ ইতিহাস অতি চহকী।
-
বেদি (আৰ্মেনিয়া)
বেদি (Bedi) (আৰ্মেনিয়ান: Վեդի) আৰ্মেনিয়াৰ আৰাৰাট প্ৰদেশৰ বেদী পৌৰসভাৰ অন্তৰ্গত এখন চহৰ আৰু ই বেদী নদীৰ কাষত অৱস্থিত। বেদি ৰাজধানী ইয়েৰেভানৰ পৰা ৩৫ কিলোমিটাৰ (২২ মাইল) দক্ষিণে আৰু প্ৰাদেশিক কেন্দ্ৰ আৰ্থছাটৰ ১৮ কিলোমিটাৰ (১১ মাইল) দক্ষিণ-পূবে অৱস্থিত।
-
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
বেন জিঅ’ক – ডিচিয়ান জলপ্ৰপাত (Ban Gioc–Detian Falls) বা বেন জিঅ’ক জলপ্ৰপাত হৈছে চীন আৰু ভিয়েটনামৰ মাজৰ আন্তৰ্জাতিক সীমান্তত অৱস্থিত, কুৱেই চান নদী (ভিয়েটনামী: Sông Quây Sơn, ছো নোম: 滝𢮿山; চীনা: 归春河, পিনয়িন: Guīchūn hé)ৰ দুটা জলপ্ৰপাতৰ সামূহিক নাম।
-
বেৰেন দ্বীপ, আন্দামান
বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।
-
বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ
বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। এই সত্ৰৰ মূল কীৰ্তনঘৰ আৰু মণিকূট গৃহত মহিলাৰ প্ৰৱেশ নিষেধ।
-
বৰুৱাচুক (কলিয়াবৰ)
বৰুৱাচুক (Baruahchook) অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এখন গাঁও। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অহা ৰামলাল ভাগৱতী নামৰ এজন ব্যৱসায়ীয়ে বণিজৰ উদ্দেশ্যে আহি এই ঠাইতে থাকিবলৈ লয় আৰু তেওঁৰ সতি-সন্ততিৰ পৰাই এই গাঁওখন ঠন ধৰি উঠে।
-
ভজো
ভজো (ইংৰাজী: Bhojo) অসমৰ চৰাইদেউ জিলাৰ সোণাৰি মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ নাম ২০১১ চনৰ লোকপিয়লৰ নথিত ভজো গাঁও হিচাপে উল্লেখ কৰা হৈছে। গাঁওখন সোণাৰি চহৰৰপৰা প্ৰায় ৫–৬ কিলোমিটাৰ দূৰত অৱস্থিত। ভজো অঞ্চলটো ইয়াত থকা ভজো ৰে’ল ষ্টেচনৰ বাবে বিশেষভাৱে পৰিচিত।
-
ভলোদিমিৰিভকা প্ৰত্নস্থান
ভলোদিমিৰিভকা প্ৰত্নস্থান (ইউক্ৰেইনীয়ান: Володимирівка; Владимировка) ইউক্ৰেইনৰ কিৰোভোহ্ৰাদ অঞ্চলৰ ভলোদিমিৰিভকা গাঁৱৰ ওচৰত ছিনিউহা নদীৰ কাষত অৱস্থিত ট্ৰিপিলিয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নস্থান।
-
ভাছাব্ৰন
ভাছাব্ৰন (Vasabron, ছুইডিছ: "ভাছা দলং") হৈছে ছুইডেনৰ মধ্য ষ্টকহোমৰ নৰ্ষ্ট্ৰমৰ ওপৰত থকা এখন দলং। ই নৰ্মালমক পুৰণি চহৰ গামলা ষ্টেনৰ সৈতে সংযোগ কৰে। ৰজা গুস্তাভ ভাছা (১৪৯৬–১৫৬০)ৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে, হয়তো হাউচ অৱ নাইটছৰ সন্মুখত ৰজাৰ মূৰ্তিটোৰ ওচৰত থকাৰ বাবে।
-
ভাছিলকিভ
ভাছিলকিভ(Vasilkov) ইউক্ৰেইনৰ মধ্যভাগত অৱস্থিত কিয়িভ অব্লাষ্টৰ অবুখিভ ৰায়নৰ ষ্টুহনা নদীৰ পাৰত থকা এখন চহৰ। ই ভাছিলকিভ নগৰ হ্ৰমাদাৰ প্ৰশাসনিক কেন্দ্ৰ। চহৰখনৰ প্ৰথম উল্লেখ দশম শতিকাত পোৱা যায়। ১৭৯৬ চনত ভাছিলকিভে চহৰৰ মৰ্যাদা লাভ কৰে। ভাছিলকিভত ভাছিলকিভ বিমানঘাটি অৱস্থিত।
-
ভাৰতত চিকিৎসা পৰ্যটন
ভাৰতৰ চিকিৎসা পৰ্যটন ভাৰতৰ চিকিৎসা পৰ্যটন দেশৰ অৰ্থনীতিৰ ভিতৰতে এক ক্ৰমবৰ্ধমান খণ্ড। ২০২২ চনত ভাৰতৰ চিকিৎসা পৰ্যটন খণ্ডৰ মূল্য ৯ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল।
-
ভাৰতৰ আধিপত্য
ডমিনিয়ন অৱ ইণ্ডিয়া, বিধিগত নাম ভাৰতীয় সংঘ,[7] ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ভিতৰত বিদ্যমান ব্ৰিটিছ কমনৱেলথ অৱ নেচনছৰ এক স্বতন্ত্ৰ ডমিনিয়ন।[8] স্বাধীনতা লাভৰ আগলৈকে ভাৰতত যুক্তৰাজ্যই অনানুষ্ঠানিক সাম্ৰাজ্য হিচাপে শাসন কৰিছিল।
-
ভাৰতৰ শক্তি খণ্ড
ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম বিদ্যুৎ উৎপাদনকাৰী দেশ। ২০২৩–২৪ চনৰ বিত্তীয় বৰ্ষত (বিত্তীয় বছৰ) দেশত মুঠ বিদ্যুৎ উৎপাদন আছিল ১,৯৪৯ টেৰাৱাট ঘণ্টা৷ ইয়াৰে ১,৭৩৪ টেৰাৱাট ঘণ্টা ইউটিলিটিৰ দ্বাৰা উৎপাদন কৰা হৈছিল।
-
ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল
বিদেশী (সংৰক্ষিত অঞ্চল) আইন, ১৯৫৮ত উল্লেখ কৰা হৈছে যে, ভাৰতৰ কিছুমান অঞ্চল (মূলতঃ উত্তৰ-পূব ভাৰতৰ) ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (PAP)ৰ প্ৰয়োজন। এই অনুমতি পত্ৰ লাভ কৰিবলৈ হ’লে কিছুমান বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।
-
ভাৰতৰ হ্ৰদসমূহৰ তালিকা
ভাৰতৰ হ্ৰদসমূহৰ তালিকা হৈছে ভাৰতৰ উল্লেখনীয় হ্ৰদসমূহৰ নামৰ এখন তালিকা। ]]
-
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা
ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
-
ভিক্টোৰিয়া হ্ৰদ
ভিক্টোৰিয়া হ্ৰদ (Nam Lolwe in Luo; "Nalubaale" in Luganda; Nyanza in Kinyarwanda and some Bantu languages) আফ্ৰিকাৰ বৃহৎ হ্ৰদসমূহ (African Great Lakes) ৰ ভিতৰত এক উল্লেখযোগ্য হ্ৰদ৷ এই হ্ৰদৰ বিষয়ে তথ্য সংগ্ৰহ কৰা প্ৰথম ইংৰাজ পৰিব্ৰাজক জ’ন হেনিং স্পেক ( John Hanning Speke) -এ ৰাণী ভিক্টোৰিয়াৰ…
-
ভিটিলা
ভিটিলা (ইংৰাজী: Vyttila) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল। ই দক্ষিণ কোচিৰ এক প্ৰধান কেন্দ্ৰবিন্দু। ইয়াৰ ভিটিলা জংচন কেৰালাৰ আটাইতকৈ ব্যস্ত আৰু সৰ্ববৃহৎ পথ সংযোগস্থল। এই জংচনটোৱে কেৰালাৰ প্ৰধান উত্তৰ-দক্ষিণ ধমনী স্বৰূপ কোচি বাইপাছক চহৰখনৰ আন তিনখন প্ৰধান পথ— এছ. এ.
-
ভূটানৰ পৰ্যটন
ভূটানৰ পৰ্যটন ( Tourism in Bhutan)ক্ষেত্ৰ আৰম্ভ হৈছিল ১৯৭৪ চনত, যেতিয়া ভূটান চৰকাৰে ৰাজহ সংগ্ৰহ আৰু ভূটানৰ অনন্য সংস্কৃতি আৰু পৰম্পৰাক বহিৰ্জগতৰ আগত প্ৰচাৰৰ উদ্দেশ্যে তেতিয়ালৈকে বহিৰ্বিশ্বৰ সৈতে বিচ্ছিন্ন দেশখন বিদেশীৰ বাবে মুকলি কৰি দিছিল। ১৯৭৪ চনত মুঠ ২৮৭ জন পৰ্যটকে ভূটান ৰাজ্য ভ্ৰমণ কৰিছিল।
-
ভূতনী দ্বীপ
ভূতনী দ্বীপ ভাৰতৰ পশ্চিম বংগৰ মালদা জিলাৰ এটা দ্বীপ। এই দ্বীপটো মাণিকচাক সম্প্ৰদায় উন্নয়ন খণ্ডৰ অংশ আৰু ইয়াৰ চাৰিওফালে গংগা নদী আৰু ফুলহাৰ নদীয়ে আগুৰি আছে।
-
ভৱানী জামাক্কালাম
ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য। এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।
-
ভৱানী নদী
ভৱানী নদী (Bhavani river) ভাৰতৰ এখন গুৰুত্বপূৰ্ণ নদী, যি কেৰালা আৰু তামিলনাডু ৰাজ্যৰ মাজেৰে বৈ গৈছে। ইয়াৰ উৎপত্তি তামিলনাডুৰ পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি অঞ্চলত। নদীখন প্ৰথমে পশ্চিম দিশে বৈ কিছু দূৰ কেৰালাত প্ৰৱেশ কৰে আৰু তাৰ পিছত দিশ সলাই পূবফালে বৈ পুনৰ তামিলনাডুলৈ ঘূৰি আহে।
-
মগহৰ
মগহৰ এখন ঐতিহাসিক নগৰ। ই ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ সন্ত কবীৰ নগৰ জিলাৰ মগহৰ নগৰ পালিকাৰ অন্তৰ্গত। ইয়াৰ ইতিহাস সন্ত কবীৰ চাহাবৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে।
-
মণিপুৰী আই গোসাঁনী থান
মণিপুৰী আই গোসাঁনী থানখন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত (ঘিলামৰা অঞ্চলৰ সমীপত) অৱস্থিত।
-
মণিমালা নদী
মণিমালা নদী বা মণিমালায়াৰ হৈছে দক্ষিণ কেৰালাৰ মাজেৰে বৈ যোৱা এখন ৯২ কিলোমিটাৰ দীঘল নদী। উপগ্ৰহীয় মানচিত্ৰ জনপ্ৰিয় হোৱাৰ পূৰ্বে এই নদীখনক ভুলবশতঃ পাম্বা নদীৰ উপনৈ বুলি গণ্য কৰা হৈছিল।
-
মল্লপল্লী
মল্লপল্লী:Mallappally কেৰেলাৰ পাঠানমথিত্তা জিলাৰ মল্লপল্লী তালুকৰ মল্লপল্লী গ্ৰাম পঞ্চায়তৰ এখন লোকপিয়ল গাঁও। এই গাঁও খন তিৰুভাল্লা ৰাজহ সংমণ্ডল আৰু তিৰুভাল্লা বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰ নিকটতম ৰেল ষ্টেচন থিৰুভাল্লা আৰু ই মল্লপল্লীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত।
-
মহীশূৰ চন্দন তেল
মহীশূৰ চন্দন তেল ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ জিলাৰ চান্টালুম এলবাম জাতৰ চন্দন কাঠৰ পৰা আহৰণ কৰা ট্ৰেডমাৰ্কযুক্ত সুগন্ধি তেল।