পুকোড হ্ৰদ: Pookode Lake দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ ৱায়ানাড় জিলাত অৱস্থিত এক মনোৰম প্ৰাকৃতিক মিঠাপানীৰ হ্ৰদ। ই জিলাখনৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী। চিৰসেউজ অৰণ্য আৰু পাহাৰৰ ঢালৰ মাজত অৱস্থিত এই প্ৰাকৃতিক হ্ৰদটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭৭০ মিটাৰ উচ্চতাত অৱস্থিত। ই কালপেট্টা চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। পুকোড হ্ৰদ কেৰালাৰ আটাইতকৈ সৰু আৰু সৰ্বোচ্চ উচ্চতাৰ মিঠা পানীৰ হ্ৰদ।
উৎপত্তি
এই পুকোড হ্ৰদৰ পৰা পানামাৰাম নামৰ এখন সৰু নদীৰ উৎপত্তি হৈ কিছুদূৰ বৈ গৈছে আৰু পিছলৈ গৈ কাবিনী নামৰ নদী খনৰ সৃষ্টি হৈছে।১ হ্ৰদখনৰ মুঠ আয়তন প্ৰায় ৮.৫ হেক্টৰ, আৰু ইয়াৰ সৰ্বাধিক গভীৰতা ৬.৫ মিটাৰ। ২ভিথিৰি নামৰ চহৰ খনৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দক্ষিণে অৱস্থিত এই হ্ৰদটো ৱায়ানাড় জিলাৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী।
বৈশিষ্ট্য
আকাশৰ পৰা দৃষ্টি নিক্ষেপ কৰিলে পুকোড হ্ৰদখনৰ আকৃতি ভাৰতৰ মানচিত্ৰৰ দৰে দেখা যায়। এই হ্ৰদখন হাবি বননিৰে আবৃত পাহাৰৰ মাজত অৱস্থিত আৰু ই বহুবৰ্ষব্যাপি এটা মিঠাপানীৰ হ্ৰদ হিচাপে পৰিগনিত হৈ আহিছে। এই পুকোড হ্ৰদখনেই কেৰালাত অৱস্থিত একমাত্ৰ মিঠাপানীৰ হ্ৰদ বুলি জনা যায়। পেথিয়া পুকোডেনচিছ নামৰ কাৰ্পজাতীয় মাছৰ এক বিশেষ প্ৰজাতি কেৱল এই পুকোড হ্ৰদতেই পোৱা যায় বুলি জনা যায়। হ্ৰদখনত নীলা পদুম ফুল আৰু বিভিন্ন প্ৰজাতিৰ মিঠাপানীৰ মাছ প্ৰচুৰ পৰিমানে দেখা যায়। ইয়াত নাওবিহাৰৰ সুবিধাও উপলব্ধ। হ্ৰদখনক আগুৰি থকা অৰণ্য খনত বহুতো বনৰীয়া জীৱ-জন্তু, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু পখিলা বাস কৰে। হ্ৰদখনৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ নীলা পদুম ফুলবোৰ ফুলি থকা দেখা যায়। হ্ৰদখনৰ প্ৰৱেশদ্বাৰত এখন হস্তশিল্পৰ দোকান আছে, য’ত হাতেৰে তৈয়াৰী চাবোন, আয়ুৰ্বেদিক ঔষধি সামগ্ৰী, বিভিন্ন হস্তশিল্পৰ বস্তু আদি ক্ৰয় কৰিব পাৰি।
প্ৰশাসন
পুকোড হ্ৰদ দক্ষিণ ৱায়ানাড় বন সংমণ্ডলৰ অধীনত অৱস্থিত আৰু ইয়াৰ পৰিচালনা জিলা পৰ্যটন প্ৰচাৰ পৰিষদৰ দ্বাৰা হয়। ইয়াৰ উল্লেখযোগ্য পৰ্যটন আকৰ্ষণসমূহৰ ভিতৰত আছে— নাওবিহাৰৰ সুবিধা, শিশুসকলৰ বাবে উদ্যান, হস্তশিল্প আৰু মছলাজাত সামগ্ৰীৰ বিপণি, আৰু মিঠাপানীৰ মাছৰ একুৰিয়ম।৩
তথ্যসূত্ৰ
- ↑ Waynad: Rivers. Waynad District website. Collectorate, Wayanad, Kerala State
- ↑ Lakes and Islands
- ↑ Waynad Gallery. Waynad District website. Collectorate, Wayanad, Kerala State
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুকোড হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৬২৩৮৭৫ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।