ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পেৰুৱনম পূৰাম
পেৰুৱনম পূৰাম হ'ল দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ অন্যতম জনপ্ৰিয় মন্দিৰ উৎসৱ। থ্ৰিছুৰ জিলাৰ চেৰপুৰ পেৰুভানাম মন্দিৰত অনুষ্ঠিত হয়। ভগৱান শিৱ এই মন্দিৰৰ মুখ্য দেৱতা।
-
পেৰেয়াস্লাভ
পেৰেয়াস্লাভ (ইংৰাজী: Pereiaslav) হৈছে মধ্য ইউক্ৰেইনৰ কিভ ওব্লাষ্টৰ অন্তৰ্গত বৰিস্পিল ৰায়ত থকা এখন ঐতিহাসিক চহৰ। ই ৰাজধানী কিইভৰপৰা প্ৰায় 95 কি.মি. দক্ষিণ-পূবত, আল্টা আৰু ত্ৰুবিজ নদীৰ সংগমস্থলৰ ওচৰত অৱস্থিত।
-
পোচাম্পালি ইকাট
পোচাম্পাল্লী শাৰী অথবা পোচাম্পল্লী ইকাট ভাৰতৰ তেলেংগানা ৰাজ্যৰ যাদদ্ৰী ভুৱনাগিৰি জিলাৰ ভূডান পোচাম্পল্লীত নিৰ্মিত এখন শাৰী। "পাগদু বন্ধু" (ইকাত) শৈলীৰ ৰং কৰা এই শাৰীবোৰত পৰম্পৰাগত জ্যামিতিক আৰ্হি আছে। জটিল জ্যামিতিক ডিজাইনে শাৰী আৰু ড্ৰেছ মেটেৰিয়েলত স্থান বিচাৰি পায়।
-
পৰ্বতীয়া মিৰি
পৰ্বতীয়া মিৰি উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এটা খিলঞ্জীয়া জনজাতি। আপাৰ সুবনশিৰি, কামলে, আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত বিয়পি আছে। তেওঁলোকে তিব্বত-বাৰ্মী ভাষা কয় যদিও তেওঁলোকৰ ভাষাৰ উৎপত্তিৰ বিষয়টো বিতৰ্কিত।
-
ফুজিয়ান তুলৌ
ফুজিয়ান তুলৌ (福建土楼; 福建土樓; পিনয়িন: Fújiàn tǔlóu) হৈছে চীনৰ ফুজিয়ান প্ৰদেশৰ দক্ষিণ-পূব অংশৰ পাৰ্বত্য অঞ্চলত পোৱা বৃহৎ পৰম্পৰাগত মাটিৰ বাসগৃহ। এইবোৰ বিশেষকৈ হাক্কা জনগোষ্ঠীৰ সৈতে জড়িত যদিও ফুজিয়ানৰ দক্ষিণাঞ্চলৰ মিননান জনগোষ্ঠীৰ মাজতো বিভিন্ন প্ৰকাৰৰ তুলৌ দেখা যায়।
-
ফেজেণ্ট দ্বীপ
ফেজেণ্ট দ্বীপ (Pheasant Island) হ'ল বিডাছ'য়া নদীত অৱস্থিত এটা জনবসতিহীন দ্বীপ। ই ফ্ৰান্স আৰু স্পেইনৰ সীমান্তৰ মাজত অৱস্থিত আৰু ইয়াৰ শাসন ব্যৱস্থা দুয়োখন দেশৰ মাজত পৰ্যায়ক্ৰমে পৰিৱতিত হয়।
-
বকতা জাপিসজীয়া
বকতা জাপিসজীয়া গাঁও (Bokata Japihajia Village) হৈছে অসমৰ এখন গাঁও। গাঁওখন শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাঁও। গাঁওখন শিৱসাগৰ মহকুমাৰ অন্তৰ্গত। গাঁওখন নেমুগুৰি থানা, ডাকঘৰ হলগুৰি (চেপন) অধীনত অৱস্থিত। গাঁওখনৰ সীমা দুটা জানেৰে নিৰূপিত কৰিছে বালিজান আৰু বিনুৱাজান।
-
বঙ্কোৱাল
বংকোৱাল হৈছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ উত্তৰত অৱস্থিত এটা অঞ্চল। বোকাখাত ৰাজহচক্ৰৰ অধীনৰ মহুৰা মৌজাৰ বানে গৰকা এটা অঞ্চল বংকোৱাল। মিচিং সকলৰ তামাৰ গোষ্ঠীৰ লোকসকল এই অঞ্চলটোত বাস কৰে। এই লোক সকলক অসমীয়াভাষী মিচিং বুলিও কোৱা শুনা যায়।
-
বদক্কেচিৰা
বদক্কেচিৰা (Vadakkechira) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিছূৰ চহৰৰ চাৰিটা আটাইতকৈ পুৰণি পুখুৰীৰ অন্যতম। এই পুখুৰী ১৭৫১–১৮০৫ চনৰ ভিতৰত কোচিনৰ মহাৰজা শক্তন তম্পুৰাণে নিৰ্মাণ কৰিছিল। ই ত্ৰিছূৰৰ অন্যতম জনপ্ৰিয় ঐতিহাসিক নিদৰ্শন। পুখুৰীটো কোচিন দেৱস্বম ব’ৰ্ডৰ মালিকানাধীন।
-
বল্লৰপাড়ম
বল্লৰপাড়ম ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা দ্বীপ। এই দ্বীপটো ভেম্বনাদ হ্ৰদত অৱস্থিত। স্থানীয়ভাৱে ইয়াক কোচি হ্ৰদ বুলি কোৱা হয়। দ্বীপটোত ১০,০০০ তকৈও অধিক লোক থাকে। কোচি বন্দৰক কেন্দ্ৰ কৰি দুটা ঘাই দ্বীপ আছে। তাৰ ভিতৰত বল্লৰপাড়ম অন্যতম দ্বীপ। আনটো দ্বীপ হৈছে উইলিংডন দ্বীপ।
-
বস্তৰৰ কাঠৰ শিল্প
বস্তৰৰ কাঠৰ শিল্প হ’ল ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ বস্তৰ জিলাত উৎপাদিত এক পৰম্পৰাগত ভাৰতীয় কাঠৰ শিল্প। এই কাঠৰ কাৰুকাৰ্য 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশসমূহৰ ওপৰত চুক্তি'ৰ (TRIPS) অধীনত ভৌগোলিক স্বীকৃতি (GI) হিচাপে সুৰক্ষিত কৰা হৈছে।
-
বাঁকুৰাৰ ঘোঁৰা
বাঁকুৰাৰ ঘোঁৰা ( Bankura horse ) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বাঁকুৰা জিলাৰ পাঁচমুৰা গাঁৱত উৎপাদিত এবিধ পোৰামাটিৰ ঘোঁৰা। “ইয়াৰ মাৰ্জিত ভংগী আৰু মৌলিক মূল্যবোধৰ অনন্য বিমূৰ্ততাৰ বাবে” ইয়াক প্ৰশংসা কৰা হৈছে।
-
বাংলাদেশত যৌনতা
বাংলাদেশত যৌনতা মূলতঃ ধৰ্ম আৰু সংস্কৃতিৰদ্বাৰা প্ৰভাবিত। বাংলাদেশৰ সংস্কৃতি প্ৰধানকৈ ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক। যৌন শিক্ষা, ৰোমাণ্টিক সম্পৰ্ক আৰু যৌন আচৰণকে ধৰি কেইবাটাও বিষয়ক নিষিদ্ধ বুলি গণ্য কৰা হয়।
-
বাংলাদেশত সুৰা
বাংলাদেশত সুৰা ব্যৱহাৰ চৰকাৰীভাৱে নিয়ন্ত্ৰিত আৰু সীমিত। বিশ্ব ব্যাংকে ২০১৫ চনত প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি বাংলাদেশত বিশ্বৰ সৰ্বনিম্ন সুৰা বিক্ৰী হয়।
-
বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ
বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ বাংলাদেশী পৰম্পৰা আৰু আদৰ্শক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীকৰে গঠিত যিয়ে সাংস্কৃতিক জীৱন আৰু ইতিহাসৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে। বাংলাদেশত কেইবাটাও চৰকাৰী জাতীয় প্ৰতীক আছে, য’ত আছে এখন ঐতিহাসিক নথি, এখন পতাকা, এটা প্ৰতীক, এটা গীত, স্মৃতিসৌধ, লগতে কেইবাজনো জাতীয় নায়ক।
-
বাগৰু প্ৰিণ্ট
বাগৰু প্ৰিণ্ট হ’ল ভাৰতৰ ৰাজস্থানৰ জয়পুৰৰ সমীপৱৰ্তী বাগৰু চহৰৰ পৰা উৎপত্তি হোৱা হস্তনিৰ্মিত ব্লক প্ৰিণ্টিঙৰ এক পৰম্পৰাগত ৰূপ। এই শিল্পটো ৰং কৰা আৰু ব্লক প্ৰিণ্টিং কৰাত পাকৈত হিচাপে পৰিচিত চিপ্পা সম্প্ৰদায়ৰ দ্বাৰা চৰ্চা কৰা হয়।
-
বাঘ প্ৰিণ্ট
বাঘ প্ৰিণ্ট (Bagh print) হ'ল মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ বাগত উদ্ভৱ হোৱা এক পৰম্পৰাগত ভাৰতীয় হস্তশিল্প। এই প্ৰক্ৰিয়াত প্ৰাকৃতিকভাৱে আহৰণ কৰা ৰং আৰু ৰঙৰ সৈতে হাতেৰে ছপা কাঠৰ ব্লক ৰিলিফ প্ৰিণ্ট কৰা হয়।
-
বাঘজান
বাঘজান বা বাঘজান গাঁও অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন তিনিচুকীয়া জিলাৰ উজনি অসমৰ তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন অঞ্চলৰ এটা অংশ। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি বাঘজান গাঁৱৰ মুঠ জনসংখ্যা আছিল ৪,৪৮৮ জন। ইয়াৰে ২,২৪৪ জন পুৰুষ আৰু ২,২৪৪ গৰাকী মহিলা।
-
বাটুৰিন
বাটুৰিন (Baturyn) উত্তৰ ইউক্ৰেইনৰ চেৰ্নিহিভ অ’ব্লাষ্টৰ এখন ঐতিহাসিক চহৰ। ই নিজিন ৰাইঅ’নত ছেইম নদীৰ পাৰত অৱস্থিত। বাটুৰিন নগৰ হ্ৰমাডাৰ প্ৰশাসনিক কেন্দ্ৰও ইয়াত অৱস্থিত। বাটুৰিন চহৰখন বিশেষভাৱে কছাক হেটমেনেটৰ ৰাজধানী হিচাপে পৰিচিত। ১৬৯৯–১৭০৮ আৰু পুনৰ ১৭৫০–১৭৬৪ চনলৈ বাটুৰিন হেটমেনেটৰ ৰাজধানী আছিল।
-
বাণাসুৰ পাহাৰ
বাণাসুৰ পাহাৰ (Banasura Hill) কেৰালাৰ পদিনজাৰাথাৰাত অৱস্থিত। ই কেৰালাৰ ৱায়নাড় জিলাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা ওখ পৰ্বত। এই পাহাৰটোৰ নাম ভাৰতীয় পৌৰাণিক আখ্যানৰ চৰিত্ৰ বাণাসুৰৰ নামেৰে ৰখা হৈছে। চেম্ব্ৰা শৃংগৰ পিছতে নীলগিৰি আৰু হিমালয়ৰ মাজত অৱস্থিত ২,০০০ মিটাৰতকৈ ওখ শৃংগসমূহৰ ভিতৰত ই অন্যতম।
-
বামনপুৰম নদী
বামনপুৰম নদী (Vamanapuram River) কেৰালাৰ এখন নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৮৮ কিলোমিটাৰ (৫৫ মাইল)। নদীখন দক্ষিণ কেৰালাৰ মাজেৰে বৈ গৈ তিৰুৱনন্তপুৰম জিলাৰ উত্তৰ অংশ অতিক্ৰম কৰে। এই নদীখন তিৰুৱনন্তপুৰম জিলাৰ দীৰ্ঘতম নদী হিচাপেও পৰিচিত। নদীখনক কল্লাৰ, কোল্লামপুঝায়াৰু আৰু আট্টিংগালাৰু নামেৰেও জনা যায়।
-
বালাৰামপুৰম
বলাৰামপুৰম (Balaramapuram) ভাৰতৰ কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম নগৰৰ পঞ্চায়তসমূহৰ ভিতৰত অন্যতম। ই তিৰুৱনন্তপুৰম জিলাৰ আটাইতকৈ নগৰায়িত পঞ্চায়ত হিচাপে পৰিচিত। বলাৰামপুৰম কেৰালাৰ পৰম্পৰাগত বলাৰামপুৰম হেণ্ডলুম বা হাতেৰে বোৱা কাপোৰ উৎপাদনৰ অন্যতম প্ৰধান কেন্দ্ৰ।
-
বালুচড়ী শাড়ী
বালুচড়ী পশ্চিমবংগৰ প্ৰসিদ্ধ শাড়ী, ভাৰতৰ ভৌগোলিক স্বীকৃতি আৰু বয়নশৈলীত জাতীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পকৰ্ম। আঁচলত বিবিধ পৌৰাণিক আৰু অন্যান্য নক্সা-গঁঠা এই শাড়ী আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বালুচড়ী শাড়ী তৈয়াৰ কৰোঁতে প্ৰায় ১ সপ্তাহ বা তাতোকৈ বেছি সময় লাগে।
-
বাৰেকুৰি
বাৰেকুৰি অসমৰ তিনিচুকীয়া জিলাৰ এখন গাঁও। ই তিনিচুকীয়া চহৰৰপৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত অৱস্থিত। বাৰেকুৰি কেইবাখনো সৰু সৰু গাঁও একেলগ হৈ গঠিত এক বৃহৎ গ্ৰাম্য বসতি। বাৰেকুৰি বিশেষকৈ হলৌ বান্দৰৰ সৈতে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া সহাৱস্থানৰ বাবে পৰিচিত।
-
বাৰ্মুদা ত্ৰিভুজ
বাৰ্মুদা ত্ৰিভুজ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল যʼত ৰহস্যজনক পৰিস্থিতিত ভালেসংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক চয়্তানৰ ত্ৰিভুজ বা দৈত্যৰ ত্ৰিভুজ বুলিও জনা যায়।
-
বিশাল বটবৃক্ষ
বিশাল বটবৃক্ষ বা দা গ্ৰেট বেন্যান (The Great Banyan) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ শিৱপুৰৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানত অৱস্থিত আনুমানিক ২৭০ বছৰ পুৰণি বট গছ।
-
বিশ্ব পৰ্যটন মূল্যাংকণ
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO) তেওঁলোকৰ বিশ্ব পৰ্যটন বেৰোমিটাৰ প্ৰকাশনৰ অংশ হিচাপে "বিশ্ব পৰ্যটন মূল্যাংকণ" সম্পাদনা কৰে, ই বছেৰেকত তিনিবাৰ প্ৰকাশ পায়।
-
বিশ্বাস স্বৰূপম
শিৱৰ মূৰ্তি, যাক বিশ্বাসৰ মূৰ্তি বা বিশ্বাস স্বৰূপম বুলি জনা যায়, ভাৰতৰ ৰাজস্থানৰ নাথদ্বাৰাত নিৰ্মিত হিন্দু দেৱতা শিৱৰ এটা প্ৰতিমূৰ্তি। মূৰ্তি-নিৰ্মাতা নৰেশ কুমাৱাটে এই ভাস্কৰ্য নিৰ্মাণ কৰি ২০২২ চনৰ ২৯ অক্টোবৰত মুকলি কৰা এই প্ৰতিমূৰ্তিটো বিশ্বৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তি।
-
বুৰ্খাণ খাল্ডুন
বুৰ্খাণ খাল্ডুন (ছিৰিলিক ভাষাত: Бурхан Халдун) উত্তৰ-পূব মংগোলিয়াৰ খেণ্টাই অঞ্চলৰ এক খেণ্টাই পৰ্বত। পৰ্বতটো জেংঘিছ খানৰ জন্মস্থল বুলি বিশ্বাস কৰা হয় আৰু ইয়াতেই তেখেতৰ সমাধিস্থল অৱস্থিত। এই স্থান আন এক বিখ্যাত বীৰ চাবুটাইৰ জন্মস্থল।
-
বুৰ্জাহোম প্ৰত্নতাত্ত্বিক স্থান
বুৰ্জাহোম প্ৰত্নতাত্ত্বিক স্থান ভাৰতৰ জম্মু-কাশ্মীৰৰ কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ জিলাত অৱস্থিত। ইয়াত ঘেঁহুৰ প্ৰমাণ পোৱা গৈছিল। প্ৰত্নতাত্ত্বিক খননত খ্ৰীষ্টপূৰ্ব ৩০০০ আৰু খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ ভিতৰত সাংস্কৃতিক তাৎপৰ্য্যৰ চাৰিটা পৰ্যায় পোৱা গৈছে।