অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ

পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বসবাস কৰা পথাৰ শ্যামগাঁৱত অৱস্থিত এক বৌদ্ধ বিহাৰ। গাঁওখনৰ উপাসক-উপাসিকাসকলে ধৰ্মচৰ্চাৰ নিমিত্তে প্ৰতিষ্ঠা কৰা বৌদ্ধ বিহাৰ তিতাবৰ অঞ্চলৰ সৰ্বপ্ৰাচীন বৌদ্ধ ধৰ্মস্থান।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২২ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বসবাস কৰা পথাৰ শ্যামগাঁৱত অৱস্থিত এক বৌদ্ধ বিহাৰ। গাঁওখনৰ উপাসক-উপাসিকাসকলে ধৰ্মচৰ্চাৰ নিমিত্তে প্ৰতিষ্ঠা কৰা বৌদ্ধ বিহাৰ তিতাবৰ অঞ্চলৰ সৰ্বপ্ৰাচীন বৌদ্ধ ধৰ্মস্থান।

ইতিহাস

এই বৌদ্ধ বিহাৰ পোনপ্ৰথমে যোৰহাটত অৱস্থিত আছিল পৰৱৰ্তী সময়তহে তিতাবৰৰ পথাৰ শ্যামগাৱঁত প্ৰতিষ্ঠা কৰা হয়। এই বৌদ্ধ ধৰ্মস্থান থেৰাবাদী বৌদ্ধ ধৰ্মপন্থীয়। পথাৰ শ্যামগাঁৱৰ এই বৌদ্ধবিহাৰ ১৮১৫ শকত স্থাপিত। তেতিয়াৰে পৰা এই স্থানত থেৰাবাদী বৌদ্ধ ধৰ্ম প্ৰৱাহিত হৈ আহিছে। ২০১১ চনৰ জৰীপমতে এই বৌদ্ধ ধৰ্মস্থানৰ প্ৰতি স্থানীয় পথাৰ শ্যামগাঁৱৰ সৰ্বমুঠ ৬৩টা পৰিয়াল অনুৰক্ত হৈ আছে। বিহাৰখন পৰিচালনা কৰে বৌদ্ধ ভিক্ষুসকলে। বৰ্তমান এই বিহাৰৰ অধ‍্যক্ষ হৈছে ফুছ' ভিক্ষু। ভিক্ষুসকলেই উপাসকসকলক ধৰ্মকথা শুনায় অৰ্থাৎ তেওঁলোকৰ মাজত ধৰ্মচৰ্চা কৰে।

ঐতিহাসিক গুৰুত্ব

পথাৰ শ্যামগাঁৱৰ এই বৌদ্ধবিহাৰৰ এটি উল্লেখযোগ‍্য দিশ হৈছে― এই ধৰ্মস্থান প্ৰত্নতাত্ত্বিক স্থানৰূপে চিহ্নিত। 'প্ৰাচীন কীৰ্তিচিহ্ন আৰু অভিলেখ আইন ১৯৫৯'ৰ অধীনত এই ঐতিহাসিক অঞ্চলক ৰাজ‍্য চৰকাৰৰ সংৰক্ষিত প্ৰত্নতাত্ত্বিক স্থান ৰূপে চিহ্নিত কৰা হয়। সেয়েহে এই বৌদ্ধ বিহাৰৰ এক ঐতিহাসিক গুৰুত্ব আছে।

সামৰণি

যিহেতু এই ধৰ্মস্থানৰ এক ঐতিহাসিক গুৰুত্ব আছে। সেই হিচাপে এই স্থান পৰিদৰ্শনৰ বাবে অসমৰ বিভিন্ন ঠাইৰ পৰা জনসমাগম ঘটে। লগতে বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলৰ সাংস্কৃতিক পৰম্পৰা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এই স্থানৰ উল্লেখযোগ‍্য গুৰুত্ব আছে।

তথ‍্যদাতা

১) চালিন্দা ভিক্ষু।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ” প্ৰবন্ধৰ সংশোধন ৩১৩৮৯২ (১৩ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।